Wednesday, April 15, 2026
0 Shares

কুকুৰীকণা | burhi aair sadhu stories in assamese

কুকুৰীকণা | burhi aair sadhu stories in assamese

এখন গাঁৱত এটা মানুহৰ দুজনী ৰূপহী জীয়েক আছিল। ডাঙৰজনীৰ নাম ৰূপেশ্বৰী, সৰুজনীৰ নাম গুণেশ্বৰী। ৰূপেশ্বৰীক বিয়া দিবৰ হ’লত, বাপেকে তাৰ গাঁৱত অনেক প্ৰবন্ধ কৰি দৰা বিচাৰিবলৈ ধৰিলে, কিন্তু ছোৱালীৰ যোৰৰ দৰা বিচাৰি নাপালে। সেইদেখি দূৰৰ গাঁৱত দৰা বিচাৰিবলৈ বুলি বাপেক ওলাল। এনেতে ৰূপেশ্বৰীৰ মাকে গিৰীয়েকক ক’লে, ”আপুনি দূৰলৈ দৰা বিচাৰি নাযাব, দূৰত মই ছোৱালী বিয়া নিদিওঁ। ওচৰতে বিয়া দিলে মই সততে ছোৱালীজনী দেখি থাকিবলৈ পাম, দূৰৈত দিলে সেইটো কেনেকৈ হ’ব?” গিৰীয়েকে ঘৈণীয়েকৰ কথা এৰাব নোৱাৰি অগত্যা ওচৰৰে ডেকা ল’ৰা এটাৰ সৈতে জীয়েক ৰূপেশ্বৰীৰ বিয়া দিলে।

ৰূপেশ্বৰীৰ গিৰীয়েক কুকুৰীকণা আছিল; কিন্তু সেই কথা সি লুকাই ৰাখিছিল। সেইদেখি গাঁৱৰ আন আন মানুহে আৰু তাৰ শাহুৱেক-শহুৰেকে সেইটো নাজানিছিল।

জোঁৱায়েকে শহুৰেকৰ গৰু এটা খুজি আনি দিনচেৰেক হাল বাইছিল। এদিন শহুৰেকে জোঁৱায়েকক গৰুটো ওভতাই খুজি পঠিয়ালে। সেইদিনা দৈবাত্‌ গৰুটো ঘৰলৈ উভতি অহাত সন্ধ্যা লাগিছিল। কুকুৰীকণা জোঁৱায়েক মস্কিলত পৰিল, কেনেকৈ সি গৰুটো নি শহুৰেকৰ ঘৰত দিয়েগৈ। সি ভালেখিনি পৰ ভাবি-চিন্তি থিৰ কৰিলে যে গৰুটো শহুৰৰ ঘৰ-মূৱাকৈ এৰি দি তাৰ নেজত ধৰি মই গৈ থাকো, তেনেহ’লে সি নিশ্চয় তাৰ চিনাকি ঘৰ ওলাবগৈ।

কুকুৰীকণা | burhi aair sadhu stories in assamese কুকুৰীকণা | burhi aair sadhu stories in assamese

সি তাকে কৰিলত গৰুটো গৈ তাৰ আগৰ গোহালিত সোমালগৈ আৰু সিও তাৰ নেজত ধৰি গৈ সেইখিনি পালেগৈ। এনেতে শহুৰেকে জোঁৱায়েকক দেখা পাই সুধিলে, ”সেইটি জোঁৱাইনে?’ জোঁৱায়েকে উত্তৰ দিলে, ”আপুনি গৰুটো খুজি পঠিয়াইছিল দেখি আনি গোহালিত বান্ধিছোহি।” ইয়াৰ পিছতো জোঁৱায়েক ওলাই নহা দেখি শহুৰেকে মাত লগালে, ”ওলাই আহাঁ, তাত কি কৰিছা? হাত-ভৰি ধুই বহি মেলি এমুঠি ভাতকে খোৱাহি। নোখোৱাকৈ নেযাবা।’

জোঁৱায়েকে উত্তৰ দিলে, ”এৰা আপোনালোকৰ গোহালিত গৰু কেইটা আছে তাকে লেখিহে চাইছো এতিয়া।” শহুৰেকে ক’লে, ”এই কিনো গৰু লেখিবা, টিকৌটিপৌ মেমেৰা চেৰেলা গৰু গোটাচেৰেকহে আছে, ভালেকেইটা আৰু বেলি ছবকাত পৰি মৰি-হজি ঢুকাইছে” বুলি শহুৰেক ভিতৰ সোমাই গৈ জীয়েক গুণেশ্বৰীক ক’লে, ”আই ঘটী এটাত পানী লৈ যা, ভিনীহিয়েৰক মাতি আনি ভৰি ধুবলৈ পানী দি বহুৱাগৈ।”

সিফালে জোঁৱায়েকে গোহালিৰ পৰা ওলাই ঘৰলৈ উভতি যাবলৈ বাট খেপিয়াই ফুৰিছিল; এনেতে খুলশালীয়েকে মাত লগালে’ ”ভিনীহিদেউ, আহাঁ ভৰি ধোৱাহি, পানী আনিছোঁ।” ভিনীহেয়েকে খুলশালীয়েকৰ মাত শুনি উত্তৰ দিলে’ ”আইটীনে? আহাঁ মোক আদৰি নিয়াহি, নহ’লে মই এনেয়ে নাযাওঁ; মোৰ নিচিনা ভিনীহিনো ক’ত পাইছিলা?” এই কথা শুনি সৰল মনৰ গুণেশ্বৰীয়ে ভিনীহিয়েকক হাতত ধৰি কাবৌ-কোকালি কৰি লৈ গৈ ভৰি ধুবলৈ ভিনীহিয়েকক পানী ঘটী আগবঢ়াই দিলে।

এনেতে ভিনীহিয়েকে মাত লাগলে, ”তুমি মোৰ ভৰি ধুৱাই দিয়া, আজি ভালেমান দিনৰ মূৰত আহিছোঁ, তোমালোকে দেখিছো মোক সমূলি মৰম নকৰা।” গুণেশ্বৰীয়ে এই কথা শুনি ভিনীহিয়েকৰ ভৰি ধুৱাই দি হাতত ধৰি নি বহিবলৈ ঢৰা পাৰি দি ”বহা” বুলি তাতে বহুৱাই দিলে।

এইদৰে জোঁৱায়েকে কিছুপৰ বহি থকাৰ পিছতে ভাত খাবৰ হ’ল। শহুৰেক ভাত খাবলৈ বহিল। শাহুয়েকে জোঁৱায়েকলৈ ভাত বাঢ়ি দি বহি আছে, জোঁৱায়েকক ভাত খাবলৈ মাতিছে কিন্তু সি উঠি নাহে। বৰকৈ মাতিলত জোঁৱায়েকে উত্তৰ দিলে, ”আজি মোৰ বৰ ভাগৰ লাগিছে, উঠিবই নোৱাৰোঁ, আপোনালোকৰ মোলৈ মৰম আছে যদি ইয়াতে ভাত দিয়ক খাওঁ।” জোঁৱায়েকৰ উত্তৰ শুনি শাহুৱেকে ভাত আনি দিলেহি।

ভাত দিয়া হ’ল, কিন্তু সি দেখিবলৈ নাপায়; নাখাই ৰৈ আছে। সেই দেখি গুণেশ্বৰীয়ে মাত লগালে, ”খোৱা, ভিনীহিদেউ খোৱা।” ভিনীহিয়েকে উত্তৰ দিলে, ”তুমি ভাতত মোৰ হাতখন লগাই দিলেহে খাম, নহ’লে নাখাওঁ। কাৰণ তুমিনো আৰু কিমান দিন বাপেৰৰ ঘৰত থাকিবা, অলপ দিনৰ মূৰতে গুচিয়েই যাবা; এতেকে এই কেইদিনতে তোমাৰ হতুৱাই বন কৰাই লওঁ তেহে মোলৈ মনত থাকি যদি।” ভিনীহেয়েকৰ কথা শুনি গুণেশ্বৰীয়ে তাৰ হাতখন ভাতত লগাই দিলত সি ভাত খাবলৈ বহিল। ইয়াৰ পিছত খুলশালীয়েকেও ভাত খাবলৈ ভিতৰলৈ উঠি গ’ল।

অলপ পৰ পিছতে শাহুৱেকে ওলাই আহি দেখিলে যে জোঁৱায়েক আৰু সেই পাততে এফালৰ পৰা মেকুৰীয়েও ভাত খাব লাগিছে। তাকে দেখি শাহুৱেকে জোঁৱায়েকক ক’লে, ”বোপা, তুমি জানো দেখা নাই তোমাৰ পাততে এফালে মেকুৰীজনীয়ে ভাত খাব লাগিছে, খেদি নিদিয়া কেলৈ?” জোঁৱায়েকে উত্তৰ দিলে, ”আই খাওক দিয়ক, অকল মানুহে খালেই হয়নে? আন জীৱ-জন্তুৱেও খাব লাগে, মেকুৰীয়েও খাওক, মইও খাওঁ; সকলোৱে লাগিভাগি খাই শেষ কৰোহঁক।” শাহুৱেকে ক’লে, ”নহয় নহয়, মেকুৰীজনী খেদাই দিয়া।

কুকুৰীকণা | burhi aair sadhu stories in assamese

তোমাৰ অকণো ঘিণ নেলাগেনে?” এইবুলি শাহুৱেকে ছুহ ছুহ কৰি মেকুৰীজনী খেদাই দি, মেকুৰীজনী আকৌ আহিলে খেদাই দিবলৈ বুলি জোঁৱায়েকৰ হাতত ডোখৰা খৰি এডাল দি ভিতৰলৈ সোমাই গ’ল। ভিতৰৰ পৰা আকৌ শাহুৱেকে ভজা মাছ আৰু চৰ্চৰীয়া আনি জোঁৱায়েকৰ পাতত দিওঁতে জোঁৱায়েকে ভাবিলে যে আকৌ মেকুৰীজনীয়েহে ভাত খাইছেহি। ইয়াকে ভাবি সি কাঠখৰিডালেৰে শাহুয়েকৰ হাতত মাৰ মাৰি দিলে। মাৰ খাই শাহুৱেক বহি পৰিল। উস্‌ উস্‌ কৈ শাহুৱেকে মাত লগালে, ”ভাল কৰিলা বোপা, তুমি মোৰ হাততে মাৰ মাৰি দিলা।”

তেতিয়া জোঁৱায়েকে কি সৰ্বনশীয়া কাম কৰিলোঁ বুলি জানি, শাহুৱেকৰ ভৰিত ধৰি ক’লে, ”আই, ভাত খাওঁতে খাওঁতে মোৰ টোপনি আহিছিল। মই সমাজিক দেখিছিলোঁ সেই মেকুৰীজনীয়ে আকৌ মোৰ পাতত ভাত খাইছিল বুলি। সেই দেখি মেকুৰী বুলিহে মই মাৰ মাৰি দিলোঁ। আই, মই আপোনাৰ দুটি ভৰিত ধৰি কাবৌকৈ মাতিছোঁ, মোক ক্ষমা কৰক আৰু এই কথা কাকো নক’ব।”

শাহুৱেকে এই কথা শুনি জোঁৱায়েকেক ক্ষমা কৰি বেজাৰ নকৰিবলৈ কৈ ভিতৰলৈ গ’লতে, জোঁৱায়েকে ভাতৰ পাতৰ পৰা উঠি খেপিয়াই বাহিৰলৈ আহি হাত মুখ ধুলে। এই ঘটনাৰ পিছত সি আৰু লাজত ভিতৰলৈ যাবলৈ মন নকৰি কাকো মাত নলগোৱাকৈ ঘৰলৈ যাবলৈ ধৰিলে। দুখোজমান গৈয়েই সি বাট বিচাৰি নাপায় চোতালৰ আগত থকা কচুৱনিত সোমালগৈ। কচুৱনিত সোমাই সি ভাবিলে, ”এইখন ডাঙৰ হাবি, ৰাতি ইয়াৰপৰা ওলাই বাট বিচাৰি গৈ ঘৰ পোৱাটো মোৰ পক্ষে অসাধ্য, এতেকে আজি ৰাতিটোলৈ ইয়াতে মনে মনে সোমাই থাকি ৰাতি পুৱালেই কোনেও নেদেখাকৈ ঘৰলৈ যামগৈ।” ইয়াকে ভাবি সি নিচিন্ত মন তাতে বহি থাকিল।

কুকুৰীকণা | burhi aair sadhu stories in assamese

ইফালে শাহুৱেক-শহুৰেকে জোঁৱায়েকেক নেদেখি, সি ঘৰলৈ গুচি গ’ল ভাবি মনে মনে থাকিল। ইয়াৰ অলপ পিছতে শাহুৱেকে জোঁৱায়েকৰ চুৱা ধুই চৰিয়াৰ চুৱা পানীবোৰ বাহিৰলৈ ওলাই আহি কচুৱনিৰ মাজলৈ মাৰি পঠিয়ালে। চৰিয়াৰ পানীবোৰ দীঘল দীঘল কচুৰ পাতত পৰি তাৰ পৰা ছিটিকি গৈ জোঁৱায়েকৰ গা-মূৰ তিয়াই পেলালে। এইদৰে গাত পানী পৰিলত, জোঁৱায়েকে ভাবিলে, বৰষুণহে দিছে। তাকে ভাবি সি মাত লগালে, ”হে মেঘ দেৱতা, কুকুৰীকণাৰ প্ৰতি প্ৰসন্ন হোৱা আৰু বৰষুণ নিদিবা; আজি যিবোৰ দুখ পাইছোঁ সেইবোৰেই আঁতিছে আৰু দুৰ্ভগীয়াক দুখ নিদিবা।”

জোঁৱায়েকৰ মাত শুনি শাহুয়েকে লৰালৰিকৈ চাকিটো বাহিৰলৈ উলিয়াই আনি দেখে জোঁৱায়েকে কচুৱনিৰ মাজত জুৰুলি-জুপুৰি হৈ বহি আছে। তেতিয়া শাহুৱেকে কোঁৱায়েকেক কুকুৰীকণা বুলি বুজিব পাৰি গিৰীয়েক আৰু জীয়েকক মাতি আনি সকলো কথা কৈ জোঁৱায়েকক তাৰপৰা ধৰি-মেলি আনি গা-পা ধুৱাই শুকান চুৰিয়া পিন্ধাই পাটীত শুৱাই থৈ দিলে।

(আশা কৰোঁ আপুনি "কুকুৰীকণা | burhi aair sadhu stories in assamese by Lakshminath Bezbaruah" সাধুটো ভাল পাইছে। যদি আপুনি আমাৰ লিখনিটো ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment