Wednesday, April 15, 2026
0 Shares

কেহোঁকলি

গল্পটোৰ পাতনিতে কোৱা যাওক, যে এনেকুৱা না্ম আজিকালি চহৰত পাবলৈ নাই। এই জাতৰ নামৰ ঠাইত সুৰেন্দ্ৰ, নৰেন্দ্ৰ, শৈলেন্দ্ৰ, অৰবিন্দই জুৰি বহিল। অচিৰতে এই চামে গাঁৱতো সোমাই মণিৰাম, ধনীৰাম, ভোবোৰা, ভোকন্দিকো যে নেদেখিব এনে কথা বুকু ফিন্দাই ক'ব নোৱাৰি। আগৰ দিনত গাঁৱৰ কথাহে নকওঁ, চহৰতো ভাল মানুহৰ গাত জপৰা, ফপৰা, বুদবৰীয়া, পকাজলকীয়া নাম লাগি-পকি ওলমি গছৰঙা কৰি থৈছিল। সেইদেখি আজি আমাৰ উপাখ্যানৰ কেহোঁকলি নিজে অকল কেহোঁ আৰু কলিৰেই জোৰা-লগা ফটা বাঁহ নাছিল; তেওঁৰ কেহোঁকলি নামৰ মূৰৰ ওপৰত সদাগৰ বোলা জাপিটোও উঠিছিল।

কেহোঁকলি সদাগৰৰ ঘৰ উজনি অসমৰ গড়গাঁৱত আছিল। তেওঁ যদিও সদাগৰ নাম পাইছিল, তথাপি ৰজাৰূপ, চিকাৰূপ নাইবা আজিকালি বৰকৈ টকটকোৱা টকায়ো যে তেওঁৰ হাতত চৌ-চৌৱাইছিল এনে নহয়, তেওঁৰ ধন আছিল-হাঁহ, পাৰ, ছাগলী, গৰু আৰু ম'হ। তেনে ধনেৰেই তেওঁ ধনী সদাগৰ। হাজাৰ হাজাৰ হাঁহ, পাৰ, শ শ ছাগলী আৰু তিনিকুৰি চাৰিকুৰি গৰু-ম'হৰ মালিক আছিল তেওঁ। সেইবোৰ পুঁহি-পালি বঢ়াই তাৰেই বণিজ কৰা তেওঁ বাণিজাৰ। বছৰি সাতখন নাৱত তেওঁ তেওঁৰ এই বণিজৰ বস্তুবোৰ ভৰা দি দিখৌৱেদি ভটিয়াই আহি ৰংপুৰ নগৰত সেইবোৰ বেচি, তাৰ সলনি সাতখন নাও ধানেৰে খুন্দ খুৱাই ভৰাই লৈ উজাই নিজৰ ঘৰলৈ গৈছিল।

তিনিকুৰিৰ ওপৰে কেহোঁকলিৰ বয়স। তথাপি তেওঁ বুঢ়া তামোল চোবায় আৰু বিতচকু নোলোৱাকৈ ৰাতি ঠগি আগত লৈ দশম কীৰ্তন পঢ়ে। বয়সৰ দৈত্যক তেওঁ দূৰতে বিদূৰ কৰি ৰাখিছিল। তিনিকুৰি বছৰীয়া কেহোঁকলি সদাগৰৰ মূৰৰ চুলিতো পক ধৰা নাছিল। এই নিয়মৰ ব্যতিক্ৰম হিচাপত মাথোন তেওঁৰ চকুৰ ভুৰু দুডাল-চাইডালে বৰণ সলাইছিল।

কেহোঁকলি সদাগৰৰ ঘৈণীয়েকৰ নাম আছিল কুটকুৰী। সৰুতে তেওঁৰ মূৰৰ চুলিবোৰ কুটকুৰা আছিল কাৰণে তেওঁৰ এই নাম পাইছিল। ঘৰ-সংসাৰ চলোৱা আৰু হাঁহ, পাৰ, গৰু, ছাগলীৰ আপদাল কৰাত বুড়ী বৰ কাজী আছিল। মুঠকে কুটকুৰী কেহোঁকলিৰ সোঁহাত আছিল বুলি ক'লেও বেছি কোৱা নহয়।

কেহোঁ সদাগৰৰ একেজনী ছোৱালী। নাম বতাহী। লোদোৰ-পোদোৰ হাত ভৰি আৰু ধুনীয়া চকলা মুখনেৰে বতাহী স্বাস্থ্যৰ জীয়া প্ৰতিমাখন। তাই বতাহৰ দৰে চঞ্চল আছিল দেখিয়েই মাক-বাপেকে বতাহী বুলিছিল। বাপেক-মাকৰ কামত বতাহী যেনেকৈ তীখামোখৰা তেনেকৈ হাঁহ, পাৰ, গৰু, ছাগলী আপদাল কৰা কামতো তাই আগৰণুৱা। পাৰবোৰৰ ভিতৰত বিশেষকৈ লোকাপাৰ বুলি এটা বতাহীৰ দেহলাও হৈ ফুৰিছিল। তাই য'তে থাওক, যিহকে কৰক, সেই পাৰটো তাইৰ কাষত আৰু তাই পাৰটোৰ কাষত। দুইৰো আঁতৰা-আঁতৰি নাই। পাৰটো তাইৰ মূৰৰ ওপৰত আৰু হাতৰ ওপৰত সততে বিৰাজমান। অজান জীৱ এটাই কেনেকৈ মানুহৰ মৰমৰ মৰ্ম বুজি এনেকুৱা মৰমীয়াল হৈ পৰিছিল, দেখিলে আঁচৰিত মানিব লাগে। পাৰটোৰ গঢ় গতি দেখিলে কোনে ক'ব যে সি...

"জ্ঞান শূন্য আতি, পশু-পক্ষী জাতি"ৰ শাৰীৰ।

বতাহীৰ প্ৰত্যেক ইঙ্গিত সি বুজিছিল আৰু ইঙ্গিত মতে আনন্দত ডিঙি ফুলাই চলিছিল।

ৰণাই কেহোঁকলিহঁতৰ ওচৰ চুবুৰীয়া হৃষ্টপুষ্ট বলিষ্ঠ ডেকা। তাৰ বৰ মন যে বতাহীক সি বিয়া কৰে। ৰণাইৰ বয়স একুৰি পাঁচ বছৰ। বতাহীও সোতৰ বছৰীয়া। সকলোপিনে দুয়ো দুইৰো জোৰ হয়। কেহোঁকলি আৰু কুটকুৰীৰো ছোৱালীজনী তাকেই দিবৰ মন। কিন্তু বতাহীৰ মনৰ থাউনি পাবৰ উপায় নাই। ৰণাইৰে সৈতে বতাহীয়ে কথা পাতে, দন্দত কুৰুলি পিটে, হাঁহি-খিকিন্দালি মাৰে। কিন্তু কোনো কথাতে কেতিয়াও ৰণাইলৈ তাইৰ আন্তৰিক বিতৃষ্ণাৰ ভাব নেদেখি। তথাপি ৰণাইৰ পক্ষে বতাহীৰ মনটো জানিবা এটা বীজল ঔ-বীজ। এই বিষয়ত মাক-বাপেকো ৰণাইৰে শাৰীত। মুঠতে বতাহী ছোৱালীজনী এটা সাঁথৰ। সেই সাঁথৰ ভাঙিবৰো কাৰো সাধ্য নাই। অথচ তাই সকলোৰে মৰমৰ পাত্ৰ। বতাহী মুকলি বতাহৰ বা। বতাহ সকলোৰে আদৰৰ ধন, প্ৰাণৰ বস্তু; কিন্তু কাৰো হাতত বতাহ বন্দী নহয়। সি আত্মাৰাম, নিজানন্দতে সুখী। বতাহী তেনেকুৱা বতাহেই।

বছেৰেকত এবাৰ কেহোঁকলি সদাগৰ বেহা-বেপাৰ কৰিবলৈ ওলায়। এইবাৰো সদাগৰে সাতখন নাৱত তেওঁৰ বণিজৰ বস্তু হাঁহ, পাৰ, ছাগলী ভৰা দি বেহা কৰিবলৈ ওলাল। এইবাৰ তেওঁ " মোক ভাত এমুঠি ৰান্ধি দিবি বুলি" জীয়েকক লগত ল'লে। সদাগৰৰ বোজাই নাও কেইখনে দিখৌ বুকুখন মোচৰে মোচৰে আহিবলৈ ধৰিলে। তৃতীয় দিনৰ দিনা দুপৰীয়া ৰংপুৰ চহৰৰ সন্মখ হ'লহি। দিখৌৰ বালিটুপতে সদাগৰে নাও বান্ধি বালি চিকুণোৱাই খোলা এখন চিকুণোৱাই আঁৰকাপোৰ তৰোৱাই ঢৌ-খুটি মাৰি ভাত ৰান্ধিবৰ দিহা কৰিলে। ৰান্ধনী বতাহী। ভাত নমাবৰ হৈছে, এনেতে কোনোবাই বতাহীক বাতৰি দিলে যে তাইৰ লোকাপাৰটো নাৱৰ কুন্ধিৰ পৰা ওলাই উৰি গৈ ওচৰৰে চতিয়না গছজোপাত পৰিছে। নমাবলৈ ধৰা ভাতচৰুটো তাতে এৰি বতাহী ওলাই আহিল। তাই গছজোপাৰ আগত থকা পাৰটো দেখি মাতিবলৈ ধৰিলে--"আহ! আহ! লোকাই আহ!" সেইদিনা পাৰটো কি হৈছিল ক'ব নোৱাৰি সি বতাহীৰ মাতলৈ আওকাণ কৰি আকৌ উৰি গৈ অলপ দূৰত সৰিয়হৰ পথাৰ এখনৰ মাজত থকা পোলোঙা পলাশ গছ এজোপাৰ টিঙত পৰিলগৈ। গছজোপাৰ টিঙত বহি থকা পাৰটোক তাই মাতেহে মাতে, সি নাহে। এনেতে হাঠাত 'আই ঔ'! বুলি বতাহী সৰিহয় তলিতে মূছকছ গৈ পৰিল। বতাহীৰ 'আই ঔ' শুনি বাপেক আৰু আন আন নাৱৰীয়াবোৰ লৰি গ'ল। তেওঁলোকে দেখিলে বতাহীৰ ফুলবোৰে তাইক আবৰি ধৰিছে আৰু লোকাপৰটো তাইৰ বুকুত পৰি মুখতে মুখ দি আছে।

দাংদোলাকৈ বতাহীক নাৱৰ ওচৰলৈ অনা হ'ল। কিন্তু এতিয়া বতাহীৰ গাত আৰু প্ৰাণ নাই; বাটতে সি বতাহৰ সৈতে মিলি গ'ল। গোটেইখন হুৱাদুৱা লাগি পৰিল। নাৱৰীয়া গোটাচেৰেকে বতাহী পৰা ঠাইডোখৰলৈ গৈ ভালকৈ চাই দেখিলে যে, তাৰে মাটিফেঁটী সাপ এটাই গাঁতৰ পৰা মূৰটো উলিয়াই আছে। সাপটো মাৰিলে বতাহীক জীৱোৱা টান ভাবি, সিহঁত গুচি আহিল। অনেক জৰা-ফুকা কৰা হ'ল; কিন্তু বতাহীৰ দেহলৈ আৰু প্ৰাণ নাহিল।

বতাহীৰ বাপেকৰ চকুৰ পৰা এটোপা পানীও ওলোৱা নাছিল। মাথোন ওলাইছিল মুখৰ পৰা এটা দীঘল হুমুনিয়াহ। তেওঁ ভাত-পানীবোৰ দলিয়াই পেলোৱাই বতাহীয়ে ভাতৰন্ধা ঠাইতে তাইক খৰি দিয়ালে।

পিছদিনা সদাগৰ কেহোঁকলিয়ে ওচৰৰ চাৰিওফালৰ মানুহক খবৰ দিয়াই মতাই আনি সাতখন নাৱৰ হাঁহ, পাৰ, ছাগলীবোৰ বিলাই দিলে। নাও সাতখনত বালি ভৰাই বালিটুপৰ ঘুলিটোত সাতোখন নাও বুৰাই দিলে। তাৰ পিছত মাথোন হাতত বতাহীৰ লোকাপৰটো লৈ লগৰীয়া নাৱৰীয়াবোৰৰ সৈতে খোজকাঢ়ি গড়গাঁৱলৈ উভতি গ'ল।

খবৰটো ঘৰত ওলালতে গাঁও গোটেইখনত হুৱাদুৱা লাগি পৰিল। কুটকুৰী বুঢ়ীৰ কান্দোনত গগণ ফাটিল। কেহোঁকলিয়ে ৰণাইক কাষলৈ মাতি আনি তাৰ হাতত লোকাপাৰটো দি ক'লে--"এয়া, তোমাৰ বতাহীক লোৱা।" ৰণায়ে পাৰটো বুকুত বান্ধি লৈ গুচি গ'ল।

কুটকুৰী যেই বিচনাত পৰিল, তিনিদিনলৈকে কোনেও তেওঁক তাৰপৰা তুলিব নোৱাৰিলে। চতুৰ্থ দিনাৰ পুৱাতে দেখা গ'ল যে, চোতালৰ তুলসীজোপাৰত তলতে মূৰটো দি বুঢ়ী মৰি পৰি আছে। বতাহীয়ে এখন মুগাৰ ৰিহা বৈছিল। ৰিহাখনৰ আঁচলত তাই বতাহী বুলি নামটো আঁচুৰে তুলি লৈছিল। দেখা গ'ল বুঢ়ীৰ গাত সেইখন ৰিহা।

জীয়েক আৰু ঘৈণীয়েকৰ শোকত কেহোঁকলি জলকা লাগিল। ইয়াৰ পিছত আৰু তেওঁ সৰহ দিন নিজীলে।

এই ঘটনাৰ এবছৰৰ পিছত, এদিন দুপৰীয়া শিৱসাগৰৰ দৌ'লৰ মুখত বৰগছ এজোপাৰ তলত এটা জপৰা-চুলিয়া আদবলিয়া মানুহ বহি থকা দেখা গৈছিল। তাৰ হাতত লোকাপৰ এটা। পাৰটোক সি ঘনে ঘনে চুমা খাইচে, বুকুত লৈছে; আৰু মানুহে বেঢ়ি ধৰি তাক চাইছে। কোনোৱে কৈছে, সাধক বাবাজী, কোনোৱে কৈচে বলিয়া আৰু কোনোৱে কৈছে জুৱাচোৰ। সেইদৰেই সি গছৰ তলত দুদিন আছিল। তৃতীয় দিনৰ ৰাতি সি গছ তলতে শুই থাকোঁতে কোনোবা দুষ্ট মানুহে তাৰ পাৰটো চুৰি কৰি লৈ গ'ল। পুৱা তাৰ টোপনি ভাগিলত, সি পাৰটো নেদেখি আৰু ইফালে-সিফালে বিচাৰিও ক'তো নেপাই, এটা চিঞৰ মাৰি তাৰপৰা ক'ৰবালৈ গুচি গ'ল। কোনেও আৰু তাক দেখা নাপালে। দুদিনৰ মূৰত বালিটুপৰ ঘূলিত এটা মানুহ মৰাশ উপঙি থকা খবৰ ওলালত পুলিচে শটো তুলি আনি দেখিলে যে সেইটো সেই বলিয়া ফকিৰটোৰ শ।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment

Related Stories