Saturday, April 18, 2026
0 Shares

প্ৰৱঞ্চক শিয়ালৰ কাহিনী

নগৰৰ সমীপৰ এখন হাবিত চণ্ডৰব নামৰ এটা ধূর্ত শিয়াল বাস কৰিছিল। সন্ধিয়া হলেই সি নগৰত ত্ৰাসৰ সৃষ্টি কৰিছিল। লােকৰ ঘৰৰ হাঁহ-কুকুৰাবােৰ ভক্ষণ কৰি মহা আনন্দৰে বাস কৰিছিল। এদিন নিশাৰ ভাগত ওলাই গৈ সি . এজাক কুকুৰৰ সন্মুখিন হ’ল। কুকুৰৰ ভয়ত সি এঘৰ ধােবাৰ পিছফাল পালেগৈ। তাতেই আছিল এটা নীলা পানীৰ প্ৰকাণ্ড পাত্র। বেচেৰা শিয়ালটোই কুকুৰৰ ভয়ত পলাব ধৰােতে কিবাকৈ গৈ সি নীল গুলি থোৱা পাত্ৰতে পৰিল। তেতিয়া তাৰ গােটেই গাটো নীল বৰণীয়া হৈ পৰিছিল। সি সেইটো অৱস্থাৰে হাবিত প্রৱেশ কৰিলে। এটা নীল বৰণীয়া আগতে নেদেখা জন্তু দেখিবলৈ পােৱাত হাবিৰ অন্য জন্তুবােৰে বিস্ময় প্রকাশ কৰিলে। লগে লগে সিহঁতৰ মাজত কোৱা-কুই লাগিল। ধূর্ত শিয়ালটোই সেইটোকে বিচাৰি আছিল। সি জন্তুবােৰৰ মাজত ঘােষণা কৰিলে যে তাক স্বৰ্গৰ দেৱতাই সিহঁতৰ মাজত ৰজা কৰি পঠিয়াইছে। এতিয়াৰ পৰা সিহঁতে সি যি কয় তাকেই মানিব লাগিব। এতিয়াৰ পৰা আৰু সিহঁতে ভয় খাব নালাগে। শিয়ালৰ কথামতে সেই দিনাৰ পৰা সকলাে জন্তুই তাক ৰজা মানি লৈ তাৰ দিহা-পৰামর্শ মতে চলিবলৈ ললে। বাঘ, সিংহ আদি জন্তুবােৰে চিকাৰ কৰি অনা খাদ্যৰে সি আৰামত বহি বহি খায়। এনেকৈ বহু দিন পাৰ হ’ল। বহুদিন চণ্ডৰবে হােৱা দিবলৈ পােৱা নাছিল। একাংশ শিয়ালে চণ্ডৰবৰ চৰিত্ৰ ওলাই পৰাকে আশা কৰি আছিল। কাৰণ সিহঁতে জানিছিল যে সি আচলতে এটা শিয়ালেই। এদিন সন্ধিয়া সময়ত এজাক শিয়ালে হঠাৎ সেই ঠাই টুকুৰাত হােৱা, হােৱা আৰম্ভ কৰিলে। বহুদিন হােৱা দিবলৈ নােপােৱা চণ্ডৰবে মনটোক বান্ধিব নােৱাৰি সিও হােৱা হােৱা দিবলৈ আৰম্ভ কৰিলে। তাৰ সেই শব্দ শুনি বাকী জন্তুবোৰে তাৰ আচল চৰিত্ৰ বুজিব পাৰিলে আৰু ছলনাকাৰী শিয়ালটোক লগে লগে কামুৰি, আঁচুৰি মাৰি পেলালে। অৱশেষত ৰজাৰূপী নীলবৰণীয়া শিয়ালৰ ছলনা সিমানতে অন্ত পৰিল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment