Tuesday, March 17, 2026
0 Shares

আস্তিক মুনিৰ আখ্যান

কদ্রু আৰু বিনতা দুয়াে বাই ভনী। দুয়াে দক্ষৰ জীয়েক আৰু কাশ্যপ ঋষিৰ পত্নী। কদ্রুৰ সন্তান এহাজাৰ নাগ আৰু বিনতাৰ সন্তান হ’ল—অৰুণ আৰু গৰুড়। এদিন ইন্দ্ৰৰ ঘোঁৰা উচ্চৈশ্ৰৱাক লৈ কদ্রু আৰু বিনতাৰ মাজত তর্কযুদ্ধ হৈছিল। তর্কৰ বিষয় আছিল ঘোঁৰাটোৰ ৰং। কদ্রুৰ মতে ঘোঁৰাটোৰ ৰং ক’লা আৰু বিনতাৰ মতে ঘোঁৰাটো ক’লা নহয় বগাহে। অৱশেষত দুয়াে বাজি মাৰিলে। বাজিত যিয়ে হাৰিব তেৱেঁই জিকাগৰাকীৰ দাসী হ’ব লাগিব। ঘোঁৰাটো আচলতে বগা, কদ্রুৱে সেই কথা ভালদৰে জানে। সেইকাৰণে তেওঁ নাগপুত্র বিলাকক মাতি আনি ৰাতিটোৰ ভিতৰতে উচ্চৈশ্ৰৱা ঘোঁৰাটোক যিকোনাে প্রকাৰে ক'লা কৰি থ’বলৈ ক’লে আৰু কলে যে যদি সেয়ে নহয় তেওঁ বিনতাৰ দাসী হ'ব লাগিব। নাগবিলাকে মাকৰ কথা মানিবলৈ টান পাইছিল আৰু মাহী মাকৰ লগত তেনে বাজি মৰাৰ বাবে অসন্তোষ কৰিছিল। তেতিয়া কদ্ৰুয়ে খঙত পুতেকহঁতক অভিশাপ দিলে—“তহঁতে মােৰ কথা পালন কৰিবলৈ টান পাইছ আৰু মােৰ দাসী হ’বলৈ এৰি দিছহঁক। মই কাইলৈৰ পৰা বিনতাৰ দাসী হ'ম। তহঁতেও ৰজা জন্মেজয়ৰ যজ্ঞত জাহ যাবিহঁক।” মাকে অভিশাপ দিয়াত বেজাৰ পাই পিছদিনা পুৱাতে গৈ উচ্চৈশ্ৰৱাক বিহ ঢালি ক’লা কৰি পেলায়। পুৱা গৈ কদ্রু আৰু বিনতাই দেখিলে উচ্চৈশ্ৰৱা ক’লা। বাজি অনুসৰি বিনতা কদ্রুৰ দাসী হ’বলগীয়া হ'ল। পুত্র গৰুড়েও নাগবিলাকক কান্ধত লৈ ফুৰিবলগীয়া হ’ল। এদিন গৰুড়ে কদ্রুৰ ওচৰলৈ গৈ মাতৃ বিনতাক দাসত্বৰ পৰা মুক্ত কৰি দিবৰ বাবে প্রার্থনা জনালে৷ কদ্রুৱে গৰুড়ক ক'লে—তুমি যদি অমৃত আনি নাগবিলাকক দিব পাৰা, তেতিয়া মাৰাক দাসীৰ পৰা মুক্ত কৰি দিব।” গৰুড়ে অমৃত আনিবৰ কাৰণে ক্ষীৰসমুদ্রলৈ যাত্ৰা কৰিলে। তাত দেৱতাসকলৰ লগত গৰুড়ৰ যুদ্ধ হ’ল। দেৱৰাজ ইন্দ্রই গৰুড়ৰ পৰাক্ৰমত সন্তুষ্ট হৈ তেওঁ বিচৰামতে বৰ দিলে যে নাগবিলাক তেওঁৰ ভক্ষ্য হ'ব। গৰুড়ে অমৃতৰ কলহ লৈ আহি নাগবিলাকৰ ওচৰত উপস্থিত হ'লহি। গৰুড়ে অমৃতৰ কলহটো পবিত্র কুশবনৰ ওপৰতে থ’লে আৰু নাগবিলাকক চমজাই দিলে। অমৃতৰ কলহ পাই নাগবিলাকে গৰুড় আৰু গৰুড়ৰ মাকক দাসত্বৰ পৰা মুক্ত কৰি দিলে। গৰুড় যােৱাৰ ঠিক পিছতেই ইন্দ্ৰই অমৃতৰ কলহটো লৈ গুচি গ'ল। ইফালে নাগবিলাকে কলহটো নেদেখি কলহটো থােৱা ঠাইটুকুৰাকে চেলেকিবলৈ ধৰিলে। কুশবনে সিহঁতৰ জিভা ফালি দুডােখৰ কৰিলে। আনহাতে নাগবিলাকে অমৃত খাই অমৰ হৈ মাকৰ অভিশাপৰ পৰা ৰক্ষা পৰাৰ পথ বন্ধ হ’ল। সেয়ে বাসুকীয়ে ভায়েকহঁতৰ সৈতে ব্রহ্মাৰ ওচৰ পালেগৈ আৰু নাগকুলৰ ৰক্ষাৰ উপায় বিচাৰিলে। ব্রহ্মাই তেওঁলােকৰ পৰা সকলাে কথা জানি লৈ ক'লে— “তােমালােকে তােমালােকৰ ভনী জৰৎকাৰীক জৰৎকাৰু মুনিলৈ বিয়া দিয়াগৈ। তেওঁলােকৰ যি সন্তান হ’ব তেওঁ এজন মহামুনি হ’ব। তেওঁৰ দ্বাৰাই তােমালােকৰ নাগকূল ৰক্ষা হ'ব।”ব্ৰহ্মাৰ কথামতেই সকলাে কার্য সমাপন হ’ল। তেওঁলােকৰ যি সন্তান জন্ম হ’ল তেৱেঁই আস্তিক মুনি। এই আস্তিক মুনিয়েই জন্মেজয়ৰ সৰ্প যজ্ঞত উপস্থিত হৈ নাগবিলাকক নির্মূল হােৱাৰ পৰা ৰক্ষা কৰিলে। নাগবিলাকে মােমায়েকৰ কার্যত সন্তুষ্ট হৈ তেওঁকো বৰ দিলে যে যিয়ে তেওঁৰনাম স্মৰণ কৰিব তেওঁ সর্পভয়ৰ পৰা ৰক্ষা পৰিব। এতিয়াও মানুহে সর্পভয় দূৰ কৰিবলৈ আস্তিক মুনিৰ নাম লয়।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment