Wednesday, April 15, 2026
0 Shares

আনন্দ

চৰিত্ৰ-মন্দিৰৰ ভিতৰত উজ্জ্বল অথচ মিঠা বন্তি হৈছে আনন্দ৷ আনন্দই শৰীৰ-মন আনন্দিত কৰি সুমধুৰ কৰি ৰাখে৷ কোনো দুখ-বিপদৰ বাবে মনলৈ নিৰানন্দ অহাটো স্বাভাৱিক; কিন্তু সেই নিৰানন্দকে মনত পাগি-পুৰি নাথাকিবা; মনত বেজাৰ থাকিলেও মুখেৰে আনন্দ কৰিবা; তেনেকৈ আনন্দৰ কথা কৈ থাকোঁতে আৰি লোকে কোৱা আনন্দৰ কথা শুনি থাকোঁতে তোমাৰ নিৰানন্দক আনন্দই লাহে লাহে জয় কৰি ভিতৰৰ পৰা উলিয়াই খেদি দিব৷ এইটো নাপাহৰিবা যে, মুখৰ শব্দৰ বৰ ক্ষমতা; সি উচ্চাৰিত হৈ হৈ ইমান শক্তিমন্ত হয়গৈ যে শেহত তোমাৰ চিন্তাৰ ওপৰতো সি প্ৰভাৱ বিস্তাৰ কৰে৷ শব্দক empty, খালি বুলি বহুতে তাক শূন্য যেন দেখে; কিন্তু সেই শূন্য ব্যোম (ether), যাৰ স্পন্দনত ব্ৰহ্মাণ্ডৰ শিপা পৰ্যন্ত লৰে; যাৰ কম্পনত সৃষ্টি, স্থিতি, লয় ঘটে, মনৰ ভাব সলোৱাটোতো তাৰ এটা ক্ষুদ্ৰ কাম মাথোঁঁন৷ দুখত ব্যথিত নহৈ তাক অগ্ৰাহ্য কৰিবলৈ সেইদেখি জ্ঞানী সাধুসকলে উপদেশ দিয়ে৷ দুখক, কষ্টক অগ্ৰাহ্য-অৱহেলা কৰিলে বাস্তৱিকতে সি দুৰ্বল হৈ মৃত্যুৰ মুখত পৰে; আৰু তাকে লৈ তাৰে গুণ-মহিমা বখানি আৰু চিন্তা কৰি থাকিলে সি ফাপি উঠি ক্ৰমাত ডাঙৰ হৈ যায়৷ এইদেখি অদৃষ্টক হাঁহি উৰাই দিয়া ভাল৷ বাধা-বিঘিনিক তুচ্ছ কৰি থোৱা, দেখিবা সি আপোনা-আপুনি খোৰাকৰ অভাৱত মৰি যাব৷ প্ৰত্যেক দিনত ওলোৱা সুবিধাবোৰ তুমি আনন্দ মনেৰে গ্ৰহণ কৰি তাক কামত লগাই যাবা৷ তুমি ভাবা, – যে বিপদ জয় কৰি উঠিব পাৰিবা, কাৰণ তোমাৰ ক্ষমতা আছে; আৰু তুমি জয় লাভ কৰিব পাৰিবা, কাৰণ তুমি ইচ্ছা আৰু সংকল্প কৰিছা৷ “You can, therefore you will, You will, therefore you will, You shall, therefore you realize.” এই ধাৰণাই তোমাৰ মন আনন্দেৰে পৰিপূৰ্ণ কৰিব৷ তুমি যে জয়ী হ’বা, এই দৃঢ় বিশ্বাস তুমি মনত পোষণ কৰিছা; ফলত তোমাৰ ক্ষমতা বৃদ্ধিপ্ৰাপ্ত হৈছে; এই ধাৰণা যে প্ৰকৃত, ই নিশ্চয় তোমাৰ মনলৈ আনন্দ আনিবই আনিব৷

আনন্দই মুখ উজ্জ্বল কৰে৷ শোকে অন্তৰ ধ্বংস কৰে৷ ৷

আনন্দময়ী কোনো কাৰ্যত নিমগন হোৱা, দেখিবা চাৰিওফালৰ পৰা আনন্দৰ সোঁতে তোমাৰ মন বুৰাই পেলাবহি৷ ৰঙিয়াল মানুহৰ সঙ্গ লোৱা, সঙ্গগুণত তোমাৰ মনো ৰঙিয়াল হ’ব৷ ৷ হাঁহা, খুব হাঁহা, তোমাৰ মনৰ গ্লানি কাটি যাব৷ হাঁহি তোলা মানুহৰ লগ লোৱা, তেওঁৰ হাঁহিয়ে তোমাৰ মন প্ৰফুল্ল কৰিব৷ হাঁহি খোচৰা বস্তু, ৰং হাঁহিৰ কথা কোৱা মানুহৰ ওচৰলৈ আহিলে তোমাৰ মনো তেনে গুণীয়া হ’ব নিশ্চয়৷ তোমাৰ অন্তৰত আনন্দময় পৰমেশ্বৰ আছে, ভয় কি? সংশয় কি? তেওঁৰ আনন্দ ভিক্ষা কৰা, পাবা; পাই তুমিও আনন্দময় হ’বা৷ দুখৰ ঢাকোনেৰে আৰু শোকৰ মিছা ভাবনাৰ আঁৰ-কাপোৰেৰে আনন্দময়ক নাঢাকিবা, তেওঁ নিভৃত কোণত আনন্দস্বৰূপে বৰ্তমান; মায়াৰ কপট ঢাকোন পেলাই দি তেওঁৰ কাষ চাপা, তোমাৰ মনতো মহানন্দ মিলিব৷ প্ৰেম বহুমূলীয়া বস্তু৷ প্ৰেমবিহীনে প্ৰেমময়ক নেপায়৷ ঈশ্বৰ প্ৰেমময়৷ পৰোপকাৰ, জীৱৰ প্ৰতি দয়া, কৰুণা, প্ৰেমময়ৰ প্ৰেমোপহাৰ৷ তাৰ সদ্ব্যৱহাৰ কৰা; শঙ্কা নকৰিবা; ভয় নকৰিবা; প্ৰেম বিলোৱা, প্ৰেম লোৱা, তোমাৰ মন-ভঁৰাল প্ৰেম-সমলেৰে পূৰ হ’ব৷ পৰৰ মঙ্গল চিন্তা কৰা, দেখিবা তোমাৰ মন মঙ্গলেৰে পৰিপূৰ্ণ হ’ব; আৰু মঙ্গলে পৰৰ যে উপকাৰ কৰিবই, তোমাৰো পৰম উপকাৰ অনিবাৰ্য৷ তোমাৰ মন যেতিয়া ডাঙৰ হ’ব, আৰু সি সুমধুৰ প্ৰেমৰসেৰে পৰিপূৰ্ণ হ’ব, তেতিয়া চাৰিওফালে অসীম আনন্দ৷ লোকৰ ভাল কৰিবলৈ গ’লে তোমাৰ ভাল কৰা শক্তি দিনে দিনে বৃদ্ধি পাব, তুমি পৰম প্ৰেমময় ঈশ্বৰৰ সমীপৱৰ্তী হ’বা, আৰু সকলো এক ঈশ্বৰৰ সন্তান, সকলো তোমাৰ নিজৰ সম্বন্ধীয়, এই মহান সত্য তোমাৰ মনত প্ৰতিভাত হ’ব৷ সকলোকে সদায় উছাহ বাক্য প্ৰদান কৰিবা, সাহ দিবা, বল দিবা, সহায় কৰিবা৷ এনে কৰিলে দুগুণ উপকাৰ, – নিজৰো, পৰৰো৷ কোনো এনে দুখীয়া নহয়, যে তেওঁ ধনেৰে লোকক সহায় কৰিব নোৱাৰিলে বুলিও, ভাল মাত এষাৰেৰেও যে সহায় কৰিব নোৱাৰিব৷ আপদত ভাল মাত, উছাহৰ মাত এষাৰেই লাখটকীয়া৷ যি তেনে মাত অন্তৰেৰে সৈতে দিছে, আৰু যি অন্তৰেৰে সৈতে গ্ৰহণ কৰিছে, সিহে তাৰ প্ৰকৃত মোল বুজে৷ তুমিও জানিবা ভাল মাতষাৰেৰে লোকৰ কোনো উপকাৰ কৰিব নোৱাৰিলাই, তথাপি তাৰ দ্বাৰাই এইটো প্ৰমাণ হ’ল যে, মনুষ্য-জাতিৰ প্ৰতি দয়া-কৰুণা আৰু সহানুভূতিৰ ভাব প্ৰত্যেক মানুহৰ অন্তৰতে আছে৷ আন একো নহ’লেও তুমি ঈশ্বৰৰ সৃষ্টিৰ মূল সত্য কৰুণা, সহানুভূতি আৰু ন্যায়ৰ সন্মান ৰক্ষা কৰি তোমাৰ কৰ্তব্য পালন কৰিলাতো! কিন্তু এইটো জানিবা যে পৃথিৱীত ন্যায় আৰু প্ৰেম এই দুটাই ঘাই পদাৰ্থ৷

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment

Related Stories