নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ “বুধিয়ক শিয়াল আৰু কাউৰী-fox and crow story” সাধুটো। সেয়েহে, বুধিয়ক শিয়াল আৰু কাউৰীৰ মনোৰম সাধুটো জানিবলৈ সাধুটো শেষলৈকে পঢ়ক। ধন্যবাদ।
বুধিয়ক শিয়াল আৰু কাউৰী-fox and crow story
এখন হাবিত এটা অতি টেঙৰ শিয়ালে বাস কৰিছিল। সেইখন হাবিতে এটা কাউৰীও বাস কৰিছিল। এদিনাখন কাউৰীজনীয়ে ক'ৰবাত এটুকুৰা মঙহ পালে। কাউৰীৰ মুখত মঙহ টুকুৰা দেখি শিয়ালটোৰ বৰ লােভ জন্মিল আৰু তাৰ জিভাৰ পানী ওলাবলৈ ধৰিলে। সি ভাবিলে কাউৰী হ’ল উৰণীয়া পক্ষী। তাৰ মুখৰ পৰা মঙহ টুকুৰা কাঢ়ি অনাও সম্ভৱ নহয়।

আনহাতে কিবা সন্দেহ হ’লে সি উৰি যাবও পাৰে। গতিকে কিবা কৌশল কৰিব লাগিব যাতে মঙহ টুকুৰা কষ্ট নকৰাকৈ খাব পৰা যায়। ইয়াকে ভাবি সি গছজোপাৰ ওচৰলৈ গ’ল, য'ত কাউৰীটো পৰি আছিল। শিয়ালে তাৰ মিঠা মাতটোৰে কাউৰীক ক’লে–“বােলাে কাউৰী বাই ইমাননাে ধুনীয়াকৈ তাত কিনাে কৰি আছে? তােমাৰ ধুনীয়া ৰূপটো দেখিলে নামাতি থাকিবই নােৱাৰোঁ। তাতােকৈ ধুনীয়া তােমাৰ মৌসনা মাতটো। বহুদিন তােমাৰ মৌ মিঠা মাতটো শুনিবলৈ পােৱা নাই।
কুটবুদ্ধি সম্পন্ন চয়তান শিয়ালৰ ছলাহী কথাত কাউৰী ভােল গল। শিয়ালে কৰা মিছা প্রশংসাত তাই গপতে ওফন্দি উঠিল। তাই শিয়ালক আৰু দুগুণ উৎসাহিত কৰাৰ মানসিকতাৰে এটা গীত গাওঁ বুলি ৰং মনেৰে কা’ কা’ কৰি গীত গাবলৈ মুখ মেলিলে। চতুৰ শিয়ালেও তাকে বিচাৰি আছিল। মুখখন মেলাৰ লগে লগে মুখৰ পৰা টুপুককৈ মঙহ ডােখৰ মাটিত সৰি পৰিল। শিয়ালে আৰু তাতে কিয় ৰৈ থাকিব? পৰম আনন্দ মনেৰে মঙহ টুকুৰা লৈ হাবিৰ মাজত সােমাই পৰিল। বেচেৰী কাউৰীয়ে চতুৰ শিয়ালৰ টেঙৰালি নুবুজা বাবে মুখৰ আহাৰ হেৰুৱালে।
(আশা কৰোঁ আপুনি সাধুটো পঢ়ি ভাল পাইছে। যদি আপুনি সাধুটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই সাধুটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)
Comments (0)
Leave a Comment