Wednesday, April 15, 2026
0 Shares

আকবৰৰ আঙঠি চোৰ

এবাৰ বাদছাহ আকবৰৰ হীৰাৰ আঙঠি এটা হেৰাল। আঙঠিটো আঙুলিৰ জোখতকৈ অলপ ডাঙৰ আছিল। সেয়ে হয়তাে সুলকি পৰিল। চাকৰ বাকৰ সকলােকে আঙঠিটোৰ কথা সােধা হ’ল। কিন্তু - কোনেও আঙঠিটো নিয়াৰ কথা স্বীকাৰ নকৰিলে। ৰাজকাৰেঙৰ সকলােতে আঙঠিটো বিচৰা হ’ল। কিন্তু ক’তাে পােৱা নগ'ল। ৰাজকাৰেঙত চোৰ সােমােৱাও নাছিল। তেতিয়া বুজা গ’ল যে আঙঠিটো নিশ্চয় ৰাজকাৰেঙৰ কোনােবাই চোৰ কৰিছে।

আকবৰে আঙঠি চোৰক ধৰাৰ ভাৰ দিলে বীৰবলৰ ওপৰত।

বাদছাহৰ আঙঠি বহুত। সেই আঙঠিবােৰ ৰাখে এটা লােহাৰ বাকচত। বীৰবলে সেই আঙঠি থােৱা লােহাৰ বাকচটো আনিবলৈ ক’লে। তাৰপিছত বাকচটোত কাণখন লগাই কিবা শুনাৰ ভাও ধৰিলে।

বাকচটোত কাণখন লগাই থকা দেখি আকবৰে সুধিলে- “তুমি কি শুনিছা?”

বীৰবলে হাঁহি হাঁহি ক'লে – “চোৰৰ সম্ভেদ বাকচটোৰ পৰা লৈছোঁ জাহাপনা।”

“বাকচটোৱে জানাে কথা কব পাৰে?”

“কব পাৰে জাহাপনা। ইতিমধ্যে মােক কৈ দিলে। বাদছাহৰ আঙঠি চোৰজনৰ দাঢ়িত এডাল কুটা লাগি আছে।”

লগে লগে দেখা গ'ল এজন লগুৱাই তাৰ দাঢ়িকোচা হাতেৰে জোকাৰি দিলে। বীৰবলে লগে লগে তাৰ হাতত ধৰি ক'লে – “এইজনেই চোৰ জাহাপনা।”

মানুহজনে কান্দিব ধৰিলে। কান্দি কান্দি সি তাৰ দোষ স্বীকাৰ কৰিলে আৰু পকেটৰ পৰা আঙঠিটো উলিয়াই দিলে। লগে লগে সি বীৰবলৰ ভৰিত ধৰি ক্ষমা বিচাৰিলে।

আকবৰে ক'লে – “বীৰবলক কোনেও ফাঁকি দিব নােৱাৰে। কেনে কায়দা কৰি চোৰ ধৰিলে দেখিলেনে। সঁচাই পুৰস্কাৰৰ যােগ্য বীৰবল।”

পুৰস্কাৰ পালে বীৰবলে। আকবৰে পালে হেৰােৱা আঙঠি।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment