Wednesday, April 15, 2026
0 Shares

এজন চিকাৰীৰ কাহিনী-কামেং সীমান্তৰ সাধু

এজন চিকাৰীৰ কাহিনী-কামেং সীমান্তৰ সাধু

এজন চিকাৰীৰ কাহিনী

এসময়ত এখন গাঁৱত এজন চিকাৰী আছিল। চিকাৰী হ'লেও তেওঁ বৰ দয়ালু আৰু উদাৰ স্বভাৱৰ আছিল। গােটেই গাঁওবাসীক তেওঁ সমান চকুৰে চাইছিল; বিপদে আপদে সহায় কৰি ফুৰিছিল। তেওঁ নিজে মাছ-মাংস নাখাইছিল, কিন্তু চিকাৰ কৰাটো তেওঁৰ প্ৰধান চখ আছিল। তেওঁৰ আগৰ পৰা কোনাে জীৱ-জন্তুৱে সাৰি যাব নােৱাৰিছিল। তেওঁ চিকাৰ কৰি পশু পক্ষী মাৰি আনিছিল আৰু তাৰ মাংস গাঁওবাসীক বিলাই দি আনন্দ উপভােগ কৰিছিল। তদুপৰি কোনােবাই যদি তেওঁক পশু এটা মাৰি আনি দিবলৈ কয়, তেন্তে তৎক্ষণাৎ হাবিলৈ গৈ পহু মাৰি আনি গােটে গােটে দি গৈছিল।

তেওঁৰ এজন অন্তৰংগ বন্ধুৰ বিয়াৰ কথা। বিয়াখনত তেওঁ এটা ডাঙৰ ভােজৰ আয়ােজন কৰিলে। ভােজত খুৱাবৰ কাৰণে পহু চিকাৰ কৰি অনাৰ ভাৰ তেওঁৰ ওপৰত দিলে। চিকাৰীজনেও আনন্দ মনেৰে তেওঁৰ ধনু-কাঁড় লৈ হাবিলৈ গ'ল। তেওঁ গােটেই দিন পহু বিচাৰি হাবিত অনাই-বনাই ফুৰিলে; কিন্তু দুর্ভাগ্যক্রমে সেইদিনা এটা পহুও তেওঁ দেখিবলৈ নাপালে। সিফালে বেলি মাৰ যাওঁ যাওঁ হ'ল। আৰু অলপ পলম হলেই বন্ধুজনে ভােজ খুৱাব নােৱাৰিব আৰু তেওঁ যদি শুদা হাতেৰেই ওভতে, তেন্তে তেওঁৰ ভাল চিকাৰী বুলি থকা খ্যাতি নাইকিয়া হ'ব। তেওঁ বৰ বিপদত পৰিল।

অৱশেষত বন্ধু তথা নিজৰ খ্যাতি ৰক্ষাৰ হেতু চিকাৰীজনে নিজৰ পােহনীয়া ভেড়া এটাকে বধ কৰি দিয়াৰ কথা ভাবিলে। তেওঁ লুকাই-চুৰকৈ ঘৰলৈ উভতি আহিল আৰু কোনেও নেদেখাকৈ গড়ালৰ পৰা ভেড়া এটা হাবিলৈ লৈ গ'ল। তেওঁ ভেড়াটো বধ কৰিবলৈ ওলাই দেখিলে যে মাংস থবলৈ ঘৰৰ পৰা একো পাত্র নানিলে। ভেড়াটোক গছ এডালত বান্ধি দাখন তাৰ ওচৰত থৈ চিকাৰীজন ঘৰলৈ উলটি গ'ল। কিছুপৰৰ মূৰত সাজ-বাচন লৈ উভতি আহি চিকাৰীজনে দেখিলে যে ভেড়াটোৱে তাৰ আগ ঠেঙেৰে মাটি খুঁচৰি খুঁচৰি গাঁত এটা কৰি লৈছে আৰু দাখন পুতিব বিচাৰিছে। চিকাৰীজনে দূৰৰ পৰা ঘটনাটো অবাক হৈ চাই থাকিল। দাখন পুতি থােৱাৰ পিছত ভেড়াটোৱে চিকাৰীজনলৈ কৰুণভাৱে চালে। ভেড়াটোৰ চকু দুটাৰ পৰা ধাৰাসাৰে পানী ওলাই অহা তেওঁ দেখিবলৈ পালে।

এজন চিকাৰী এজন চিকাৰীৰ কাহিনী-কামেং সীমান্তৰ সাধু

ভেড়াটোৰ এই কামে চিকাৰীজনৰ হৃদয়ত গভীৰভাৱে ৰেখাপাত কৰিলে। চিকাৰীজনে ভাবিলে, মানুহে যেনেকৈ মৰিবলৈ ভয় কৰে, ঠিক সেইদৰে জীৱ-জন্তুৱেও মৰিবলৈ ভয় কৰে। সেইবাবে নিষ্ঠুৰভাৱে জীৱ হত্যা কৰিলে সিহঁতে মানুহে পােৱা যন্ত্রণাৰ দৰে যন্ত্রণা ভােগ কৰি মৃত্যুবৰণ কৰিব লগা হয়। সিহঁতৰো মানুহৰ দৰে মন আছে, মানুহৰ দৰে দুখ-বেজাৰ, হাঁহি-কান্দোন আছে, জীৱ এটাক বধ কৰা মহাপাপ।

মইতাে এতিয়ালৈকে বহু জীৱ বধ কৰিলাে, গতিকে মই বহু পাপ কৰিলাে, মােতকৈ পাপী মানুহ এই পৃথিৱীত কোনাে নাই, গতিকে মই মানুহ নামৰ যােগ্য নহওঁ। চিকাৰীজন অনুতাপত শােকাকুল হৈ পৰিল। তেওঁৰ চকুৰ পৰাও ধাৰাসাৰে চকুলাে বৈ আহিল। তেওঁ তেতিয়া ভেড়াটো মুকলি কৰি দিলে আৰু প্রায়শ্চিত্তৰ কাৰণে নিজে পাহাৰৰ ওপৰলৈ গৈ তাৰ পৰা তললৈ জাপ মাৰি দিলে, যাতে তেওঁ মৰি যাব পাৰে, কিন্তু তেওঁ নমৰিল; বৰঞ্চ ভগৱানে আহি তেওঁক ওপৰলৈ তুলি লৈ গ'ল আৰু স্বৰ্গত মহাসুখেৰে থাকিবলৈ দিলে।

চিকাৰীজনৰ ভাগ্য দেখি গাঁৱৰ এজন চকুচৰহা মানুহৰ ঈর্ষা উপজিল। তেওঁ ভাবিলে— তাৰ দৰে মই একো পাপ কৰা নাই, তাৰ দৰে মই পহুও বধ কৰা নাই। তেনে এজন পাপী মানুহক ভগৱানে স্বৰ্গলৈ নি মহাসুখত ৰাখিছে, মােকনাে নাৰাখিব কিয়?

সেইদৰে ভাবি-গুণি তেৱোঁ পাহাৰৰ টিঙৰ পৰা তললৈ জাপ মাৰি দিলে। কিন্তু তেওঁক ভগৱানে ওপৰলৈ তুলি নিনিলে; বৰঞ্চ পাহাৰৰ তলত পৰি তেওঁ মৰি থাকিল।

এজন চিকাৰী এজন চিকাৰীৰ কাহিনী-কামেং সীমান্তৰ সাধু

(আশা কৰোঁ আপুনি  “এজন চিকাৰীৰ কাহিনী-কামেং সীমান্তৰ সাধু”টো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই “এজন চিকাৰীৰ কাহিনী-কামেং সীমান্তৰ সাধু”টো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment