Saturday, April 18, 2026
0 Shares

নিষ্ঠুৰ গৰাকী

নিষ্ঠুৰ গৰাকী

এখন গাঁৱত এজন খেতিয়ক আছিল। এই খেতিয়কজনৰ এখন বিশাল খেতিপথাৰ থকাৰ লগতে ভালেমান পােহনীয়া জীৱ-জন্তু আছিল। খেতিয়কে তাৰ খেতিপথাৰ আৰু পােহনীয়া গৰু-গাই, হাঁহ-ছাগলীবােৰ ৰখিবৰ নিমিত্তে এজাক কুকুৰাে প্রতিপালন কৰিছিল। কুকুৰ বৰ প্রভুভক্ত প্রাণী। মালিকৰ ঘৰত সিহঁতে নিজৰ সন্তানৰ দৰে মালিকৰ নির্দেশ মানিছিল। এনেকৈ বহুবছৰ অতিক্রম কৰাৰ অন্তত এবাৰ তাত প্রলয়ংকৰী বানপানী হ’ল। বানপানীত খেতিয়কজনৰ খেতিপথাৰ, হাঁহ-কুকুৰাবােৰ শেষ হৈ গৈছিল। ফলত সি বহুদিন অনাহাৰে দিন পাৰ কৰিব লগা হৈছিল। কাৰণ খেতিয়কজনৰ ঘৰত কোনাে খােৱা বস্তু নাছিল। অৱশেষত সি ঘৰৰ ইটো-সিটো জন্তু মাৰি খাবলৈ আৰম্ভ কৰিলে। প্ৰথমতে ছাগলীবােৰ, তাৰ পিছত ভেড়া। এদিন মন যােৱাত গৰু এটাও মাৰি ভগাই খাই পেলালে। তেনেকুৱা নিষ্ঠুৰ কাণ্ড-কাৰখানাবােৰ কুকুৰৰ জাকটোৱে লক্ষ্য কৰি আছিল। পেটে-পেটে সিহঁতৰ মালিকলৈ সন্দেহৰ ভাব উপজিছিল। সেইকাৰণে এদিন সিহঁতে একগােট হৈ আলােচনা কৰিলে যে যিজন মালিকে নিজৰ স্বাৰ্থৰ বাবে নিজৰ পুত্ৰৰ দৰে জন্তুক বধ কৰিব পাৰে, সি আমাক বধ কৰাটো বৰ টান কথা নহয়। গতিকে সময় থাকোঁতে পলােৱাই যুগুত। ইয়াকে ভাবি এদিন সিহঁতে মালিকৰ ঘৰ ত্যাগ কৰিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment