Wednesday, April 15, 2026
0 Shares

কৃতঘ্ন

প্রাচীন ভাৰতবৰ্ষৰ অন্তৰ্গত ‘হৈহয়’ নামৰ এখন ৰাজ্যত কৃতবীৰ্য্য নামৰ এজন প্রসিদ্ধ ৰজাই ৰাজত্ব কৰিছিল। কার্তবীৰ্য্য আছিল তেওঁৰ পুত্ৰ। ৰজা কৃতবীৰ্য্যৰ অৱসৰৰ পিছত কার্তবীৰ্য্যই হৈহয় ৰাজ্যৰ ৰাজকাৰ্যৰ দায়িত্ব গ্রহণ কৰে। এইজন কার্তবীৰ্য্যই ভগৱানৰ অৱতাৰ দত্তাত্রেয়ক আৰাধনা কৰি তেওঁৰ অনুগ্রহত এক হাজাৰ বাহু আৰু অসীম ক্ষমতা লাভ কৰে। এবাৰ কার্তবীৰ্য্যই লগত সৈন্য-সামন্ত লৈ মৃগয়ালৈ গৈছিল। তেওঁলােকে গৈ গৈ জমদগ্নি মনিৰ আশ্ৰমৰ ওচৰৰ হাবিত প্রৱেশ কৰিছিল। হাবিত বহু সময় মৃগয়াৰ নামত ঘূৰি ঘূৰি ৰজা আৰু সৈন্যসকল ভাগৰি পৰিছিল। তেওঁলােক ক্রমে ভােকাতুৰ আৰু তৃষ্ণাতুৰ হৈ পৰিছিল। অৱশেষত বাধ্য হৈ তেওঁলােকে ওচৰতে থকা জমদগ্নি মুনিৰ আশ্ৰমত প্ৰৱেশ কৰিছিল আৰু মুনিক সকলাে কথা বিৱৰি কৈছিল। মুনিয়ে ৰজাক অতিথি ৰূপত লাভ কৰি নিজকে ধন্য মানিলে। মুনিৰ এজনী কামধেনু আছিল। কামধেনুৰ নাম আছিল “সুৰভি”। কামধেনুৰূপী সুৰভিৰ গাখীৰ অপূর্ব সােৱাদযুক্ত আৰু তৃপ্তিদায়ক আছিল। ৰজাই বিচৰা ধৰণে মুনিয়ে কামধেনুৰ সহায়ত ৰজাৰ সৈতে সকলাে সৈন্য-সামন্তক যথাযােগ্য ভাৱে আপ্যায়ন কৰে। ৰজাই পূর্বতে এনে চমৎকাৰী গাইগৰু দেখা নাছিল। ৰজাৰ মনত ঈর্ষা জন্মিল। তেওঁ ভাবিলে মই ৰজা হৈ এনেকুৱা এটা চমৎকাৰী গৰুৰ গৰাকী হ’ব পৰা নাই, অথচ সাধাৰণ মুনি এজন হৈও এনেকুৱা চমৎকাৰ। গৰুৰ গৰাকী হৈ এনে তৃপ্তিদায়ক গাখীৰ সদায় ইচ্ছামতে সেৱন কৰি আছে। তেওঁ মনে মনে এটা সিদ্ধান্ত গ্রহণ কৰিলে আৰু মুনিক সিদ্ধান্ত বিষয়ে জনালে। ৰজাই ক'লে– ‘মুনিবৰ, আপুনি এজন লােভ, মােহ ত্যাগী সন্ন্যাসী। আপােনাৰ দৰে মুনিৰ আশ্ৰয়ত এজনী গৰু থকাটো শােভা নাপায়। তাতে আকৌ ঘাঁহ-পানীৰাে কথা আছে। মই এজন ৰজা, মােৰ লগত থাকিলে গাইজনীয়ে কোনাে কষ্ট নাপায় আৰু ইচ্ছামতে দানা-পানী হেঁপাহ পলুৱাই খাব পাৰিব। মুনি জমদগ্নিয়ে ৰজাৰ উদ্দেশ্য বুজি পালে যদিও ঘােৰ আপত্তি কৰিলে। ৰজাই মুনিৰ কথা এবাৰাে বুজিবলৈ চেষ্টা নকৰিলে। অৱশেষত ৰজাই বলপূর্বক সুৰভিক নিজ ৰাজ্যলৈ নিয়াৰ প্রস্তুতি চলায়। মুনিৰ পুত্ৰ পৰশুৰামে ৰজাৰ এনে দুঃসাহসৰ কথা শুনি ক্ৰোধত জ্বলি উঠিল। তেওঁ ৰজাৰ অন্যায়ৰ কথা বুজাবলৈ ৰজা কৃতবীৰ্য্যক ক'লে – “আপােনাৰ দৰে এজন ৰজাৰ এনে কার্য শােভা নাপায়। মুনিয়ে নিজৰ ক্ষুদ্র সুবিধাৰে আপােনালােকক সুন্দৰভাৱে সেৱা আগবঢ়াইছে। গতিকে আপােনালােকে মুনিৰ প্রতি কৃতজ্ঞ হােৱা উচিত। তাকে নকৰি এনে ধৰণৰ বলপূর্বক আচৰণ নিশ্চয় ক্ষমাৰ যােগ্য নহয়।’ ৰজা কার্তবীৰ্য্যই পৰশুৰামৰ বুজনিক গুৰুত্ব নিদিলে। অৱশেষত পৰশুৰামৰ লগত কার্তবীৰ্য্যৰ যুদ্ধ হ’ল। যুদ্ধত পৰশুৰামে কার্তবীৰ্য্যৰ সহস্রহাত কাটি পেলায়। এই কথাত ৰজাৰ পুত্ৰসকল ক্ৰোধত জ্বলি উঠে। সিহঁতে মুনিৰ আশ্ৰমত আক্রমণ চলায় আৰু মুনি জমদগ্নিক হত্যা কৰে। কার্তবীৰ্য্যৰ পুত্ৰৰ এনে নিষ্ঠুৰ আচৰণত পৰশুৰাম জ্বলি উঠে আৰু তেওঁ ক্ষত্রিয় নিমূর্লৰ প্রতিজ্ঞা লয়। সেই প্রতিজ্ঞা পূৰণাৰ্থে পৰশুৰামে ২১ বাৰ ক্ষত্রিয় উচ্ছেদ কৰে। বহুত ক্ষত্রিয়ই ব্রাহ্মণ বেশেৰে নিজৰ প্ৰাণ ৰক্ষা কৰি পৃথিৱীত ক্ষত্রিয় কুল ৰক্ষা কৰে। কার্তবীৰ্য্যৰ ভুলৰ বাবে এগৰাকী মুনিয়ে প্রাণ দিব লগা হয় আৰু ক্ষত্রিয়সকল পৰশুৰামৰ দ্বাৰা নির্যাতিত হ’ব লগা হ’ল। সঁচাই কেতিয়াবা ডাঙৰে পানী পেলালে সৰুজনাে পিছলি পৰিব লগা হয়। মানুহৰ লােভ বেয়া। ই ক্ৰোধ আৰু প্রতিশােধৰ ভাবৰাে সৃষ্টি কৰে। ফলত পতন হয়।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment