Wednesday, April 15, 2026
0 Shares

আলি আঃয়ে লৃগাং-Ali Ai Ligang

আলি আঃয়ে লৃগাং-Ali Ai Ligang

ভূমিকা:

অসম বহু জনগোষ্ঠীৰ মিলনভূমি। নদীমাতৃক অসমৰ সমূহ জনগোষ্ঠীয়েই কৃষিজীৱী। কৃষিজীৱী জনগোষ্ঠীসমূহৰ মাজৰে এটি জনগোষ্ঠী মিছিংসকল। কৃষিজীৱী জনসমাজৰ জীৱন ধাৰণৰ পদ্ধতি আৰু কৃষ্টি-সংস্কৃতি মূলতঃ কৃষিভিত্তিক হোৱাই স্বাভাৱিক।

অন্যান্য কৃষিজীৱী সমাজৰ দৰে মিছিং সমাজৰ জীৱনৰ চকৰিও প্ৰকৃতিৰ লগে লগে ঘূৰে। ব্যস্ততাভৰা জীৱনৰ অৱসৰৰ সময়তে মানুহে পালন কৰে বিভিন্ন উৎসৱ-অনুষ্ঠান। মিছিং জনগোষ্ঠীয়েও বছৰৰ কৃষিকৰ্ম উদ্যাপন কৰাৰ আগে আগে নৃত্যগীতৰ সমন্বয়ত এটি উৎসৱ পালন কৰে। এই উৎসৱেই হ’ল আলি আঃয়ে লৃগাং (Ali Ai Ligang).

আলি আঃয়ে লৃগাং-Ali Ai Ligang
আলি আঃয়ে লৃগাং-Ali Ai Ligang

এটি শুভ দিনৰ আৰম্ভণী:

আলি আঃয়ে লৃগাং মিছিংসকলৰ প্ৰধান উৎসৱ। মিছিং ভাষাত আলি মানে শস্যৰ বীজ বা কঠীয়া, আয়ে মানে ফল আৰু লৃগাং মানে আৰম্ভণী। অর্থাৎ, শস্য ৰোপণৰ আৰম্ভণী উৎসৱ। ইয়াৰ পৰাই বুজা যায় যে আলি আঃয়ে লৃগাং এটা কৃষি উৎসৱ আৰু ই মিছিং কৃষিভিত্তিক জীৱনৰ ওপৰত ভিত্তি কৰিয়েই গঢ় লৈ উঠিছে। আলি আঃয়ে লৃগাং প্রত্যেক বছৰে সমগ্র মিছিং সমাজত পালন কৰা হয়।

অতীত কালত ফাগুন মাহৰ যিকোনো দিনত ইয়াক পালন কৰা হৈছিল। ইয়াৰ কোনো নির্দিষ্ট দিনবাৰ নাছিল কিন্তু আজি-কালি ফাগুন মাহৰ প্ৰথমটো বুধবাৰে সামগ্রিকভাবে মিছিং সমাজে এই উৎসৱ পালন কৰে। মিছিংসকলৰ বিশ্বাস মতে বুধবাৰৰ দিনটো কৃষি সম্পৰ্কত এটা শুভ দিন। সেয়েহে এটা নিৰ্দিষ্ট বুধবাৰত আলি আঃয়ে লৃগাং উদযাপন কৰিবলৈ লোৱা হ'ল।

মাংগলিক উৎসৱটিৰ ৰীতি-নীতি:

আলি আঃয়ে লৃগাং উৎসৱ দুভাগত বিভক্ত। এটা ভাগ কৃষি কার্যমূলক আৰু আনটো উৎসৱমূলক অনুষ্ঠান। প্রথম ভাগটো ধর্মীয় বিশ্বাস আৰু সামাজিক পৰম্পৰাৰ সৈতে জড়িত। উৎসৱৰ দিনা পুৱাৰ ভাগতে মুৰব্বীজনে পথাৰ বা বাৰীৰ এচুকত মাংগলিক কার্য সম্পাদন কৰে। দীঘে-পথালিয়ে পাঁচ-ছফুট বহল জোখৰ মাটি এডাখৰ চহ কৰি লোৱা হয় আৰু ইয়াৰ চাৰিচুকত চাৰিজোপা মেগেলা গছ গুজি দি একেলগে জুমুঠিয়াই বন্ধা হয়। তাৰ পাছত কপাহৰ আহ মেগেলাবিলাকত লগাই দিয়া হয়।

আলি আঃয়ে লৃগাং-Ali Ai Ligang

লৃগাং কার্য সম্পাদন কৰা লোকজনে কাণৰ গুৰিত কপাহ লগাই লয়। তাৰ পাছত চহ কৰা মাটিত কণী এটা ভাঙি দিয়া হয়। ইয়াৰ পাছতেই সৃষ্টি আৰু পালন কৰ্তাক সম্বোন্ধি বিশেষ বচন মাতে আৰু আলু, আদা, ধান আদি মাটিত ৰুই দিয়ে। ইয়াকে লৃগাং (ৰোপণৰ আৰম্ভণি) বুলি কোৱা হয়। এই লৃগাং শেষ কৰাৰ পিছত পূৰ্বপুৰুষ সকলক স্মৰণ কৰে। কৌপাত বা তৰাপাত পাত্ৰত দেৱতালে আপং আৰু পুৰাং যাচি কৃষিৰ সুফল আৰু মংগলময় জীৱনৰ বাবে প্ৰাৰ্থনা জনোৱা হয়।

সেইদিনা গাঁৱৰ সকলো লোকেই ঘৰে ঘৰে উঠি পুৰাং (পাতত সিজোৱা ভাত), আপং আৰু অন্যান্য বিশেষ বিশেষ খাদ্য খাই ফুৰে। ই মিছিং লোকসকলৰ পৰম্পৰাগত সামাজিক ৰীতি। ইয়াৰ যোগেদি সামাজিক আনন্দ উপভোগ কৰাৰ লগতে সমাজৰ লোকসকলৰ মাজত মিলাপ্ৰীতি আৰু সামাজিক সংহতি সাধনৰ পথ প্রশস্ত হয়। গধূলি সময়ৰ পৰা ‘গুমৰাগ ছঋমান’ বিহু অনুষ্ঠান আৰম্ভ হয়। গাঁৱৰ ডেকা-গাভৰুসকলে একেলগে হৈ গুমৰাগ বিহু গায়। গাভৰুবিলাকে নতুন সাজ-পাৰ কৰি নাচিবলৈ যায়। ঢোল, তাল, পেপা, গগণা, লেঃনং, মাৰ্বা, দেনদন, তাপুং আদি বাদ্যযন্ত্ৰ লৈ আনন্দেৰে নাচ-গান কৰে। ইয়াত ডেকা-গাভৰুৱে একেলগে ঢোলৰ ছেৱে ছেৱে নৃত্য কৰে। এই নৃত্যবোৰ উৰ্বৰতা আৰু ঐন্দ্রজালিক ক্ৰিয়াৰে সমৃদ্ধ। ইয়াত থাকে কৃষি শস্যৰ হালি-জালি বাঢ়ি অহা নৃত্য ভংগীমা। এই নৃত্যৰ যোগেদি কৃষিকাৰ্যৰ সমৃদ্ধি কামনা কৰা হয়।

আলি আঃয়ে লৃগাং সাধাৰণতে পাঁচদিন ধৰি চলাৰ নিয়ম। শস্যৰ গুটি মাটিত পেলোৱাৰ দিন, অর্থাৎ, লৃগাঙৰ দিনৰ পৰা শস্য গজালি মেলাৰ ‘লঃলেন’ৰ দিনলৈ পাঁচদিন সময় লাগে। এই পাঁচদিন সময় ডেকা-গাভৰুৱে মানুহৰ ঘৰে ঘৰে গৈ গুমৰাগ চঃমান কৰে। শেষৰ দিনা সংগৃহীত টকা-পইচাৰে খাদ্য সমগ্রী আনি ভোজভাত খোৱাৰ নিয়ম। অৱশ্যে আজি-কালি লৃগাং উৎসৱ পাঁচদিনীয়া নকৰি দুই-তিনি দিনতেই শেষ কৰা প্রথা চলিবলৈ ধৰিছে।

আলি আঃয়ে লৃগাং-Ali Ai Ligang

আলি আঃয়ে লৃগাংৰ প্ৰথম তিনিদিনত প্ৰতি ঘৰ মানুহে ভকত-ভকতনী চপাই মাংগলিক সকামৰ যোগেদি পূৰ্বপুৰুষ আৰু ইষ্ট দেৱতাসকলৰ প্ৰতি ভকতি যাচে। সেই কেইদিনত ৰাতি ঘৰে ঘৰে গৈ তেওঁলোকৰ ‘য়দনাম' অর্থাৎ, কর্মবিৰতি। গাঁওবাসী সেইদিনা কাম-কাজৰ পৰা বিৰত থাকে। বিশেষকৈ গছ-বন বা ঘাঁহ-বন কটা, মাছ মৰা, মাটি খন্দা বা চহ কৰা পথাৰত জুই জ্বলোৱা আদি সেইদিনা সম্পূর্ণ নিষিদ্ধ। এনে বহু কাম সেইদিনটোত মিছিংসকলে নকৰে। এই ৰীতি উলংঘা কৰিলে পূৰ্বপুৰুষ আৰু ইষ্টদেৱতা অসন্তুষ্ট হয় আৰু ফলস্বৰূপে খেতি-বাতি বেয়া হয় বুলি মিছিংসকলে বিশ্বাস কৰে। আলি আঃয়ে লৃগাংৰ পঞ্চমদিনা অৰ্থাৎ কর্মবিৰতিৰ অৱসান ঘটাই পুনৰ ভোজ আৰু নৃত্যগীতৰ মাজেৰে উৎসৱৰ সামৰণি অনুষ্ঠান উদযাপিত কৰা হয়।

উৎপত্তি আৰু বিকাশ:

আলি আঃয়ে লৃগাং উৎসৱ কেতিয়া কেনেকৈ উৎপত্তি লাভ কৰি বিকাশৰ পথত অগ্ৰসৰ হয় তাক নির্দিষ্টকৈ কোৱা টান। মানৱজাতিৰ কৃষি সভ্যতাৰ প্ৰগতিৰ ক্ষেত্রখন অধ্যয়ন কৰি জনা যায়, নাঙল-যুঁৱলীৰে খেতি কৰাৰ আগতেই আলি আঃয়ে লৃগাং উৎসৱৰ উৎপত্তি। ধানখেতি কৰিবলৈ লোৱাৰ আগতেই ইয়াৰ বিকাশ। অর্থাৎ, মিছিংসকলে ভৈয়ামলৈ আহি নাঙল-যুঁৱলীৰে ধানখেতি কৰাৰ আগতেই আলি আঃয়ে লৃগাং পালন কৰিছিল। সেই সময়ৰ পৰা ক্ৰমবিকাশৰ মাজেদি বৰ্তমানৰ অৱস্থা পাইছে।

সামৰণি:

আলি আঃয়ে লৃগাং বসন্তকালীন কৃষি উৎসৱ। কৃষিজীৱী মিছিং জনসমাজৰ জাতীয় উৎসৱ। আলি-আই-লৃগাঙৰ উপৰি তেওঁলোকৰ পঃৰাগ, আমৰাগ আদি উৎসৱ আছে। বিহু উৎসৱবোৰ আনুষ্ঠানিক আৰু মঞ্চমুখী হোৱাৰ দৰেই আলি-আই-লৃগাঙৰ দৰে কৃষিজ উৎসৱসমূহো মঞ্চমুখী হৈছে। কিন্তু প্রকৃতিৰ লগত নিবিড় সম্পর্ক থকা কৃষি উৎসৱসমূহত আধুনিকতাৰ পৰশ লাগিলে তাৰ স্বকীয়তা হেৰাই যোৱাৰ সম্ভাৱনা থাকে।

(আশা কৰোঁ আপুনি ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment