Wednesday, April 15, 2026
0 Shares

জন্তুৰ বোজা

এবাৰ সম্রাট আকবৰে জানিব পাৰিলে যে বীৰবলৰ নিজা মাটি নাই। সেইবাবে আকবৰে ক'লে – “বীৰবল, মই তােমাক মাটি দান কৰিম। সেই মাটিৰ তুমি কোনাে কৰ-কাটল দিব নালাগে।”

আকবৰৰ ঘােষণা শুনি বীৰবল আনন্দিত হ’ল এই ভাবি যে অন্ততঃ এটুকুৰা নিজৰ বুলিবলৈ মাটি পাব। কিন্তু আকবৰে মাটি দিম বুলি কোৱাৰ পিছত বহুদিন অতিবাহিত হােৱাৰ পিছতাে মাটি নিদিলে। এসময়ত আকবৰে নিজৰ প্রতিশ্রুতি পাহৰি গ'ল। বীৰবলে কিন্তু আকবৰৰ কথা পাহৰিব নােৱাৰিলে। মাটি পােৱাৰ আশা মনতে পুহি বীৰবলে সুযােগৰ অপেক্ষাত ৰ'ল।

সেই সুযােগ এদিন আহিল। সেইদিনা আকবৰ হাতীৰ পিঠিত উঠি নগৰ পৰিভ্ৰমণত গৈছিল। সংগী আছিল বীৰবল। এঠাইত ঘোঁৰা, গাধ, বলদ আৰু উটৰ পিঠিত গধুৰ বস্তু কিছুমান তুলি দি তাৰপৰা বস্তুবােৰ আন এঠাইলৈ লৈ যােৱা দৃশ্য আকবৰে দেখিলে। গধুৰ বস্তুৰ বােজা পশুবােৰে বব পৰা নাই। তথাপি সিহঁতে কঢ়িয়াবলৈ বাধ্য হৈছে। সেই দৃশ্য দেখি আকবৰৰ দুখ লাগি বীৰবলক ক'লে – “বীৰবল, এই পশুবােৰে মানুহৰ দৰে কথা কব নােৱাৰাৰ কাৰণেই সিহঁতৰ দুখ বুজাব পৰা নাই। ইমান গধুৰ বস্তুৰ বােজা সিহঁতে বব পাৰেনে? কামটো মুঠেই উচিত হােৱা নাই? ইয়াৰ কোনাে প্রতিকাৰ নাইনে?” বীৰবলে তপৰাই উত্তৰ দিলে – “এয়া পাপৰ ফল জাহাপনা।” আকবৰে অবাক হৈ সুধিলে - “তাৰমানে?” বীৰবলে তেতিয়া ক'লে– “এই পশুবােৰ পূর্ব জন্মত মানুহ আছিল। সিহঁতে সেই জন্মত কথা দি কথা ৰখা নাছিল। কাৰােবাক কিবা দান কৰিম বুলি কৈয়াে দান দিয়া নাছিল। লােকক ঠগাই যি পাপ কৰিছিল, সেই পাপৰ ফল এই জন্মত ভােগ কৰিছে। ইহঁতৰ ভিতৰত কোনােবাজন হয়তাে বাদছাহ আছিল। কথা দি কথা নৰখাৰ পাপত এতিয়া পশু হৈ জন্মি এইদৰে বােজা কঢ়িয়াব লগাত পৰিছে।” আকবৰ বীৰবলৰ উত্তৰ শুনি মনে মনে থাকিল। বীৰবলে কি বুজাব খুজিছে তাকো বুজি পালে।

পিছদিনা দৰবাৰত সকলাে দৰবাৰীৰ সমুখত বীৰবলক মাটি দান কৰিলে আকবৰে। তেতিয়াৰ পৰা বীৰবল হ’ল জায়গিৰদাৰ।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment