Saturday, April 18, 2026
0 Shares

সােণৰ মােহৰ দিয়া সাপ

কোনাে এখন গাঁৱত এজন ব্রাহ্মণ আছিল। উক্ত ব্রাহ্মণজনে পূজা-পাতল কৰাৰ লগতে সাধাৰণ খেতি-বাতিও কৰিছিল। এবাৰ তেওঁৰ খেতিখিনি বৰ ভাল নহ'ল। তেওঁৰ সকলাে কষ্ট বিফলে যােৱা বাবে মনত বৰ দুখ পালে। তথাপিও তেওঁ খেতি-বাতি কৰিবলৈ নেৰিলে। এদিন তেওঁ গৰম কালিৰ আবেলি মেৰণিত কোৰ মাৰি থাকোতে এডাল প্রকাণ্ড ফেটী সাপ উই-হাফলুৰ ওচৰত ফণা তুলি থকা দেখিলে। ব্রাহ্মণজনে মনতে ভাবিলে যে এইডাল কোনাে সাধাৰণ ফেটী সাপ নহয়, ই নিশ্চয় আমাৰ বাৰী ৰক্ষকহে। ব্রাহ্মণে এই কথা ভবাৰ পিছত দ্বিতীয় দিনা সাপাডালক গাখীৰ এবাটি দি সেৱা জনাই থৈ আহিল। তৃতীয় দিনাও সেৱা জনাবলৈ গৈ দেখে সাপডালৰ কাষত এটি সােণৰ মােহৰ। এইদৰে সাপডালে গাখীৰৰ সলনি একোটা সােণৰ মােহৰ দিবলৈ ধৰিলে।

এদিন ব্রাহ্মণজনৰ ব্যস্ততা হেতু তেওঁৰ পুতেকজনে দেউতাকৰ দায়িত্ব পালন কৰবলৈ গ’ল। সিও লগত লৈ আহিল দেউতাকৰ দৰে এবাটি গাখীৰ। পুতেকে গাখীৰখিনি সাপডালৰ ফালে আগবঢ়াই দি ভাবিলে, হাঁফলুটোত কিজানি বহুত সােণৰ মুদ্রা আছে। সাপডালক মাৰিলে গােটেইখিনি মুদ্রা একে দিনেই লাভ কৰিব পৰা যাব। ইয়াকে ভাবি সি সাপডালক এডাল টাঙোনেৰে মাৰ শােধাই দিলে। সেই মাৰত সাপডাল নমৰিল। আধা মৰা সাপৰ বৰ খং সাপডালে ওলােটাই ব্রাহ্মণৰ পুতেকক দংশন কৰাত পুতেকজনহে মৰিল। ব্রাহ্মণে ল’ৰাৰ শৱ সৎকাৰ কৰাৰ দুদিন পাছত পুনৰ সাপডালক গাখীৰ দি পূজা কৰিবলৈ আহিল। সেইবাৰ কিন্তু সাপডালে ব্রাহ্মণৰ গাখীৰ গ্ৰহণ নকৰিলে। ইয়াৰ পিছত সাপডালক তাত দেখা নগ'ল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment