Tuesday, March 17, 2026
0 Shares

সিংহৰ বেজাৰ

সিংহৰ বেজাৰ

এখন হাবিত এটা প্রকাণ্ড সিংহ বাস কৰিছিল। সেই সিংহটোৱে এদিন আহাৰ বিচাৰি গােটেই হাবিখন চলাথ কৰিছিল। যিফালে যায় কেবল শূন্য। এনেতে এটা শহাপহু ওচৰতে পাই তাক থাপ মাৰি ধৰি ললে। বেচেৰা শহাপহুটো বনৰাজৰ হাতত বন্দী হৈ ব্রহ্মা-বিষ্ণুক স্মৰণ কৰিলে। সিংহটোৱে এটা সৰু প্রাণী শহটোক খায় দিনটোৰ ভােক পাতলাব খুজিছিল মাত্র ঠিক এনেতে দেখিলে ওচৰেৰে এটা তেজাল হৰিণা মূৰ দুপিয়াই দুপিয়াই পাৰ হৈ যাব ধৰিছে। সিংহই ভাবিলে– “এই সামান্য প্রাণীটো খাই মই কিয় পেট নষ্ট কৰিম? তাতকৈ তেজাল হৰিণাটোৰে মােৰ আজিৰ দিনটোৰ শুভ আৰম্ভণি কৰিম।” ইয়াকে ভাবি সি শহাপহুটো এৰি দিলে আৰু হৰিণাটো ধৰিবলৈ চেঁচা ল’লে। হৰিণ হ’ল হাবিৰ আটাইতকৈ বেগৱান জন্তু। গতিকে সি সিংহক দেখাৰ লগে লগে ঠাইতে নােহােৱা হ'ল। বেচেৰা সিংহই খেদি খেদিও সেই হৰিণাটো ধৰিব নােৱাৰিলে। সি দুখে বেজাৰে পুনৰ আগৰ ঠাইলৈ ঘূৰি আহিল আৰু শহাটোকে খাব বিচাৰিলে। শহটোৱে আগৰ ঠাইত কিয় ৰখি থাকিব? সি সিংহৰ হাতৰ পৰা মুক্তি পােৱাৰ লগে লগে প্রাণৰক্ষা পৰাৰ আনন্দত দৌৰি পলাইছিল। সিংহটো আগৰ ঠাইলৈ উলটি আহি সেই ঠাইত শহাটো নেদেখি তাৰ দুগুণ বেজাৰ লাগিল। সি ভাবিলে, “হাতত পায়াে চিকাৰটো হেৰুৱালোঁ। বেছি লাভ কৰি নিজৰ মূৰ্খতাৰহে পৰিচয় দিলো।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment