নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি এই ৰচনাখনৰ জৰিয়তে কম্পিউটাৰ আৰু ইয়াৰ মহত্ত্বৰ বিষয়ে আলোচনা কৰিম। সেয়েহে, কম্পিউটাৰৰ বিষয়ে অধিক জানিবলৈ ৰাচনাখন শেষলৈকে পঢ়ক। ধন্যবাদ।
আদিম মানৱে তেওঁলোকৰ জীৱন-যাত্ৰাৰ প্রথম আহিলা তৈয়াৰ কৰিছিল শিলৰ পৰা। সেই যে আৰম্ভণি, তাৰ পিছত আৰু উভতি চোৱাৰ প্রয়োজনেই নহ’ল। মানুহৰ চিন্তাচৰ্চাই নতুন নতুন আহিলা বা যন্ত্ৰ-পাতিৰ উদ্ভাৱন কৰিবলৈ ধৰিলে। জীৱনক অধিক সহজ, আৰামদায়ক আৰু আনন্দময় কৰাৰ চেষ্টাই আজি আমাক এনে এটা পৰ্যায়লৈ আনিলে যে আমাৰ সেই অতীজৰ পূৰ্বপুৰুষসকলৰ জীৱন-যাত্ৰাৰ কথা কল্পনা কৰিবলৈকো কঠিন হৈ পৰিল। কিন্তু মানুহৰ আকাংক্ষা ইমানতে শেষ হৈ যোৱা নাই; বৰং ই বেচি তীব্ৰ হোৱাৰ লগে লগে তাৰ পৰিসৰো বাঢ়ি গৈ আছে।
কম্পিউটাৰ হ’ল জটিল আৰু সময় খৰচী গাণিটিক সমস্যাৰ দূত আৰু শুদ্ধ সমাধানৰ বাবে নির্মিত স্বয়ংক্রিয় ইলেকট্রনিক যন্ত্র বা আহিলা। বর্তমান কম্পিউটাৰ শব্দটো প্ৰতিজন মানুহৰে পৰিচিত। লাহে লাহে আমাৰ জীৱন-যাত্ৰাৰ প্ৰায় সকলো ক্ষেত্ৰতে এই কম্পিউ_টাৰ নামৰ যন্ত্ৰটো ব্যৱহাৰ হ’বলৈ আৰম্ভ কৰিছে। সৌ সিদিনালৈকে কল্পনাৰ পৰিসীমাত আবদ্ধ হৈ থকা কম্পি_উটাৰ এতিয়া আমাৰ জীৱন-যাত্ৰাৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছে। এনে এটা সময় আহিবলৈ আৰু বেছিদিন নাই, যেতিয়া আমাৰ ঘৰে ঘৰে কম্পিউ_টাৰৰ ব্যৱহাৰ অনিবাৰ্য হৈ পৰিব।
শাৰিৰীক-মানসিক শ্ৰম লাঘবৰ উপায় কম্পিউটাৰ
কম্পিউটাৰ আধুনিক বিজ্ঞানৰ এক মহৎ উদ্ভাৱন। শাৰীৰিক পৰিশ্রম লাঘৱ কৰিবৰ কাৰণেই মানুহে এদিন যন্ত্র উদ্ভাৱন কৰিবলৈ লৈছিল। ঠিক সেইদৰে মানসিক পৰিশ্রম লাঘৱ কৰিবৰ কাৰণেও মানুহে যন্ত্ৰ-পাতি উদ্ভাৱন কৰাৰ কথা ভাবিলে আৰু ইয়াৰ ফলতে মানুহে এদিন কম্পিউ_টাৰ উদ্ভাৱন কৰিলে। সাধাৰণভাৱে ক’বলৈ গ'লে ৰেডিঅ’, টেলিভিছনৰ দৰে কম্পিউটাৰো এবিধ যন্ত্র, ইলেকট্রনিক যন্ত্র। যন্ত্ৰই মানুহৰ কৰ্মশক্তি বঢ়ায়। কিন্তু যন্ত্ৰ এটা পৰিচালনা কৰিবলৈ মানুহৰ প্রয়োজন। একেদৰে মানুহ অবিহনে কম্পিউটাৰেও একো কাম কৰিব নোৱাৰে। অৱশ্যে ‘কম্পিউ_টাৰ’ আৰু আন ‘যন্ত্ৰৰ মাজত এটা গুৰুত্বপূর্ণ পার্থক্য আছে। আন যন্ত্রসমূহে সাধাৰণতে মানুহৰ শাৰীৰিক শ্ৰমহে লাঘৱ কৰে; কিন্তু কম্পিউটাৰে প্রধানতঃ মানুহৰ মানসিক শ্ৰম কমায়। অৱশ্যে কম্পিউটাৰে মানুহৰ অসাধ্য কোনো কাম কৰিব নোৱাৰে; কেৱল জটিল আৰু সময় খৰচী কামবোৰ কম্পিউটাৰে মানুহতকৈ দ্রুতভাৱে আৰু নিৰ্ভুলকৈ সমাধান কৰিব পাৰে।

কম্পি_উটাৰক সাধাৰণতে এটি গণনাকাৰী যন্ত্ৰ বুলি কোৱা হয় যদিও দৰাচলতে ই গণনাকাৰী যন্ত্রসমূহতকৈ বহুগুণে বেছি শক্তিশালী। তদুপৰি কম্পি_উটাৰৰ সাধাৰণ কেইটামান বিশেষ গুণ আছে। সেয়া হ’ল তাৰ (১) অতি দ্রুত বেগ। এটা আধুনিক কম্পি_উটাৰে পোন্ধৰটা অংক বিশিষ্ট দুটা সংখ্যা যোগ কৰিবলৈ এক ছেকেণ্ডৰ এক লাখ ভাগৰ এভাগ মাত্র সময় লয়। (২) তথ্য জমা কৰি ৰাখি থ’ব পৰা ক্ষমতা বা স্মৃতি (Memory)। ৩০,০০০ পৃষ্ঠাৰ বিশ্বকোষ এখনো অনায়াসে কম্পি_উটাৰৰ স্মৃতি ভঁৰালত ভৰাই থব পাৰি। (৩) নিখুতকৈ কাম কৰিব পৰা ক্ষমতা। ইয়াৰ উপৰি (৪) কম্পি_উটাৰক প্রগ্রেম কৰি থ'ব পাৰি, – অর্থাৎ, এলানি নির্দেশ একেবাৰতে দি থৈ পাছত তাক ক্রম অনুসৰি কাম কৰাব পাৰি।
অন্তৰ্ভাগৰ গঠন
গঠনৰ দিশৰ পৰা কম্পিউটাৰক তিনিটা ভাগত ভাগ কৰা হৈছে-
- এনালগ কম্পিউটাৰ (Analog Compute),
- ডিজিটেল কম্পিউটাৰ (Digital Computer) আৰু
- হাইব্রিড কম্পিউটাৰ (Hybrid Computer)।

এনালগ কম্পি_উটাৰত কোনো এটা ভৌতিক ৰাশিক (যেনে- উষ্ণতা) পোনে পোনে অন্য এটা ৰাশিলৈ (যেনে- পাৰাৰ স্তম্ভৰ উষ্ণতা) সলোৱা হয়। আগতে ৰকেটৰ পথ আদি উলিওৱাৰ বাবে এনে কম্পি_উটাৰ ব্যৱহাৰ কৰা হৈছিল। আজিকালিৰ প্ৰায়বোৰ কম্পি_উটাৰ ডিজিটেল কম্পি_উটাৰহে, – যি সংখ্যা, শব্দ আদিৰ লগতহে কাম কৰে। ইয়াত প্ৰায় সকলো হিচাপ-নিকাচ সংখ্যাৰ সহায়তহে হয়। বর্ণ অনুসৰি বহুৱাবলৈ দিলে। এই কম্পি_উটাৰে ইণ্ডিয়া (INDIA) শব্দটো আছাম (ASSAM) শব্দটোৰ পিচত বহুৱাব; সেই কামটোও সি কিছুমান সংখ্যাত ভাঙি লৈহে কৰি পেলায়। এনালগ আৰু ডিজিটেল দুয়োটা পদ্ধতি লগ লগাই সজা কম্পি_উটাৰকে সংকৰ বা হাইব্রীড কম্পি_উটাৰ বোলা হয়।
কম্পিউটাৰ এটাৰ ভিতৰত পাঁচটা প্রধান গোট থাকে। এই গোটকেইটাৰ সহায়তে সি সকলো কাম কৰে। গোটকেইটা হ’ল- (১) ইনপুট (বা তথ্য সুমুৱাই দিয়া গোট) (২) মেমৰি (বা স্মৃতিৰ গোট); (৩) কণ্ট্ৰ’ল ইউনিট বা নিয়ন্ত্রণকাৰী গোট); (৪) এৰিথমেটিক এণ্ড লজিক ইউনিট (বা অংক কৰা আৰু যুক্তিৰে চালি-জাৰি চোৱা গোট); আৰু (৫) আউটপুট (বা তথ্য জনাই দিয়া গোট)। ইয়াৰে মেম’ৰি, কণ্ট্ৰ’ল ইউনিট, আৰু এৰিথমেটিক লজিকেল ইউনিট লগ লাগি চেণ্ট্ৰেল প্রচেছিং ইউনিট (central Processing Unit বা সংক্ষেপে CPU) গঠন কৰে।

কম্পি_উটাৰৰ শৰীৰটোক বা তাৰ অংশবোৰক হাৰ্ডৱেৰ বোলে। ইনপুট, আউটপুট, চি পি ইউ, বাহিৰৰ স্মৃতি বা ভঁৰাল শাখা এইবোৰ হল কম্পি_উটাৰৰ হাৰ্ডৱেৰ (Hardware)। সাধাৰণতে লো, তীখা, প্লাষ্টিক, ৰবৰ আদিৰে হাৰ্ডৱেৰ অংশ গঠিত। আনহাতে কম্পি_উটাৰক দিয়া নির্দেশ বা প্রগ্রেমবোৰক বোলা হয় ছফ্টৱেৰ (Software)। ছফ্টৱেৰৰ সহায়ত কম্পি_উটাৰে তাৰ কামবোৰ কৰে। বিভিন্ন ধৰণৰ কামৰ বাবে বিভিন্ন ছফ্টৱেৰ ৰচনা কৰি তাক ব্যৱহাৰ কৰা হয়। ছফ্টৱেৰ আৰু হাৰ্ডৱেৰৰ সমষ্টিটোহে এটা কাৰ্যক্ষম কম্পি_উটাৰ। এটাই অকলে কোনো কাম কৰিব নোৱাৰে। হাৰ্ডৱেৰ আৰু ছফ্টৱেৰৰ সহজ চিনাকিটো হ’ল- কম্পিউটাৰৰ হাৰ্ডৱেৰ অংশ (যেনে- কম্পি_উটাৰত থকা টিভিৰ নিচিনা স্ক্ৰীন খন) হাতেৰে চুব পাৰি (Tangible)কিন্তু কম্পি_উটাৰৰ ছফ্টৱেৰ অংশ (যেনে- কম্পি_উটাৰৰ প্রগ্রেম) হাতেৰে চুব নোৱাৰি (Intangible)।

কম্পিউটাৰৰ সহায়ত বিভিন্ন ধৰণৰ কাম কৰিব পাৰি। অংক কৰা, বানানৰ ভুল শুধৰোৱা, নতুন নতুন গীতৰ সুৰ সংযোজন কৰা, খেলা, ব্যৱসায়-বাণিজ্যৰ হিচাপ ৰখা, ছাত্ৰ-ছাত্ৰীক পঢ়া-শুনাত সহায় কৰা, চিনেমা চোৱা, প্রতিবন্ধী ব্যক্তিৰ লগত কথা বতৰা বা ভাব বিনিময়ত সহায় কৰা, বতৰৰ আগলি বতৰা নিৰ্ভুলকৈ জনোৱা, অনুবাদ কৰা আদিৰ লগতে বিজ্ঞানৰ অলেখ কাম-কাজো কম্পি_উটাৰৰ সহায়ত কৰিব পাৰি। চলচ্চিত্ৰৰ ‘স্পেচিয়েল ইফেক্টছ’ (special efects) দিয়াৰ কামতো সম্প্রতি কম্পি_উটাৰৰ বহুল ব্যৱহাৰ হৈছে। আজিকালিৰ ছবি বিলাকতো কম্পি_উটাৰৰ স্পেচিয়েল ইফেক্টছৰ বহুল প্রয়োগ কৰা হৈছে। দৰাচলতে কম্পি_উটাৰৰ সহায়ত আমি কি কৰিব পাৰো তাৰ তালিকা অন্তহীন। তদুপৰি প্রতিদিনেই কম্পি_উটাৰৰ নতুন নতুন ব্যৱহাৰ হৈয়েই আছে।
সামৰণি
আজিকালি চৰকাৰেও মেধাবী ছাত্ৰ-ছাত্ৰীক কম্পিউটাৰ দিয়াৰ ব্যৱস্থা কৰিছে। আধুনিক জীৱনত কম্পি_উটাৰৰ বহুল প্রয়োগে মানুহৰ কাম সহজ কৰি তুলিছে। কম্পি_উটাৰ নজনা মানুহ পৃথিৱীৰ বহু চমৎকাৰ কথাৰ পৰা বঞ্চিত হৈ থাকে।
(আশা কৰোঁ আপুনি ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)
Comments (0)
Leave a Comment