Saturday, April 18, 2026
0 Shares

ভাৰুণ্ড নামৰ চৰাইৰ সাধু

দক্ষিণাত্যৰ ফালৰ এখন সৰােবৰত এজাক ভাৰুণ্ড চৰাই অতি সুখে সন্তোষে বাস কৰিছিল। আচৰিত কথাটো হ’ল এই ভাৰুণ্ড চৰাইবােৰৰ পেট এটা কিন্তু ঠোট যুক্ত মুখ দুখন। দুয়ােখন মুখে খােৱা খাদ্যবােৰ এটা পেটত জমা হয়। তাতেই সমস্যা আছে, ঠোট যুক্ত মুখখন সন্নিৱিষ্ট হৈছে দুটা পৃথক পৃথক মূৰত। গতিকে চৰাইটোৰ দেহ এটা যদিও মূৰ দুটাৰ বাবে চিন্তা আৰু ভাৱনাও বেলেগ বেলেগ। এদিন সেই চৰাইজাকৰ এটা চৰাই ঘূৰি ফুৰােতে এটা অমৃতৰ পাত্র পালে! এখন মুখে অমৃতখিনি খাব ধৰােতে অন্যখন মুখেও একেখিনি অমৃত খাব বিচাৰিলে। তেতিয়া সেইখন মুখে ইখনক অলপাে নিদি অকলে অমৃতখিনি খাই শেষ কৰিলে। বেচেৰা এইখন মুখৰ মনৰ আশা মনতে ৰৈ গ'ল। এই কথাই মুখখনৰ বৰ মনােকষ্ট দিলে। সেই কাৰণে মুখখনে সেইখন মুখলৈ বহুদিন ধৰি চোৱা নাছিল। অন্য এদিনৰ কথা, চৰাইটো উৰি গৈ এজোপা প্রকাণ্ড গছত পৰিল। গছজোপাত অগণন বিহগুটি লাগি আছিল। অমৃত খাব নােপােৱা মুখ খনে সেই গুটি খাব খােজোতে এইখন মুখে বাৰে বাৰে বাধা দিলে আৰু তাৰ পৰা হ'ব পৰা বিপদৰ কথাও কলে। মুখখনে কিন্তু অমৃত খােৱা মুখখনৰ কথা অলপাে নুশুনিলে আৰু অমৃত খাব নােপােৱা খঙত ভালেমান বিহ গুটি গিলি পেলালে। খন্তেক সময়ৰ পিছতে চৰাইটো মৰি থাকিল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment