Wednesday, April 15, 2026
0 Shares

অৰ্জুনৰ পশুপাত অস্ত্র লাভ

বনবাসৰ কালছােৱাত পঞ্চপাণ্ডৱে বিভিন্ন বনৰ মাজত বিচৰণ কৰি ফুৰিছিল। দ্বৈত বনত থাকোতে এদিন ব্যাসদেৱে মহাদেৱৰ সহায়ত অস্ত্র লাভৰ দিহা দিছিল। তেওঁ কৈছিল যে মহাদেৱ শিৱক সন্তুষ্ট কৰিব পাৰিলে পাশুপাত অস্ত্র লাভ সম্ভৱ হ'ব। লগতে কৈছিল যে এই অস্ত্র লাভ সম্ভৱ হ'লেহে যুদ্ধ জয় সম্ভৱ হ'ব। ইয়াৰ পিছত যুধিষ্ঠিৰৰ পৰামর্শ মতে অর্জুনে অস্ত্র লাভৰ বাবে যাত্ৰা আৰম্ভ কৰিলে। অর্জুনে হিমালয় পর্বত পাৰ হৈ ইন্দ্রকালী নামে পৰ্বতত উপস্থিত হ'লগৈ। তাতে ইন্দ্ৰই তেওঁক তপস্বী বেশেৰে দেখা দি মহাদেৱক তপস্যা কৰি সন্তুষ্ট কৰিবলৈ পৰামর্শ দিলে।

ইয়াৰ পিছত অর্জুনে মহাদেৱক পাবৰ কাৰণে ঘােৰ তপস্যাত নিমগ্ন হ’ল। মহাদেৱ অৰ্জুনৰ তপস্যাত সন্তুষ্ট হৈ কিৰাতৰ ৰূপ ধৰি হাতত ধনুশৰ লৈ নামি আহিল। প্রভু শিৱই ইয়াৰ পিছত এটা বনগাহৰি খেদি খেদি আহি অৰ্জুনৰ সন্মুখত ওলালহি। গাহৰিটো দেখি অর্জুন সচকিত হ’ল আৰু ধনু শৰ হাতত তুলি লৈ গাহৰিটোলৈ শৰ নিক্ষেপ কৰিলে। সেই সময়তে কিৰাতেও গাহৰিটোলৈ শৰ এৰিলে। একেটা গাহৰিলৈ দুয়াে শৰ মৰা কথাটোক লৈ প্ৰথমতে তর্কাতর্কি হ’ল যদিও পাছলৈ ঘােৰতৰ যুদ্ধ হ’ল। যুদ্ধত অর্জুন পৰাস্ত হ’ল। সামান্য কিৰাত এটাৰ লগত তেওঁ যুদ্ধত হাৰিল। তেওঁ কথাটো সহজভাবে ল’ব নােৱাৰিলে। তেওঁ মনতে ভাবিলে যে এইজন সামান্য কিৰাত কেতিয়াও নহয়। তেতিয়া তেওঁ কিৰাতজনৰ সঁচা পৰিচয় জানিব বিচাৰিলে।

মহাদেৱ শিৱই ভক্তক নিজৰ পৰিচয় দিলে। লগে লগে তেওঁৰ মনােবাঞ্ছা পূৰণ কৰিবলৈ ‘পাশুপাত’ অস্ত্রও প্রদান কৰিলে। ইয়াৰ পিছত অর্জুনে অন্যান্য দেৱতাসকলক তুষ্ট কৰি দণ্ড, নাগপাশ আদি অস্ত্র লাভ কৰিলে। ইন্দ্ৰৰ পৰামর্শ মতে ইন্দ্ৰপুৰীত গৈ অর্জুনে ধনুর্বিদ্যাৰ শিক্ষাও ল'লে। ইয়াৰ পাছতে ইন্দ্ৰৰ অনুমতি ক্রমে দেৱতাসকলৰ অজেয়, দেৱতাসকলৰ ঘােৰশত্রু কালকেয়, নিবাচ কবচ আদি দৈত্যক বধ কৰিলে। এনেকৈ স্বৰ্গত তেওঁ পাঁচ বছৰ কটালে।

ইয়াৰ পাছত নিজৰ উদ্দেশ্য সাধন কৰি অর্জুন নিজৰ আপােনজনৰ ওচৰলৈ ঘূৰি আহিল। ইতিমধ্যে যুধিষ্ঠিৰ সহ অন্যান্য কেইজন ফুৰি ফুৰি গৈ বদৰিকাশ্ৰমত উপস্থিত হৈছিলগৈ। অর্জুনৰ কাৰণেও তেওঁলােক চিন্তিত হৈ পৰিছিল। অর্জুনক বহুবছৰৰ মূৰত লগ পাই সকলােৱে পৰম সন্তোষ লভিছিল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment