Saturday, April 18, 2026
0 Shares

ধিয়ক কাউৰী

এখন হাবিত থকা প্রকাণ্ড গছ এজোপাত এহাল কাউৰীয়ে বৰ সুখে-শান্তিৰে বাস কৰিছিল। সেই গছজোপাতে ক'ৰবাৰ পৰা এডাল ফেঁটী সাপ আহি বাস কৰিবলৈ ল’লে। সেইদিন ধৰি কাউৰীহালৰ সুখ নিদ্রা হৰণ হ'ল। বিষাক্ত ফেঁটীসাপটোই কাউৰীহালৰ পােৱালিবােৰ ডাঙৰ হ’ব নিদিয়ে। এই বিপদৰ পৰা পৰিত্ৰাণ পাবলৈ কাউৰীজনীয়ে তাইৰ মতাটোক সেই গছজোপা এৰি যাবলৈ পৰামৰ্শ আগবঢ়ালে। মতা কাউৰীটোৱে কিন্তু সেই পৰামৰ্শ মানি নল'লে। তাৰ পৰিৱৰ্তে মতা কাউৰীটোৱে এটা কৌশল ৰচনাৰ কথাহে মাইকীজনীক ক'লে। মতা কাউৰীটোৰ মতে স্থান হেৰালে মান হেৰাই। গতিকে নিজৰ ঠাইতে থাকি দুষ্টক এসেকা দিয়াৰ পৰিকল্পনাহে কৰিলে। এদিন হঠাৎ তাৰ বন্ধু শিয়ালক লগ পাই কিদৰে দুষ্ট ফেঁটীসাপ ডালক বধ কৰিব পাৰি তাৰ উপায় বিচাৰিলে। শিয়ালে বন্ধুৰ বিপদৰ কথা জানিব পাৰি এই বুলি উপদেশ দিলে যে যদি সি কোনাে ধনী ব্যক্তি নাইবা সদাগৰ বা ৰজাৰ ঘৰৰ কোনাে মূল্যবান বস্তু আনি কৌশলেৰে সাপৰ খােৰােঙত পেলাব পাৰে, তেতিয়া সাপৰ মৰণ নিশ্চিত। শিয়ালৰ উপদেশ মর্মে কাউৰীয়ে উৰি গৈ ৰজাৰ ৰাজ পুখুৰীৰ ঘাট পালেগৈ। সেই পুখুৰীৰ পাৰত ৰাণীয়ে সকলাে অলংকাৰ সােলােকাই স্নান কৰাত ব্যস্ত হৈ আছিল। কাউৰীয়ে সেই সুযােগতে পুখুৰীৰ পাৰৰ পৰা ৰাণীৰ আটাইতকৈ মূল্যবান অলংকাৰবিধ ঠোটত উঠাই ল’লে। কাষত ৰখি থকা ৰাণীৰ ৰক্ষীসকলৰ মাজত হুৱা-দুৱা লাগিল। সিহঁতেও কাউৰীটোৰ পিছে পিছে অনুসৰণ কৰিবলৈ ধৰিলে। এটা সময়ত কাউৰীটোই সেই অলংকাৰবিধ সাপৰ খােৰােঙৰ ভিতৰত ভৰাই দিলে। সাপৰ খােৰােঙত থকা অলংকাৰ বিধ আনিবলৈ ৰখিয়াহঁতে সাপডাল মাৰিব লগা হ'ল। অৱশেষত দুষ্ট সাপডালৰ মৰণ মিলিল আৰু কাউৰীহালৰ আগৰ দৰে সুখ-সন্তোষ বাঢ়িল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment