Saturday, April 18, 2026
0 Shares

ৰাজহাঁহ আৰু কাছৰ সাধু

এটা হ্রদত কমুগ্ৰীৱ নামৰ কাছ এটাই বহুদিন ধৰি সুখে-শান্তিৰে বাস কৰি আছিল। উক্ত হ্রদতে ক'ৰবাৰ পৰা আহি ৰাজহাঁহ এহাল কাছটোৰ লগত লগ হ’ল। চাওতে চাওতে সিহঁত দুয়ােটাৰ লগত কাছৰ বন্ধুত্ব গঢ়ি উঠিছিল। এদিন নেদেখিলে সিহঁত থাকিব নােৱাৰা হৈ পৰিল। উক্ত ঠাইটুকুৰাত প্রচণ্ড খৰাং সৃষ্টি হােৱাত হ্রদটোৰ পানী ক্ৰমাৎ শুকাই যাবলৈ ধৰিলে। মাছ কাছবােৰ জলৰ অভাৱত এটি-দুটিকৈ মৰিবলৈ আৰম্ভ কৰিলে। তেতিয়া ৰাজহাঁহ হালে কাছটোক ক'লে, “বন্ধু, আমি আৰু ইয়াত বেছিদিন আহিব নােৱাৰিম। তােমাক এৰিব লগা হােৱাত আমাৰ বৰ দুখ লাগিছে।” কাছটোৱে ক'লে, “তােমালােক যদি ইয়াত নাহা, মই কাৰ স’তে বন্ধুত্ব কৰিম? তােমালােকে মােকো ক'ৰবাত লৈ যােৱা। য’তেই জলাশয় দেখা তাতেই মােক এৰি দিবা।” সমস্যা হ’ল ৰাজহাঁহৰ দৰে সি উৰিব নােৱাৰে আৰু তাৰ উৰিবলৈ ডেউকাও নাই। গতিকে সি উৰিব কেনেকৈ? বহুত সময় ভাবি-চিন্তি এটা উপায় উলিয়ালে। সেই উপায় মতে কাছটোই ক’ৰবাৰ পৰা এডাল মাৰি ঠোটেৰে কামুৰি আনিলে আৰু ৰাজহাঁহ দুটাক ক'লে যে সি মাৰিডালৰ মাজত কামুৰি ধৰিব। হাঁহ দুটাই মাৰিডালৰ দুয়ােমূৰে কামুৰি ধৰি উৰি গ’লে সিও উৰি যাব পাৰিব। কাছৰ বুদ্ধিক ৰাজহাঁহহালে প্রশংসা কৰিলে। বুদ্ধি মতে কামটো আৰম্ভ হ'ল। কাছটোই মাৰিডালৰ মাজত কামুৰি ধৰিলে। হাঁহ দুটাই মাৰিডালৰ দুয়াে মূৰে কামুৰি ধৰি আকাশ মার্গৰে উৰি গৈ থাকিল। হঠাৎ এজাক গৰখীয়াই দৃশ্যটো দেখি চিঞৰিবলৈ ধৰিলে, “চোৱাহক চোৱাহক কাছ উৰিছে, কাছ উৰিছে। পৰিলে এটা বৰভােজ হ’লহেঁতেন।” গৰখীয়াজাকৰ কথাটো শুনি কাছটোৰ ভীষণ খং উঠিল। সি খঙৰ ভমকত থাকিব নােৱাৰি কিবা এটা ক'বলৈ মুখ মেলিছিল মাত্র, কিন্তু কোৱা নহ'ল। বহুত ওপৰৰ পৰা শিল এচটা উৰি আহি পৰাৰ দৰে মাটিত ধমকৈ শব্দ কৰি পৰিল আৰু তাৰ প্ৰাণবায়ু চিৰদিনলৈ ওলাই গল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment