Saturday, April 18, 2026
0 Shares

বুধিয়ক শহা আৰু সিংহৰ

এখন হাবিত মন্দমতি নামৰ এটা দুষ্ট প্রকৃতিৰ আৰু অতি নিষ্ঠুৰ সিংহ বাস কৰিছিল। উক্ত সিংহটোৰ ত্ৰাসত সেইখন হাবিত জীৱ-জন্তুবােৰৰ দুর্গতিৰ সীমা নােহােৱা হৈছিল। সি যাকে য’তে পায় মাৰি ফুৰিছিল। সিংহটোৰ কু-প্রভাৱত হাবিখনত মহাপ্রলয় আৰম্ভ হােৱা যেন হৈছিল। সাধাৰণ উশাহ এটা লােৱাৰ বাবেও সিহঁতে চিন্তা কৰিব লগা হৈছিল। অৱশেষত হাবিখনৰ সকলো জন্তুই এঠাইত মিলিত হৈ সিদ্ধান্ত লৈছিল যে সিংহটোৱে আৰু আহাৰৰ বাবে জীৱ-জন্তু মাৰি ফুৰিব নালাগে। তাৰ বাবে সি কষ্টও কৰিব নালাগে। সিহঁতে পাল পাতি প্রতিদিনে একোটা জন্তুই তাৰ আহাৰ হ’ব। জন্তুবােৰে এই সকলােবােৰ সিদ্ধান্ত সিংহক জনালে। সিংহই জন্তুবােৰৰ সিদ্ধান্ত মানি ল'লে আৰু আৰামত প্রতিদিনে একোটাকৈ জন্তু নিজৰ আহাৰ ৰূপে গ্রহণ কৰি পৰম আনন্দ আৰু নিজকে হাবিখনৰ শ্ৰেষ্ঠ যেন অনুভৱ কৰিলে। ইয়াৰ পিছত সিংহটোৱে আশা কৰা ধৰণে দিনবােৰ গৈ থাকিল। জীৱ-জন্তুবােৰেও আগতকৈ কিছু মুকলি মুকলি আৰু স্বাধীন অনুভৱ কৰিলে। ইয়াৰ পিছত এদিন এটা শহাৰ পাল পৰিল। ক্ষুদ্র জীৱ হ'লেও শহাটোৱে কৌশল ৰচনাত ব্যস্ত হ’ল। সি হিংসুক সিংহটোক কিদৰে বধ কৰিব পাৰি, তাৰেই চিন্তাত ব্রতি হ’ল। ইয়াৰ ফলত সি মন্দমতিৰ ঘৰ পাওতে বহুত পলম হ’ল। সিফালে সিংহটোই ভােকত আৰু খঙত তাল-আফাল কৰি আছিল। সেই কাৰণে শহটোৱে ওচৰ পাওতে পলম হােৱাৰ কাৰণ সুধি ভীষণ শব্দৰে গৰজি উঠিল। বুধিয়ক শহটোই অতি নম্রভাৱে ক'লে, “মহাৰাজ, ক্ষমা কৰিব আপােনাক উদ্দেশ্য কৰি আহি থকা অৱস্থাত ঠিক আপােনাৰ দৰে অন্য এটা সিংহই মােক বাট আগচি ধৰি খাব বিচাৰিছিল। মই বহুত বুদ্ধি-কৌশল কৰি নিজক ৰক্ষা কৰিব লগা হৈছে। সেই সিংহটোক আপােনাৰ কথা কওতে আপােনাক শক্তিহীন, ভীৰু, কাপুৰুষ বুলি গালি দিছে আৰু আপােনাক শক্তিৰ পৰীক্ষা দিবলৈ আহ্বান জনাইছে আৰু কৈছে, সৰু সৰু জন্তুৰ ওপৰত ৰজা হৈ নিজকে বীৰ বুলি ভাবিব নালাগে। শহাটোৰ কথাখিনিয়ে জ্বলা জুইত ঘি’ ঢালি দিয়াৰ দৰে হ’ল। সি ভীষণ শব্দৰে গৰ্জন কৰি শহটোক সেই সিংহটো দেখুৱাই দিবলৈ আদেশ কৰিলে। বুধিয়ক শহাটোৱে সিংহটোক এটা দ নাদৰ ওচৰলৈ লৈ গ'ল। নাদৰ ভিতৰলৈ দেখুৱাইদি সিংহটোক সি ক’লে- মহাৰাজ, ইয়াৰ ভিতৰতে সেই দুষ্টমতিৰ সিংহটো আছে। মূৰ্খ সিংহটোৱে নাদৰ পানীত তাৰ নিজৰ প্রতিবিম্বটো দেখি সেইটোকে আচল সিংহ বুলি ভাবি তাত জঁপিয়াই পৰিল। নাদৰ দ পানীত পৰি সি চিৰদিনলৈ চকু মুদিলে। ইয়াৰ পিছত হাবিখনলৈ শান্তি ঘূৰি আহিল। সামান্য শহাটোৱে প্রকাণ্ড জন্তু এটাক কৌশলেৰে বধ কৰা ঘটনাই ইয়াকে প্রমাণ কৰিলে যে বলতকৈ বুদ্ধি সদায় শ্রেষ্ঠ।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment