Tuesday, March 17, 2026
0 Shares

সিংহ আৰু শিয়ালৰ সাধু

খৰনখৰ নামৰ এটা ভোকাতুৰ সিংহই খাদ্যৰ সন্ধানত গােটেইখন হাবি চলাথ কৰিও একো এবিধ চিকাৰ ধৰিব নােৱাৰি দুখে-বেজাৰে গুহাৰ ভিতৰত সােমাই থাকিল। কিছুসময়ৰ অন্তত সেই গুহাটোৰ সন্মুখত দধিমুখ নামৰ এটা শিয়াল উপস্থিত হ’ল। সি তাত আশ্রয় লম বুলি আহিছিল। বুধিয়ক শিয়ালটোৱে গুহাটোত পােনে পােনে সােমাই নগৈ তাৰ ভিতৰত কোনােবা আছে নে নাই জানিব বিচাৰি গুহাটোক সুধিলে, “হেৰ গুহা ভাই, মই আহিছোঁ, ভিতৰত সােমামনে? গুহাই একো এটা নােকোৱা দেখি পুনৰ ক'বলৈ ধৰিলে, “তােক যে মই আগতে কৈছিলাে যে মােৰ কথাত সহাৰি জনাবি, তােৰচোন আজি একেবাৰে মাত-বােল বন্ধ হৈ আছে, কথাটো কি? গুহাৰ ভিতৰত সােমাই থকা সিংহটোৱে ভাবিলে, যদি মােৰ মাতত গুহাই কথা কোৱা বুলি ভাবে সি নিশ্চয় সােমাই আহিব। তেতিয়া তাৰ মাংসৰে মই ভােক গুচাব পাৰিম। ইয়াকে ভাবি সি তাৰ নিজা মাতেৰে গোঁজৰি দিলে। শিয়ালৰ আৰু বুজিবলৈ বাকী নাথাকিল। সি ক্ষন্তেকতে সেই ঠাই এৰিলে। যাবৰ সময়ত যি সিংহক শুনাই কৈ গ'ল, “সিংহ ডাঙৰীয়া, আপুনিয়ে তাত সুখেৰে থাকক। মই এতিয়া আহােহে। সিংহৰ কৌশল অথলে গ'ল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment