নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ “সিংহ আৰু নিগনি-lion and mouse story” সাধুটো। সেয়েহে, সিংহ আৰু নিগনিৰ মনোৰম সাধুটো জানিবলৈ সাধুটো শেষলৈকে পঢ়ক। ধন্যবাদ।
সিংহ-আৰু-নিগনি-lion and mouse story
এদিনাখনৰ কথা। এটা প্রকাণ্ড সিংহই তাৰ কাম-বন খিনি শেষ কৰি অকণমান জিৰণি লওঁ বুলি চকুদুটা মুদিছিল মাত্র। এনেতে আহিল মৰ টোপনি। হঠাৎ ক’ৰবাৰ পৰা আহিল এটা দুষ্ট নিগনি। সি আহিয়ে সিংহটোৰ গাতে উঠিলগৈ আৰু তাৰ দেহত ইফালে-সিফালে জঁপিয়াই হাতােৰাৰ নখবােৰ খুঁটিয়াই বহুত অসুবিধা দিবলৈ ধৰিলে। ফলত সিংহটোৰ কেঁচা টোপনি ভাগি গ'ল। সিংহৰ বৰ খং উঠিল। সি এবাৰ সুযােগ বুজি নিগনিটো ধৰি ল'লে আৰু তাক তাৰ অপৰাধৰ বাবে মৃত্যুদণ্ড বিহিব বিচাৰিলে।

নিগনিটোৱে সিংহৰ ভয়ত থৰথৰকৈ কপিবলৈ ধৰিলে আৰু হাত যােৰ কৰি তাক এবাৰলৈ ক্ষমা কৰি দিবলৈ অনুৰােধ কৰিলে। নিগনিটোৱে লগতে ইয়কো ক'লে যে কেতিয়াবা সি সিংহকো বিচাৰিলে সহায় কৰিব। নিগনি এটা সামান্য প্রাণী। সেই কাৰণে তাৰ কথা শুনি সিংহই হাঁহিলে যদিও তাক এবাৰলৈ ক্ষমা কৰিলে। সিংহই ক্ষমা কৰি দিয়া বাবে নিগনিয়ে তাক প্রণাম জনাই গুচি গ'ল।
ইয়াৰ পিছত আৰু বহুদিন বাগৰি গ'ল। এদিন হঠাৎ সিংহৰ বেয়া দিন নামি আহিল। চিকাৰীয়ে পাতি থােৱা জালত সিংহ বন্দী হ’ল। বন্দী সিংহই মৃত্যুৰ ভয়ত চিঞৰিবলৈ ধৰিলে। সিংহৰ চিঞৰ শুনি নিগনি ওলাই আহিল। নিগনিয়ে দেখিলে যে সিংহ জালত বন্দী হৈছে। নিগনিৰ মনত বৰ দুখ লাগিল। সি অলপ সময়াে পলম নকৰি সিংহ বন্দী হৈ থকা জালখন কুটি দিলে। জালখন কুটি দিয়াৰ পিছত সিংহটো মুক্ত হ’ল। সি ধন্যবাদ জনাই গুচি গ'ল।
(আশা কৰোঁ আপুনি সাধুটো পঢ়ি ভাল পাইছে। যদি আপুনি সাধুটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই “সিংহ আৰু নিগনি” সাধুটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)
Comments (0)
Leave a Comment