Saturday, April 18, 2026
0 Shares

পৰিচয়

পঞ্চতন্ত্র সংস্কৃত সাহিত্যৰ সাধুকথাৰ ভঁৰাল হােৱাৰ লগতে এইবােৰ বিভিন্ন নীতি কথাৰ ভাণ্ডাৰ। সেই যুক্তিত এই সাধুকথাবােৰে আজিও পাঠক সমাজৰ অন্তৰ স্পৰ্শ কৰিবলৈ সক্ষমতা অর্জন কৰি আছে। সাধুকথাবােৰৰ এটা অতি আকর্ষণীয় দিশ হ’ল ইয়াৰ ভিতৰত থকা সকলাে পশু-পক্ষী, গছ-লতিকাই মানুহৰ দৰে কথা ক’ব পাৰে।।

‘পঞ্চতন্ত্র’ নামৰ গ্ৰন্থখনৰ সৃষ্টিৰ আঁৰৰ কথা সম্পর্কে কোনাে ঐতিহাসিক তথ্য পাবলৈ নাই যদিও ইয়াৰ প্রণেতা আমি পণ্ডিত বিষ্ণু শর্মা বুলিয়ে জানাে। কথিত আছে, দাক্ষিণাত্যৰ মহিলাৰােপ্য নামৰ ৰাজ্যৰ ৰজা অমৰ শক্তিৰ সময়ৰে তেওঁ এগৰাকী বিদগ্ধ শিক্ষক তথা পণ্ডিত। ৰজা অমৰ শক্তিৰ তিনিগৰাকী মূৰ্খপুত্র ক্রমে— বসুশক্তি, উগ্রশক্তি আৰু অনন্তশক্তিক বিদ্যা বুদ্ধিত পাৰ্গত কৰি তুলিবলৈ এই গৰাকী শিক্ষকে এই সাধুকথাবােৰ সৃষ্টি কৰিছিল। অতি গৌৰৱৰ কথা যে এই গ্রন্থ বিশ্ব সমাদৃত আৰু পৃথিৱীৰ সকলাে ভাষাতে ই অনুবাদিত হৈছে। পঞ্চতন্ত্র মানে পাঁচটা বিষয়ক সন্নিৱিষ্ট এখন গ্রন্থ। এই পাঁচটা বিষয় হল —মিত্রভেদ (বন্ধু বা মিত্র বিচ্ছেদ), মিত্রলাভ (বন্ধুলাভ), কাকোলুকীয় (কাউৰী আৰু ফেঁচাৰ মাজৰ শত্রুতা), লব্ধপ্রণাশ (প্রাপ্য বিনাশ) আৰু অপৰীক্ষিত কাৰিতা (জানি-শুনি নােচোৱাকৈ কাম কৰাৰ পৰিণাম)। সেই কাৰণে উক্ত গ্রন্থক ‘পঞ্চাখ্যান’ বুলিও কোৱা হয়। মূল সাধুৰ লগতে সর্বমুঠ ৭৯ টা সাধু পােৱা যায়।

পঞ্চতন্ত্র সাধুবােৰ গদ্যত ৰচিত যদিও সাধুবােৰ নীতিবাচক শ্লোকৰ দ্বাৰা সমৃদ্ধ। এই সাধুকথাবােৰ জীৱন গঢ়াৰ বাবে অতি উত্তম আহিলা।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment