Wednesday, April 15, 2026
0 Shares

কপাহৰ জন্ম

বহুদিনৰ আগৰ কথা। তেতিয়াও মানুহৰ সমাজত কাপােৰ ব্যৱহাৰ হােৱা নাছিল। মানুহবােৰে কেতবোৰ গছৰ বাকলি পিন্ধিবলৈহে শিকিছিল আৰু কেতবােৰে উলংগ অৱস্থাতেই আছিল। সেই যুগৰ মানুহবােৰে হাবিৰ ফলমুল সংগ্রহ কৰি নাইবা চিকাৰ কৰি বন্য জন্তুৰ মাংসৰে সিহঁতৰ জীৱন নিৰ্বাহ কৰিছিল। 

সেইদৰে এজন মিকিৰ মানুহে তেওঁৰ একমাত্ৰ মৰমৰ জীয়েকক লগত লৈ এদিন হাবিয়ে হাবিয়ে ফলমূল সংগ্রহ কৰি ফুৰিছিল। এইদৰে বহুদূৰ ঘূৰি ফুৰোঁতে তেওঁলােক এটা পাহাৰৰ এঢলীয়া ঠাইত কেতবােৰ বগা ফুল ফুলি থকা দেখিলে। তাকে দেখি জীয়েকৰ ফুলবােৰৰ প্ৰতি বৰ মােহ লাগিল আৰু দেখিবলৈ ভাল কেতবােৰ ফুল গােটাই আনিলে। জীয়েকৰ অনুৰােধ এৰাব নােৱাৰি বাপেকেও অন্যান্য ফল-মূলৰ লগতে বহুত ফুল গুহাৰ ভিতৰলৈ লৈ আহিল। বাপেক-জীয়েকৰ ফুলবােৰ একেলগ কৰাত বহুখিনি হ'ল। 

এতিযা সেই ফুলবােৰ পাই জীয়েকে বাপেকৰ লগত ফল মূল বিচাৰি নােযােৱা হ’ল। সেই ফুলবােৰৰ পাহিবােৰ সৰু সৰু জৰীৰ দৰে দীঘল-দীঘলকৈ বাটি গােটাবলৈ ধৰিলে। ফুল শেষ হ'লে পুনৰ সেই পাহাৰটোলৈ গৈ দুয়াে বাপেক-জীয়েকে ফুল তুলি আনে আৰু তাকে দিনৰ দিনটো জীয়েকে ফুলবােৰ জৰী বটাদি বটে। পিতাকে গােটাই অনা ফল-মূলকে দুয়াে খাই নিশাটোৰ বাবে জিৰণি লয়। আকৌ ৰাতি নৌপুৱাওঁতেই বাপেক যায় হাবিলৈ ফল-মূল বিচাৰি আৰু জীয়েকে বটে সেই ফুলবােৰৰ জৰী। 

এইদৰে বহুদিনৰ মুৰত জীয়েকে বটা জৰীৰে ঘৰৰ চুক এটা ভৰিল। তেতিয়া বাপেক-জীয়েক দুয়াে মিলি জৰীবােৰকে এদলীয় মােৰেৰে অভ্যাস বশতঃ ববলৈ ধৰিলে। এইদৰে বােৱাত কিছুদিন মুৰত তাৰপৰা এখন গছৰ বাকলিতকৈ নিমজ আৰু পিন্ধি আৰাম লগা ফুলৰ কাপােৰ হ’ল। প্রথমৰখন ফুলৰ কাপােৰ ছােৱালীজনীয়ে কঁকালত মেৰালে। মেৰাই বৰ আৰাম পালে আৰু তাইৰ মনটোও বৰ ভাল লাগিল। তাৰ পিচত তাই ফুলৰ কাপােৰ তাইৰ বাপেককো সেইদৰে বৈ দিলে। তাকে দেখি আন আন মানুহ বােৰেও বৈ লবলৈ ধৰিলে আৰু সেই পাহাৰৰ ফুলবােৰ বৰ আদৰ কৰিবলৈ ধৰিলে। 

পিচত লাহে লাহে মানুহে মাটি চহ কৰি সেই ফুলৰ গুটি সিঁচি নিজৰ ব্যৱহাৰত লগাবলৈ ধৰিলে। পাহাৰত পােৱা সেই বগা ফুলবােৰেই কপাহ (ফলক) আৰু তাৰ পৰা বটা জৰীবােৰৰ সমষ্টিয়েই কাপােৰ (পে)। 

এনেকৈয়ে প্রথমতে মিকিৰ সমাজলৈ কপাহ আৰু কাপােৰ আহিল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment