Tuesday, March 17, 2026
0 Shares

ৰাক্ষস আৰু চোৰৰ কাহিনী

এবাৰ এখন গাঁৱৰ এজন ব্রাহ্মণে ক'ৰবাৰ পৰা দান হিচাপে এহাল ধুনীয়া শকত-আৱত বলধ গৰু পালে। ব্রাহ্মণ-ব্রাহ্মণীয়ে বলধহালক দানা-পানী খুৱাই খুব কম দিনৰ ভিতৰত চকুত লগা কৰিলে। সেইখন গাঁৱতে এজন চোৰ আছিল। সি বহুদিনৰ পৰা ব্ৰাহ্মণৰ বলধ হাল চোৰ কৰিম কৰিম বুলি ভাবি আছিল। এদিন সুযােগ বুজি নিশাৰ ভাগত ব্রাহ্মণৰ বলধহাল চোৰ কৰিবলৈ ওলাল। চোৰটোৱে গৈ থাকোতে বাটত এটা ৰাক্ষস লগ পালে। ৰাক্ষসৰ বিকৃত চেহেৰাত চোৰে ভয় নাখালে। চোৰটোৱে ৰাক্ষসক তাৰ উদ্দেশ্য সম্পর্কে জনালে। ৰাক্ষসে ক’লে, “ভালে হ’ব, তুমি গৰুহাল চোৰ কৰিবা আৰু মই ব্রাহ্মণ ব্রাহ্মণীক খাই মােৰ পেটৰ অগ্নি নির্মূল কৰিম। ৰাক্ষস আৰু চোৰ ব্ৰাহ্মণৰ ঘৰৰ দিশে আগবাঢ়িল। কিছু সময়ৰ পিছত সিহঁত দুয়াে ব্রাহ্মণৰ ঘৰ পালে। চোৰটোৱে তেতিয়া ৰাক্ষসক ক'লে, “তুমি অলপ ধৈর্য ধৰা, মই প্রথমে গৰুহাল চোৰ কৰাে, তুমি অলপ পিছত সিহঁতক খাবা। ৰাক্ষসে চোৰৰ কথা মানি নল'লে। সি ক'লে, “তুমিহে অলপ ধৈৰ্য্য ধৰা, মই আগতে ব্রাহ্মণ-ব্রাহ্মণীক খাই লওঁ। অৱশেষত কোনেও কাৰাে কথা শুনিবলৈ মান্তি নােহােৱা হ'ল। দুয়ােটাৰ মাজত ভীষণ কথা কটাকটি লাগিল। অৱশেষত পৰিয়ালৰ লােক সাৰ পালে আৰু দুয়ােটাকে বান্ধি পেলালে। ব্রাহ্মণে মন্ত্রৰ বলত ৰাক্ষসটোক বহু দূৰলৈ খেদি পঠালে। চোৰটোকো কিছু লপ-থপা দি বিদায় দিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment