Wednesday, April 15, 2026
0 Shares

কৃপণ শিয়ালৰ সাধু

বহুত ধন ঘটিবৰ মনেৰে এটা ব্যাধে এখন হাবিত প্রৱেশ কৰিলে। সি ভাবিলে, হাবিৰ মাজত জন্তু চিকাৰ কৰি সেই জন্তুৰ মঙহ বজাৰত বিক্ৰী কৰিব আৰু সহজে ধনী হ’ব। ইয়াকে ভাবি সি হাবিৰ মাজত ইফাল-সিফাল কৰি থাকোতে দেখিলে যে এটা প্রকাণ্ড বন গাহৰি হাঁফলু এটাৰ ওচৰত থিয় হৈ আছে। তাৰ নােদোকা দেহটো দেখি ব্যাধৰ বৰ আনন্দ লাগিল। সি ভাবিলে, এই নােদোকা গাহৰিটো মাৰিব পাৰিলে সি বজাৰত বহুত ধন ঘটিব পাৰিব। ইয়াকে ভাবি সি তাৰ তীক্ষ্ণ কাড় নিক্ষেপ কৰিলে। সেইকাড় গৈ গাহৰিৰ দেহত লাগিল। শৰবিদ্ধ গাহৰিটোৱে খঙৰ ভমকত ব্যাধক তাৰ তীক্ষ দাঁতেৰে হানি খুচি বধ কৰি পেলালে। গাহৰি আৰু ব্যাধৰ গচকত এডাল সাপাে মৰিল। অতি কম সময়ৰ ভিতৰত এখন ঠাইত। তিনিটা প্রাণীৰ মৃত্যু হ’ল। ঠিক কিছু সময়ৰ পিছতে সেই ঠাইৰ ওচৰেৰে এটা দীর্ঘৰাৱ নামৰ ভােকাতুৰ শিয়াল পাৰ হৈ যাওতে তাৰ দৃষ্টি সেই মৃত প্রাণীকেইটাৰ ওপৰত পৰিল। হঠাৎ এনেদৰে সন্মুখত খাদ্য দেখি তাৰ জিভাৰ পানী ওলাবলৈ ধৰিলে। সি তাৰ ভাগ্যখনক নিজে নিজে প্রসংসা কৰিবলৈ ধৰিলে। সি নিজকে ক’বলৈ ধৰিলে, বহুতাে আহাৰ একেলগে পালেও একে সাজতে খােৱা উচিত নহয়। বিজ্ঞজনেও নিজে অর্জা ধনৰ সামান্য খিনিহে ভােগ কৰে। সি কোনবিধ খাদ্য আগতে খাব তাকে ভাবি থাকোতে হঠাৎ তাৰ চকু পৰিল জন্তুৰ নাড়িৰে তৈয়াৰী ধনুৰ গুণডালৰ ওপৰত। কৃপণ শিয়ালটোই ভাবিলে, আগতে ধনুৰ গুণডাল খােৱাটোই যুগুত হ'ব। পিছত অন্য খাদ্যখিনি সাঁচি সাঁচি খাব পাৰিম। ইয়াকে ভাবি সি ধনুৰ গুণডালতে কামােৰ মাৰিলে। লগে লগে ধনুৰ গুণডাল খুলি আহিল আৰু ধনুৰ আনটো ফালে তাৰ তালু ফুটাই দিলে। কৃপণ শিয়ালটোৰ লগে লগে মৃত্যু হ’ল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment