Saturday, April 18, 2026
0 Shares

নিগনিৰ জীয়েকৰ বিয়া

বহুত বছৰ আগৰ ঘটনা। গংগা নদীৰ পাৰৰ আশ্ৰম এখনত এজন ঋষিয়ে তেওঁৰ গুণী-জ্ঞানী শিষ্য সমন্বিতে বাস কৰিছিল। ঋষিজনে নিতৌ গংগাত স্নান কৰিবলৈ যায়। এদিন এনেকৈ স্নান কৰিবলৈ যাওঁতে চিলনী এটাই ওপৰৰ পৰা এৰি দিয়া নিগনিজনীক তুলি বৰ আলফুলকৈ আশ্ৰমলৈ লৈ আহিল। আশ্ৰমত ঋষিয়ে সেই নিগনিজনীক তপস্যাৰ বলত এজনী কেঁচুৱা ছােৱালীলৈ ৰূপান্তৰ কৰিলে। ইয়াৰ পিছত ঋষিয়ে তেওঁৰ পত্নীক ক'লে যে সেই ছােৱালীজনী সাধাৰণ ছােৱালী নহয়, তাই ভগৱানৰ দান। আমাৰ কোনাে সন্তান নথকা বাবে ভগৱানে আমাক এইদান দিছে। আজিৰ পৰা লালন-পালন কৰি ডাঙৰ-দীঘল কৰাৰ দায়িত্ব আমাৰ। ঋষিৰ পত্নীয়ে পৰম সন্তোষ লাভ কৰিলে আৰু ছােৱালীজনীক নিজৰ সন্তানৰ দৰে ডাঙৰ-দীঘল কৰিলে। এটা সময়ত তাই বিয়াৰ উপযুক্ত হৈ উঠিল। ঋষিয়ে তাইৰ বিয়াৰ বাবে যাে-জা আৰম্ভ কৰিলে। ঋষিয়ে ভাবিলে সুন্দৰী কন্যাজনীক যাৰে-তাৰে হাতত অৰ্পণ কৰিব নােৱাৰি। ইয়াকে ভাবি তেওঁ উপযুক্ত পাত্ৰৰ সন্ধান কৰিলে। ঋষিয়ে সূর্যদেৱতাক উপযুক্ত যেন ভাবি ছােৱালীজনীৰ মতামত বিচাৰিলে। ছােৱালীয়ে ক'লে যে তেওঁ প্ৰখৰ তাপৰ অধিকাৰী। গতিকে তেওঁক স্বামী কৰিব নােৱাৰি। তেওঁতকৈ উৎকৃষ্ট এজনকহে তাই বিচাৰে। ঋষিয়ে তেতিয়া সূর্যক সুধিলে যে তেওঁতকৈ উৎকৃষ্ট কোন হ'ব পাৰে? সূর্যদেৱতাই ক’লে মেঘ দেৱতাই তেওঁতকৈ উৎকৃষ্ট। কাৰণ মেঘে ঢাকি ধৰিলে সূর্য প্রকাশ নহয়। ছােৱালীজনীয়ে মেঘক ক’লা আৰু নিৰ্জীৱ বুলি নাকচ কৰিলে। তাই মেঘতকৈও উৎকৃষ্ট এজন বিচাৰিবলৈ ক'লে। সেইবাৰ ঋষিয়ে মেঘ দেৱতাক তেওঁতকৈ উৎকৃষ্ট কোন হ’ব পাৰে সুধিলে, মেঘে ক'লে যে তেওঁতকৈ উৎকৃষ্ট বায়ু দেৱতা। মেঘৰ কথা শুনি ঋষিয়ে জীয়েকক বায়ু দেৱতাৰ কথা ক'লে। জীয়েকে বায়ু দেৱতাক চঞ্চল বুলি নাকচ কৰিলে। বায়ুৰ পিছত ঋষিয়ে জীয়েকক পর্বত ৰজাৰ কথা ক'লে। জীয়েকে কলে যে পর্বত অতি কঠিন আৰু নিষ্ঠুৰ। গতিকে তেওঁৰ লগত বিয়াত বহিব নােৱাৰি। পর্বতক নাকচ কৰাৰ পিছত ঋষিয়ে পর্বতকে সুধিলে যে তেওঁতকৈ উৎকৃষ্ট কোন থাকিব পাৰে। পর্বতে ক’লে, পর্বত নিষ্ঠুৰ, কর্কশ যদিও সেই পর্বতক এটা সামান্য নিগনিয়ে বখলা বখলি কৰে। গতিকে নিগনিয়ে শ্রেষ্ঠ। তাৰ লগত জীয়েকক বিয়া দিব পাৰে। পৰ্বতৰ কথা শুনি ঋষিয়ে কথাটো জীয়েকক শুনালে। ছােৱালীজনীয়ে নিগনিক নিজৰ ফালৰ বুলি সহজে পত্নী হ’বলৈ মান্তি হ’ল। তাই খুব নম্র ভাষাত ঋষিক ক'লে– অনুগ্ৰহ কৰি আপুনি মােক নিগনিৰ লগতে বিয়া দিয়ক। কাৰণ মই স্বজাতিৰ লগতহে সুখে-সন্তোষে জীৱন পাৰ কৰিব পাৰিম।” ঋষিয়ে জীয়েকক পুনৰ আগৰ অৱস্থালৈ নি নিগনি এটাৰ সৈতে বিয়া দি উলিয়াই দিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment