Wednesday, April 15, 2026
0 Shares

ডাকৰ বচন আৰু ফকৰা যোজনা

ডাকৰ বচন আৰু ফকৰা যোজনা

ভূমিকা:

অসমীয়া মৌখিক সাহিত্যৰ উল্লেখযোগ্য ৰচনা হ’ল প্ৰবচন আৰু ফকৰা যোজনাসমূহ। অসমীয়া ভাষাত ডাক পুৰুষৰ নামত চলিত বা জড়িত প্রবচনসমূহেই (ডাকৰ বচন) আটাইতকৈ প্ৰাচীন এনেধৰণৰ মৌখিক সাহিত্য।

ডাকৰ বচন:

ডাকৰ বচন আৰু ফকৰা যোজনা

ডাকৰ বচন আৰু ফকৰা যোজনা

অসমীয়া মৌখিক সাহিত্যৰ এলানি উল্লেখযোগ্য প্রবচন বা নীতিবাক্য হ'ল ডাকৰ বচন। অসমীয়া ভাষাত ডাক পুৰুষৰ নামত চলিত বা জড়িত ‘ডাকৰ বচন’ৰূপে প্ৰসিদ্ধ প্রবচনসমূহকেই আটাইতকৈ প্ৰাচীন এনেধৰণৰ মৌখিক সাহিত্যৰূপে আখ্যা দিয়া হৈছে। ডাকক চতুর্থ-শতিকাৰ বৰাহ-মিহিৰৰ সমসাময়িক বুলি ভবা হয় আৰু বৰপেটা অঞ্চলৰ লোহি বা লোহিডঙৰা নামৰ ঠাইত তেওঁৰ (ডাক) জন্ম বুলি অনুমান কৰা হয়। জনপ্ৰবাদ অনুসৰি এক কুমাৰণীৰ ঘৰত ডাকৰ জন্ম হৈছিল। উপজিয়েই মাত (ডাক) দিয়া বাবে তেওঁৰ নাম ডাক হয়।

ল'ৰাকালতে ভেঁট ফুল তুলিবলৈ যাওঁতে লগৰ লগৰীয়াই পানীত পেলাই মাৰে। আন এক প্ৰবাদমতে ডাকে হেনো মাত্ৰ ‘এদিন-এনিশা’ লৈ জন্মগ্রহণ কৰিছিল । এনে সামঞ্জস্যহীন প্রবাদৰ পৰা ডাকক ঐতিহাসিক ব্যক্তি বুলি মানি ল’বলৈ টান। সেয়েহে বহু পণ্ডিতৰ মতে ডাক এটা কাল্পনিক নাম। ডাক শব্দৰ অৰ্থ হ’ল উচ্চৰণ কৰা, সম্বোধন কৰা বা আহ্বান কৰা; গতিকে যিবোৰ উপদেশে সমাজত কেনেকৈ চলিব লাগে সকীয়াই দিয়ে, সিয়ে হয়তো ডাকৰ বচনৰূপে প্ৰসিদ্ধি লভে। বা ক’ব পাৰি, আগৰে পৰা যিবোৰ ৰীতি-নীতিৰ কথা বা জ্ঞানীৰ উপদেশ জনসাধাৰণৰ মাজত ছন্দৰ মাজেদি চলি আহিছিল, সিবোৰকে হয়তো কালক্ৰমত ‘ডাক’ নামে কাল্পনিক পুৰুষ এজনৰ নামত প্ৰচাৰ কৰা হ'ল।

হয়তো চহা জীৱনৰ গুৰুত্বপূৰ্ণ আৰু ব্যৱহাৰিক জ্ঞানৰ কথাবোৰেই ডাকৰ নামত সমাজত প্রচলিত হৈছিল। সম্ভৱতঃ এনেও হ’ব পাৰে যে অসমীয়া প্রবচনৱলীৰ বাছকবনীয়া ভাগ ডাকৰ বচনৰূপে খ্যাত হৈছে। ডাকৰ বচনবোৰত কৃষি, বতৰ, ভেষজ বিদ্যা, ৰাজনীতি আৰু জীৱনৰ সকলো ধৰণৰ অভিজ্ঞতা, বৰ্হিজগতৰ আৰু মানৱ জীৱনৰ ঘনিষ্ঠ জ্ঞানকে ধৰি সকলো ধৰণৰ বিষয়েই ঠাই পাইছে। পয়াৰ ছন্দত ৰচিত ডাকৰ বচনবোৰৰ ভাষাৰ মনোগ্ৰাহিতা আৰু প্ৰৱেশিকা শক্তি চমকপ্রদ। কি মাটিত খেতি কৰিব লাগে, কেনে গৰু কিনিব লাগে, কেনে মাকৰ ছোৱালী অনা যুগুত, সু-নাৰী, কু-নাৰীৰ লক্ষণ, কেনেকৈ ৰন্ধা-বঢ়া কৰিব লাগে, কেতিয়া কোনফালে যাত্ৰা কৰিব লাগে-নালাগে, শৰীৰ ভালে ৰখাৰ নানা উপায়,- এনে নানা ধৰণৰ দিহা ডাকৰ বচনবোৰত পোৱা যায়।

নাগৰিক জীৱন বা সভ্যতাৰ আঁচোৰ ডাকৰ বচনত নাই। ৰজাৰ উল্লেখ আৰু ৰাজধৰ্মৰ সামান্য আঁচোৰ কোনো কোনো গুৰুত্ব ডাকৰ বচনত দিয়া হোৱা নাই। 'ডাক' কথাটি তিব্বতী ভাষাতো প্রচলিত, অর্থ জ্ঞানী। গতিকে ডাকৰ বচন মানে জ্ঞানীৰ বচন বুলিয়েই ঠাৱৰ কৰিব পাৰি।

বংগদেশত খনাৰ বচনৰ লগতো ডাকৰ কেতবোৰ বচনৰ সাদৃশ্য আছে। জনসাধাৰণৰ মাজত চলা এই বচনবিলাক বিশ্লেষণ কৰিলে অনাখৰি চহা লোকৰো যে সৎ-অসৎ জ্ঞান আছে, ধনী-দুখীয়া নাইবা বলী-নিৰ্বলীৰ মাজত থকা পাৰ্থক্যৰ বোধ আছে, তাক উপলব্ধি কৰিব পাৰি।

ফকৰা-যোজনা:

ডাকৰ বচন আৰু ফকৰা যোজনা

ফকৰা-যোজনাসমূহকো প্রবচনৰ সমাৰ্থক বুলি বহুক্ষেত্ৰত ধৰা হয়। দহৰ জ্ঞান একৰ বাণী (The wisdom of many and the wit of one): এয়ে ফকৰা-যোজনাৰ মূল কথা। চুটি চুটি বাক্যত একোটি সাৰগৰ্ভ সত্য বা অভিজ্ঞতা প্রকাশ কৰিব পৰা এক অদ্ভুত শক্তিৰ অধিকাৰী ফকৰা-যোজনাবোৰত সাংসাৰিক অভিজ্ঞতালব্ধ জ্ঞানমূলকনীতি, নাৰী-মন, নাৰী সমাজ, পুৰুষ প্রধান সমাজত নাৰী সম্পৰ্কে ধাৰণা, বিভিন্ন সময়ত প্রচলিত জীৱনচৰ্যা আৰু আদর্শবাদ, জাতিৰ মনস্তত্ব, আচাৰ-ব্যৱহাৰ আৰু বহুক্ষেত্ৰত সমালোচনাও পোৱা যায়। যেতিয়াই সাদৃশ্যপূর্ণ ঘটনাৰ সন্মুখীন হয়, তেতিয়াই এইবিলাক স্বতঃস্ফূৰ্তভাৱে উক্ত হয়।

সামৰণি:

ফকৰাবোৰ সাধাৰণতে গুঢ়াৰ্থক, ছন্দোবদ্ধ আৰু আপাত বক্তব্যৰ অন্তৰালত একোটা নিগুঢ় অর্থ সোমাই থাকে। যেনে- ‘সাগৰৰ মৌ, পৰ্বতৰ টৌ; বাপেকৰ তিৰী নাই পুতেকৰ সাত বৌ’। যোজনাবিলাকত এফাকি কথা পূৰাবলৈ আন এফাকি কথা যোগ কৰি দিয়া হয়। যোগ কৰি দিয়া ফাঁকি বহু ক্ষেত্ৰত অৰ্থ নাথাকিবও পাৰে। বক্তাৰ কথা কোৱা চমৎকাৰিত্ব, বুদ্ধিদীপ্ততা, পর্যবেক্ষণ শক্তি, চমু সাৰগৰ্ভ মন্তব্য, অন্তৰ সৰকি যোৱা ব্যংগ আৰু সাংসাৰিক জ্ঞানৰ স্বাক্ষৰ এই প্ৰবচন বা প্রবাদ বাক্য আৰু ফকৰা-যোজনাবোৰে বহন কৰে।

ফকৰা-যোজনাবিলাকত শব্দৰ স্পষ্টতা আৰু অৰ্থৰ আধিক্য মন কৰিবলগীয়া। এইবিলাকৰ সহায়েৰে চমু কথাৰেই বহু কথা ক’ব পৰা হয়; এইবিলাক কথাৰ সাগৰ। কেতিয়াবা একোটাহঁত প্রবাদ বচনৰ অন্তৰালত একোটা মনোৰম সাধুৱেও উম লৈ থাকে। ফকৰা-যোজনাসমূহৰ ৰচনাৰ সময় নির্ণয় কৰা টান যদিও বুৰঞ্জীৰ ঘটনাৰ উল্লেখ থকা বা বৈষ্ণৱ নীতি-সদাচাৰ সম্পৰ্কীয় বচনসমূহৰ মোটামুটি সময় নির্ণয় কৰিব পৰা যায়। অৱশ্যে এটা কথা ঠিক যে প্রবাদ প্রবচন, ফকৰা-যোজনা – এই সকলোৰে উৎপত্তি হ’ল কৃষিকেন্দ্রিক সমাজ। নাগৰিক জীৱন বা সভ্যতাৰ লগত এইবোৰৰ সম্পৰ্ক নাই বুলিলেও হয়।

উদাহৰণ:

১। অতি ভক্তি চোৰৰ লক্ষণঃ প্রত্যেক কথা আৰু কাৰ্যৰ একোটা সীমা থাকে আৰু যেতিয়ালৈকে সি সীমাৰ ভিতৰত থাকে, তেতিয়ালৈকে তাৰ সুফল সকলােৱে ভােগ কৰিবলৈ পায়। সেইদৰে ভক্তিৰাে একোটা সীমা আছে। স্বাভাৱিক ভক্তিপৰায়ণ লােক সকলােৰে আদৰৰ। ভক্তি যেতিয়া সীমা চেৰাই যায়, তাত ব্যভিচাৰিতা সােমায়। সেইবাবে যি স্বাভাৱিকতকৈ বেছি ভক্তিপৰায়ণ হৈ দেখুৱায়, তেনে লােকৰ অন্তৰত কপটতা থাকে বলি বুজিব লাগে।

তেনে লােক হয় দুষ্ট প্রকৃতিৰ, নহয় চোৰ স্বভাৱৰ। স্বার্থসিদ্ধিৰ বাবেই তেওঁলােকে বেছি ভক্তিপৰায়ণ বা বিশ্বাসভাজন হৈ দেখুৱায়। কিন্তু পাছত ছেগ বুজি চুৰ আদি কৰি বা অসৎ কামত লিপ্ত হৈ অনিষ্ট সাধন কৰে। এতেকে যি লােকে অতিমাত্রা ভক্তিপাৰায়ণ হৈ দেখুৱায়, তেনে লােক অনিষ্টকাৰী বুলি বুজি তেওঁলােকৰপৰা আঁতৰি থকাই জ্ঞানী লােকৰ কাম।

২। অধিক মাছত বগলী কণাঃ মাছ বগলীৰ প্রিয় খাদ্য। পানীত মাছ দেখিলে বগলীৰ আনন্দৰ সীমা নােহােৱা হয়। কিন্তু পানীত মাছ যেতিয়া বেছি হয়, তেতিয়া কোনটো এৰি কোনটো ধৰিম কৈ ভাবি থাকোতেই মাছে পলাই পত্রং দিয়ে। ফলত বগলীয়ে বহু আশাৰে খাপ দি থকাতেই থাকি, পাইও হেৰুৱাই নিৰাশ হ'ব লগা হয়। অর্থাৎ ভােগৰ উভৈনদী বস্তু পাই ভােগ কৰিব নােৱাৰাৰ বেদনাত ভূগিব লগা হয়। সেইদৰে মানুহেও আশাত বন্দী হৈ থাকোতে, যেতিয়া আশা পূৰণৰ উভৈনদী সুযােগ পায়, তেতিয়া এনেভাৱে আনন্দ-বিভােৰ হৈ পৰে যে সময়ৰ কর্তব্য পাহৰি যায়, ফলত আশা অপূৰণ হৈয়ে ৰয়। গতিকে মানুহে অধিক পােৱাৰ আনন্দত কর্তব্য পাহৰি যােৱা অনুচিত।

৩। অচিন কাঠৰ থােৰাকো নলগাবাঃ ধান বানিবলৈ বা চিৰা খুদিবলৈ টান, লিকটা কাঠৰ থােৰাৰ প্ৰয়ােজন। সি নির্ভৰশীল, তদুপৰি নিৰাপদ। চিনি নােপােৱা, যি কোনাে কাঠৰ থোৰা এফালে নিৰ্ভৰশীলাে নহয়, অনিফালে হঠাতে ফালি বা ভাঙি হাত ঘুণীয়া কৰাৰ সম্ভাৱনাই আটাইতকৈ বেছি। সেইবাবে চিনাকি, সুকাঠী কাঠৰ থোৰা লগােৱাহে উচিত। সেইদৰে যি মানুহৰ স্বভাৱ-চৰিত্ৰ জনা নাযায় আৰু পৰিচয়াে পােৱা নাযায়, তেনে লােকৰপৰা বিপদ হােৱাৰ সম্ভাৱনা থাকে। গতিকে তেনে অপৰিচিত, অজ্ঞাতকুলশীল লোকক আশ্রয় দিয়াও উচিত নহয় আৰু সামান্য কামত হ'লেও সম্পর্ক ৰখা জ্ঞানী লােকৰ কাম নহয়।

8। আপােনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰাঃ যাত্রাৰ কালত অংগ-ক্ষত লােকক দেখাটো অমংগলজনক বুলি মানুহৰ বিশ্বাস। সেইবাবে যাত্ৰাৰ মুহূর্তত অংগ-ক্ষত লােক দেখিলে যাত্রা স্থগিত ৰখা হয়। সতিনীসকল স্বাভাৱিকতে ঈর্ষাপৰায়ণ। তেওঁলােকে সদায় পৰস্পৰৰ অমংগল কামনাই কৰে। মাকৰ ঘৰলৈ যােৱাটো বৰ আনন্দৰ আৰু হেপাহৰ কথা; সেইবাবে কোনাে সতিনী মাকৰ ঘৰলৈ যাবলৈ ওলােৱাটো অন্য সতিনীৰ বাবে অতিশয় ঈৰ্ষাৰ কথা হৈ পৰে আৰু কি উপায়েৰে যাত্ৰা ভংগ কৰাব, তাৰেই চিন্তাত মগ্ন হৈ পৰে।

তেওঁলােকে কেতিয়াবা এনে ঈর্যাপৰায়ণ হৈ পৰে যে যাত্রা ভংগ কৰাৰ কোনাে উপায় নাপালে নিজ নাক কাটিও অংগ-ক্ষত অৱস্থাতে আনজনীৰ সন্মুখত দেখা দি যাত্ৰা ভংগ কৰায়। অর্থাৎ নিজৰ মহা অনিষ্ট সাধন কৰি আন সতিনীৰ সামান্য অপকাৰ কৰিব পাৰিলেও মহা সন্তোষ পায়। ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে ঈর্যাপৰায়ণ লােকে নিজৰ ঘােৰ অনিষ্ট সাধন কৰি হ'লেও আনৰ সামান্য অনিষ্ট কৰি সন্তোষ লাভ কৰে।

৫। আদাক দেখি উঠিল গা, কেঁতুৰিয়ে বােলে মােকো খাঃ আদা উপকাৰী বস্তু; ই হজমকাৰক, তদুপৰি নানা ঔষধৰ উপকৰণ। ইয়াক আঞ্জাত আৰু আন্যান্য খােৱা বস্তুৰ লগত খােৱা হয়। কিন্তু কেঁতুৰি একে জাতীয় বস্তু হ'লেও ই মানুহৰ খাদ্যও নহয় আৰু কোনাে কামতাে নালাগে। আদাক মানুহে খােৱা দেখি কেঁতুৰিয়ে নিজক অভক্ষ্য বুলি জানিও মানুহে খাওক বুলি উপচিয়ে গা পাতি দিয়ে। তথাপি তাক মানুহে নাখায়। সেইদৰে, সংসাৰত এনে কিছুমান মানুহ আছে যি নিজে কোনাে কামৰ অযােগ্য বুলি জানিও, নিজেই পৰিচয় দি গুণ বখানি নিজৰ যােগ্যতা প্রতিপন্ন কৰিব বিচাৰে। জ্ঞানী লােকে তেনে লােকক অযােগ্য বুলি জানি সততে ত্যাগ কৰি চলে।

৬। উদক ভেঁটা ৰখীয়া পতাঃ চেঁপা পাতি মাছ ধৰিবলৈ মানুহে জান-জুৰি আদিত ভেঁটা মাৰে। ভেঁটাত বাধা পাই ডাঙৰ মাছবােৰে জঁপিয়াই পাৰ হ’বলৈ চেষ্টা কৰে। সেইবাবে ভেঁটাত ৰখীয়া থাকে। উদ স্বভাৱতে মাছৰ লুভীয়া। তেনে ক্ষেত্ৰত উদক যদি ভেঁটা ৰখীয়া পতা যায়, তেনেহ'লে সি মাছক জঁপিওৱাত বাধা দিয়া দূৰৰ কথা, খায়েই অন্ত কৰিব। গতিকে উদক ভেঁটা ৰখীয়া পতাটো কোনাে মতেই যুক্তিসংগত হ'ব নােৱাৰে। সেইদৰে লুভীয়া মানুহকো তেওঁলােকে ভাল পােৱা বস্তুৰ ৰখীয়া পাতিলেও একে অৱস্থাই হ’ব। এতেকে লুভীয়া লােকক ৰখীয়া পতা উচিত নহয়।

৭। উদৰ সাতপুৰুষ গ'ল কেঁচা মাছ খাইঃ উদ মাছ খােৱা জীৱ। পানীৰ কেঁচা মাছ খােৱাই সিহঁতৰ নিয়ম। সেই নিয়মৰ ব্যতিক্রম হােৱাৰ কোনাে কাৰণাে হ'ব নােৱাৰে। কাৰণ মানুহৰ দৰে উদে মাছ ৰান্ধি খাব নাজানে আৰু জানিবও নােৱাৰে। মানুহে যি দৰে কেঁচা মাছ খাব নােৱাৰে, সেই দৰে উদে কেঁচা মাছ খােৱাৰ অভ্যাসাে ত্যাগ কৰিব নােৱাৰে, অর্থাৎ পূর্ব পুৰুষৰ বা পৰম্পৰাগত ৰীতি-নীতি এৰিব নোৱাৰে। ইয়াৰদ্বাৰা ইয়াকে বুজাইছে যে, পূর্বাপৰ নীতি ত্যাগ কৰা কাৰাে কাৰণে সম্ভৱ নহয়।

৮। উপকাৰীক অজগৰে খায়ঃ অজগৰ মহা শক্তিশালী আৰু বিষধৰ সাপ, ই অকল মানুহৰে নহয়, আন্যান্য জাৱ-জন্তুৰো শত্ৰু। ই চলত পালে কাকো শুদাই নেৰে। বিপদত পৰা দেখি ইয়াক যদি ৰক্ষা কৰা হয়। ক্ষীণাই শুকাই যােৱা দেখি গাখীৰাে খুওৱা হয়, তথাপিও সি মানুহৰ উপকাৰৰ কথা ভাবি মানুহক দংশন নকৰাকৈ নাথাকে। শত্রু সদায় শত্ৰুৱেই আৰু সি মানহক দংশন কৰাটো স্বভাৱজাত কথা। সেইদৰে দুষ্ট লােকেও উপকাৰীৰ উপকাৰ চিন্তা নকৰি, সদায় অপকাৰ কৰিবলৈকে চেলু বিচাৰি ফুৰে। এতেকে উপকাৰীৰ উপকাৰৰ শলাগ নােলােৱা, অকৃতজ্ঞ সকলৰপৰা সদায় সাৱধানে থকা উচিত।

৯। উলুৰ লগত বগৰী পােৰা যােৱাঃ উলুৱনিৰ মাজত বগৰী গছ প্রায়ে থকা দেখা যায়। বগৰীৰ ফল হয়; ইয়াক জীৱ-জন্তু, মানুহে খায়; ই জীৱৰ উপকাৰী। উলুৰপৰা মানুহৰ তেনে উপকাৰ নহয়, খেতিৰ বাবে মাটি মুকলি কৰিবৰ সময়ত উলুৱনিত জুই দি পুৰি পেলােৱা হয়; সেই জুইয়ে জীৱ-জন্তুৰ উপকাৰী বগৰীকো পুৰি নাশ কৰে। আনৰ সংগত থকা বাবেই, আনৰ দোষতে বগৰীও পােৰা যায়। ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে সংগদোষ মানুহৰ বৰ অপকাৰী। অসৎ সংগত থাকিলে সজ লােকো অনেক সময়ত বিপদত পৰিব লগা হয়। সেইবাবে মংগল কামনা কৰা লােকসকলে অসৎ সংগৰপৰা সদায় আঁতৰত থকা উচিত।

১০। উমৈহতীয়া শ বাহী শ হয়ঃ হিন্দুৰ ৰীতিমতে মৃতদেহ বাহী হ’ব নাপায়, সেই বাবেই একেদিনাই কাঠ-সংস্কাৰ কৰা উচিত। কিন্তু কেতিয়াবা তাৰ ব্যতিক্রম হয়; আত্মীয়-কুটুম্ব বা বংশ-পৰিয়াল যদি বেছি হয় তেতিয়া ইজন আহক, সিজন আহক কৰি থাকোতেই বা ইজনে নিয়ক, সিজনে নিয়ক কৈ বাগি ধৰি থাকোতেই ৰাতিয়েই মৃত্যু হােৱা শ, ৰাতি আৰু কাঠ-সংস্কাৰ কৰা নহয় গৈ। পিচদিনা হৈ যায় গৈ আৰু শ-ও বাহী হয়। অর্থাৎ বহুত কৰিবলগীয়া মানুহ থকা উমৈহতীয়া কামবােৰ এইদৰে বাগি ধৰােতে সময় মতে আৰু পৰিপাটিকে হৈ নুঠে। গতিকে উমৈহতীয়া কামবােৰ এইদৰে বাগি ধৰি পেলাই থােৱা উচিত নহয়; গা-লাগি কাম কৰাটোহে উন্নতিৰ পৰিচায়ক।

১১। ইন্দ্ৰৰ সভাত ফেঁচাৰ কুৰুলিঃ স্বৰ্গৰাজ ইন্দ্র দেৱতাৰ ৰজা। ইন্দ্ৰই ৰাজসভাত দেৱতাসকলৰ সৈতে নানা গুৰুত্বপূর্ণ বিষয়বােৰ গভীৰভাৱে আলােচনা কৰে। ফেঁচা কুলক্ষণীয়া প্রাণী, ইন্দ্ৰৰ ৰাজসভাত কুৎসিৎ ফেঁচাৰ উপস্থিতিয়েই শােভা পায়, তাতে আকৌ কর্কশ আৰু অমংগলীয়া কুৰুলি আৰু অবাঞ্ছনীয়। তাত বিদ্যাধৰী, অপ্সৰী, গন্ধর্বসকলৰ সুললিত গীতহে শােভনীয়, ফেঁচাৰ কুৰুলি হাস্যাস্পদ, ঘৃণনীয় আৰু অশােভনীয়। ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে গুৰু-গম্ভীৰ বিষয় আলােচিত গুৰুত্বপূৰ্ণ সভাত, অমংগলীয়া আৰু অপদার্থ লােকৰ উপস্থিতি আৰু বক্তৃতা অবাঞ্ছনীয়।

১২। অজ্ঞানীক জ্ঞান দি মনত পালো কষ্ট, কণীবােৰ ভঙাই পেলাই বাহাে কৰিলাে নষ্টঃ বান্দৰ অতি মূৰ্খ প্রাণী। বৰষুণত তিতি বুৰি জৰুলি জুপুৰি হৈ কষ্ট পােৱা বান্দৰবােৰক টোকোৰা চৰাইবিলাকে নিজৰ উদাহৰণ দেখুৱাই বাহ সাজি ল’বলৈ উপদেশ দিছিল। কিন্তু মূৰ্খ বান্দৰবােৰে বিদ্রুপ কৰা বুলিহে ভাবি টোকোৰাৰ কণীবােৰাে নষ্ট কৰিলে আৰু বাহবোৰাে ভাঙি ছিঙি ধ্বংস কৰিলে। টোকোৰাবােৰে মূৰ্খ বান্দৰবােৰৰ উপকাৰৰ বাবে উপদেশ দিবলৈ যাওঁতে নিজৰহে ঘােৰ অনিষ্ট হ’ল। ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে মূৰ্খবোৰক সজ উপদেশ দিলে সিহঁতে ভুল বুজি উপদেশকাৰীৰহে অনিষ্ট সাধন কৰে। এতেকে মূৰ্খক উপদেশ দি লাভ নাই।

১৩। অভ্যসৰ নৰ কৰ্ণ পথে কৰে শৰঃ এজন সৈনিক শৰ সন্ধানত এনে পাৰ্গত আৰু নিপুণ হৈ পৰিছিল যে তেওঁ এগৰাকী তিৰোতা মানুহৰ কেৰু পিন্ধা কাণৰ নিচেই সৰু ফুটাইদিও হেলাৰঙে শৰ সন্ধান কৰিব পাৰিছিল। ইয়াৰদ্বাৰা এই দৃষ্টান্ত দাঙি ধৰা হৈছে যে, অভ্যাস কৃতকার্যতাৰ মূল। অভ্যাসৰ বলত মানুহে অসাধ্য সাধন কৰিব পাৰে; কাম যিমানেই টান নহওক সদায় অভ্যাস কৰি থাকিলে, সি শেষত অতি সহজ হৈ পৰে গৈ। অধ্যৱসায়ৰ যােগেদি কাম কৰাৰ অভ্যাস কৰিব লাগে, তাকে কৰিলে কাণৰ ফুটাই দি শৰ মাৰিব পৰাৰ নিচিনা কঠিন কামাে সহজ হৈ পৰিব।

১৪। আঁঠুৱা চাই ঠেং মেলাঃ মহ নিবাৰণৰ কাৰণে আঁঠুৱা ব্যৱহাৰ কৰা হয়। আঁঠুৱা যিমান দীঘল সেই মতে ঠেং মেলি আঁঠুৱাৰ তলত শুব লাগে। চুটি আঁঠুৱাত দীঘলকৈ ঠেং মেলি দিলে, আঁঠুৱা দাং খাই থাকি মহ সােমাই কামুৰিব, তেতিয়া আঁঠুৱা তৰাৰ কোনাে অর্থই নাথাকিব; তদুপৰি আঁঠুৱাও ফাটিব। গতিকে আঁঠুৱাৰ জোখ অনুযায়ীহে ঠেং মেলা উচিত। ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে আয় চাইহে ব্যয় কৰিব লাগে আৰু নিজৰ সামর্থ্য চাইহে কাম কৰিব লাগে। আয়তকৈ ব্যয় বেছি হ'লে ধাৰত পােত খাব লাগিব আৰু সামর্থ্যতকৈ বেছি কৰিব খুজিলে শক্তি ভাঙি গৈ বিপদ ঘটাব।

১৫। এনেই বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়াঃ নাতিনীসকল বুঢ়ীমাকসকলৰ বৰ হেপাহৰ আৰু বৰ আদৰৰ। নাতিনীসকলৰ বিয়া বুঢ়ীমাকসকলৰ বাবে তাতােকৈ আনন্দৰ কথা। তাতে যদি বুঢ়ীমাক নাচনী হয় বা ধেমেলীয়া হয়, তেনেহ'লে আনন্দৰ আৰু সীমা নােহােৱা হয়, বুঢ়ীমাকসকল আনন্দত অতিশয় আত্মহাৰা হৈ পৰে। বুঢ়ীৰ নাচোনৰ পাকে সকলােকে আনন্দময় কৰি তােলে। ইয়াৰ দ্বাৰা এইটো বুজা যায় য়ে আনন্দৰ মাজতে যদি আৰু আনন্দৰ কাৰণ উদ্ভৱ হয়, তেনেহ'লে মানুহৰ আনন্দই পাৰ নধৰা হয়; অসীম আনন্দই মানুহক আত্মহাৰা কৰি তােলে।

১৬। এশ গৰু মাৰিলে বাঘৰাে মৰণঃ বাঘ অতিশয় হিংস্র জন্তু; ইহঁতে গৰু মাৰে, কিন্তু গাে-বধ মহাপাপ। অধিক গৰু বধ কৰিলে, বাঘৰো মহাপাপ হয়; তাৰ ফলত তাৰ আয়ুস টুটে। তদুপৰি বাঘে গৰু মৰা শুনিলে মানুহেও বাঘক বধ কৰিবলৈ সষ্টম হয় আৰু বাঘৰ অত্যাচাৰ যেতিয়া বাঢ়ি যায়, তেতিয়া যি কোনাে উপায়েৰে মানুহে বাঘ বধ কৰে। অত্যাচাৰ বাঢ়িলে মৰণো ওচৰ চাপি আহে। গতিকেই বাঘৰাে মৰণ হয়। এতেকে মানুহে পাপলৈ ভয় কৰি অসৎ কামৰ পৰা সদায় বিৰত থকা উচিত; নহ'লে পাপ বাঢ়ি গৈ আয়ুস টুটিব আৰু ফলত মৰণ ওচৰ চাপিব।

১৭৷ কিনা হাঁহৰ ঠোঁটলৈকে মঙহঃ ধন ভাঙি কিনি অনা বস্তুক মানুহে এনেয়ে পােৱা বস্তুতকৈ বহুতাে বেছি মূল্য দিয়ে। সেইদৰে ধন দি কিনি অনা হাঁহৰ কোনাে অংশকে মানুহে পেলাবলৈ ইচ্ছা নকৰে; তাৰ ঠোঁটৰ মাজতাে যেন মঙহ থাকে, এনেভাৱে মঙহ বাছি কুটি উলিয়ায়; আনকি খাব পৰা হ'লে মানুহে ঠোঁটটোকে খালেহেঁতেন। ইয়াৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে মূল্য দি অনা বস্তুৰ সামান্য অংশও হানি হ'বলৈ দিয়া উচিত নহয়, সামান্য হানি হােৱা মানেই কিছু অংশ ধনৰ অপব্যয় হােৱা।

১৮। কুমলীয়া আদা পাই ভৰিৰে মােহাৰি খােৱাঃ আদা বুঢ়া হ'লেহে জাল বেছি হয়; কুমলীয়াতে জাল কম। আদা খাব লাগিলে তাৰ ছাল কটাৰীৰে ৰুকি লব লাগে। কিন্তু কুমলীয়া আদাৰ ছাল কোমল বাবে হাতেৰে মােহাৰিয়ে খাব পাৰি। ইয়াত তুচ্ছ কৰি ভৰিৰে মােহাৰি খােৱাৰ কথা কৈছে; (মাহ আদি ভৰিৰে মােহাৰিও মাৰে)। ইয়াৰ দ্বাৰা ইয়াকে কোৱা হৈছে যে ঢিলা মানুহ পালে মানুহে তাৰ সহজতে অপকাৰ কৰিবলৈ উদ্যত হয়। সুচল পাই অপকাৰ কৰা সহজ। কিন্তু সজ লােকে তেনে কাম কৰা উচিত নহয়।

১৯। কুকুৰৰ নেজ দীঘল হয়, নিজে পাৰি বহিবঃ কুকুৰক মানুহে অস্পৃশ্য জীৱ বুলিয়ে ধৰে; তাৰ যদি নেজ দীঘল হয়, তেনেহ'লে সি নিজেহে পাৰি বহিব লাগিব। আনে বহিবলৈ নাযায়। আনহাতে ইহঁত জ্ঞাতি হিংসুক; গতিকে আনকো বহিবলে নিদিয়ে। অর্থাৎ কুকুৰৰ নেজ দীঘল হােৱাৰ পৰা আন কাৰাে উপকাৰ নহয়। সেইদৰে অসৎ লােকেও নানা অসৎ উপায়েৰে ধন ঘটে। অসৎ উপায়েৰে অৰ্জা ধন অসৎ কামতেই খৰচ হয়; তাৰপৰা আনৰ উপকাৰ নহয়। সেইদৰেই কৃপণে চাই থাকিবৰ কাৰণেহে ধন ঘটে; সেই ধন কোনাে লােকৰ উপকাৰত খৰচ কৰা নহয়। এতেকে কেৱল নিজৰ বাবেহে অর্জা ধন, কুকুৰৰ দীঘল নেজৰ তুল্য।

২০। খঙত পেট কাটি ছমাহলৈ শুকনী খােৱাঃ খং মানুহৰ ঘােৰ শত্ৰু। বেছিকৈ খং উঠিলে মানুহে হিতাহিত জ্ঞান হেৰুৱাই পেলায়। কেতিয়াবা নিজকে পাহৰি যায় আৰু কেতিয়াবা এনে হয় যে খঙৰ জালত কি কৰিছে নিজেই ক'ব নােৱাৰা হয়। এনে অৱস্থাত কেতিয়াবা আনৰ অনিষ্ট কৰিব নােৱাৰি নিজৰ পেটকে কাটি লয়। খং যেতিয়া মাৰ যায়, তেতিয়াহে অনুশােচনা আহে আৰু কৃতকর্মৰ বাবে অনুতাপত ভুগিব লগা হয়।

নিজৰ পেটৰ ঘা শুকুৱাবলৈ পাছত ছমাহ বা তাতােকৈ বেছিদিন শুকুনী (ঔষধ) খাব লগা হয়। ইয়াৰ দ্বাৰা ইয়াকে বুজাব খুজিছে যে খঙৰ জালত মানুহে আনৰ অনিষ্ট সাধন যে কৰেই, নিজৰাে অনিষ্ট সাধন কৰি কষ্টভােগ কৰিব লগা হয়। সেইবাবে মানুহে খঙক লাই নিদি সদায় দমাই ৰাখিবলৈ চেষ্টা কৰা উচিত।

২১। গােৰ মাৰি গংগাত পেলােৱাঃ গংগা হিন্দুসকলৰ পৱিত্ৰ নদী। গংগাত স্নান কৰিলে পাপ খণ্ডন হয় আৰু পুণ্য হয় বুলি হিন্দুসকলৰ বিশ্বাস; আন কি সেই বিশ্বাসতে বহুতে পিতৃ-মাতৃৰ অস্থি গংগাত বিসর্জন দি পৰলােকগত আত্মাৰাে কল্যাণ কামনা কৰে। কোনােবাই কাৰােবাক কষ্ট দিবৰ উদ্দেশ্যে খঙত গােৰ মাৰি দিওঁতে তেওঁ যদি গংগাত পৰে গৈ, তেনেহ'লে তেওঁৰ অযাচিত গংগাস্নান হে হয় আৰু ফলত তেওঁৰ পুণ্য লাভ হয়। অর্থাৎ কোনােবাই কেতিয়াবা কাৰােবাৰ অনিষ্ট সাধন কৰিবলৈ চেষ্টা কৰােতে তেওঁৰ অনিষ্ট নহৈ উপকাৰ হে হয়।

২২। ঘন ঘনকৈ দিবা আলি, তেহে খাবা নানা শালিঃ শালি ধানৰ কাৰণে যথেষ্ট পৰিমাণৰ পানীৰ প্রয়ােজন। সেইবাবে শালিতলীত পানী ৰাখিবৰ কাৰণে আলি দিয়া হয়। মাটি বাম হ’লে পানী সহজে নৰয়। তাৰ কাৰণে আলি ঘনাই দিয়াৰ প্রয়ােজন হয়। আলি ঘন হ'লে পানী ৰ’বই আৰু তেতিয়া বাম মাটিতাে শালি খেতি ভাল হয়। গতিকে নানাবিধৰ ভাল শালি খেতি পাবলৈ হ'লে পথাৰত আলি ঘনাই দিব লাগে। ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে কোনাে বিষয়ত সুফল পাব খুজিলে, তাৰ সু-ব্যৱস্থাও ল’ব লাগে। এইষাৰ ডাকৰ বচন।

২৩। চ'তৰ বিহুলৈ ছমাহ থাকোতেই হাত মেলি নচাঃ চ'তৰ বিহু অসমীয়া জাতিৰ বৰ মৰমৰ, অতি দৰদৰ; সেয়েহে মানুহে অন্তৰৰ সকলাে আৱেগ, সকলাে অনুভূতি উজাৰি নাচি নাচি, গীত গাই আনন্দ উপভােগ কৰে। আৱেগৰ উচ্ছ্বাসে মানুহক কোনােবা সুখৰ মধুৰ মায়াপুৰীলৈ লৈ যায়। সংসাৰত এনে কিছুমান মানুহ আছে, যি বিহুৰ নামত এনে উত্ৰাৱল যে লাগিলে বিহুলৈ ছমাহেই থাকক, তথাপি বিহুৰ নাম শুনিয়ে উলাহত নাচোন আৰম্ভ কৰি দিয়ে। ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে কিছুমান মানুহে আশা পূৰণৰ চেষ্টা কৰক বা নকৰক, আশাৰ কথা চিন্তা কৰিয়ে বৰ বেছিকৈ উচ্ছ্বাসিত হৈ পৰে; কিন্তু এনে উচ্ছ্বাস সদায় মংগলজনক নহয়।

২৪। চোৰ গ'লে বুদ্ধি, বৰষুণ গলে জাপিঃ চোৰে যাতে সম্পত্তি চুৰ কৰি নিব নােৱাৰে, তাৰ কাৰণে বুদ্ধি কামত লগালেহে সেই বুন্ধি মূল্যৱান হয়; সেইদৰে বৰষুণত ৰক্ষা পাবৰ বাবেহে জাপিৰ প্রয়ােজন। সেয়ে নহৈ চোৰে সম্পত্তি চুৰ কৰি নিয়াৰ পাছতহে যদি চোৰ খেদাৰ বুদ্ধি ওলায় আৰু বৰষুণত তিতি-বুৰি জুৰুলি-জুপুৰি হােৱাৰ পাছতহে জাপি লােৱা হয়, তাৰপৰা কোনাে কামত নাহে। সেই বুদ্ধিও মূল্যহীন, জাপিও মূল্যহীন। অর্থাৎ অসময়ত ওলােৱা দুয়ােটা উপায়েই মূল্যহীন। এতেকে অনিষ্ট হােৱাৰ আগতেই অনিষ্ট নিবাৰণ উপায় উদ্ভাৱন কৰা উচিত।

২৫। টেঙা আম এবাৰহে বেচিব পাৰিঃ মানুহে টেঙা আম খাবলৈ বৰ ভাল নাপায়; সেইবাবে ধন দি কোনেও টেঙা আম নিকিনে। কিন্তু বেঁচোতাই টেঙা আমকে মিঠা আম বুলি ফাঁকি দি বেচে। মানুহে যেতিয়া এবাৰ জানে যে তেওঁৰ আম টেঙা, তেতিয়া দ্বিতীয়বাৰ আৰু কোনেও তেওঁৰ আম নিকিনে। আনকি পাছত যদি মিঠা আমাে বেচিবলৈ আনে, মানুহে আৰু তেওঁক বিশ্বাস নকৰা হয়। এবাৰ ঠগ খালে, মানুহে আগলৈকো ঠগ খাব বুলি ভয় কৰে আৰু সাৱধান হয়। এতেকে যি আনক ফাঁকি দিয়ে, তেওঁক পাছলৈ কোনেও বিশ্বাস নকৰা হয়।

২৬। তুলসীৰ লগত কলপটুৱাৰাে মুক্তিঃ তুলসীক পৱিত্ৰ জ্ঞান কৰা হয়; সেইবাবে পূজা, সেৱা সকলােতে তুলসী ব্যৱহাৰ কৰা হয়। তুলসী এনেয়ে পৱিত্ৰ, তাতে যাগ-যজ্ঞ; পূজা সেৱা আদিত তুলসীৰ মুক্তি হয়; কলপটুৱা পৱিত্ৰ বস্তু নহয়; কিন্তু পৱিত্র অনুষ্ঠানত তুলসী আদি থবৰ কাৰণেই কলপটুৱাৰে তৈয়াৰী খােল বা ডােঙাৰ প্রয়ােজন হয়, গতিকে পৱিত্র তুলসীৰ স্পৰ্শত কলপটুৱায়াে পৱিত্ৰ হৈ মুক্তি লাভ কৰে। ইয়াৰ দ্বাৰা বুজাব খােজা হৈছে যে যি পৱিত্ৰ, সি আনকো পৱিত্ৰ কৰে আৰু সেয়েহে পৱিত্ৰৰ লগতে মুক্তি লাভৰ সুবিধা পায়। এতেকে সৎ সংগ লােৱা উচিত।

২৭। ধান পকে মানে টুনিৰ মৰণঃ টুনি চৰায়ে পকা ধান খাবলৈ ভাল পায়; গতিকে পকা ধান খাবলৈ ধাননিত জাকে জাকে টুনি পৰে, টুনি পৰিলেই গৃহস্থই নানা উপায়েৰে খেদে; তদুপৰি ধান পকিলে গৃহস্থইও দাই আনে; এনে অৱস্থাত ধান পকালৈ বাট চাই থকা মানেই লঘােণে থাকি টুনিৰ মৰণ হ'ব। সেইবাবে টুনিয়ে ধান পকাৰ আগৰেপৰাই ধান খাবলৈ আৰম্ভ কৰে।

মানুহৰ ক্ষেত্ৰতাে এনে কথাই খাটে। ঘৰত যেতিয়া খাবলৈ ভাত নাথাকে, তেতিয়া ধান পকালৈ বাট চাই নােখােৱাকৈ লঘােণে জীয়াই থাকিব নােৱাৰি। সেইবাবে ধান পকালৈকে জীয়াই থাকিবলৈ হ'লে, অন্য উপায়েৰে উপার্জন কৰি জীৱিকাৰ ব্যৱস্থা কৰিব লাগিব, নহ'লে মৰণ নিশ্চিত। এতেকে জীৱিকাৰ উপায় ওলােৱাৰ আগতে মানুহে জীয়াই থকাৰ আগতীয়া ব্যৱস্থা কৰি ল'ব লাগে।

২৮। ধাৰে কাটিলেও কটা, গাদিৰে কাটিলেও কটাঃ দা-ৰ ধাৰেৰে কাটিলে সহজতে কটা যায়, গাদিৰে সহজতে কটা নাযায়। কিন্তু তথাপি বহু কষ্টৰ মুৰত কটা যায়। ধাৰেৰে কাটক বা গাদিৰেই কাটক দয়ােটাই কটা কার্যই আৰু দুয়ােটাৰে পৰিণাম একেই। কেৱল কার্য সম্পাদন কৰাৰ ধৰণটোহে বেলেগ। সেইদৰে প্রত্যক্ষভাৱেই কৰক বা পৰোক্ষভাৱেই কৰক অপকাৰ সদায় অপকাৰেই, সি অন্য কিবা হ'ব নােৱাৰে। এতেকে নিজেই বা আনৰ হতুৱাইও মানুহে মানুহৰ অপকাৰ কৰিবলৈ চেষ্টা কৰা অনুচিত।

২৯। নাও বুৰিলেও টিঙৰপৰা ননমাঃ নাৱৰ গুৰিয়ালজনৰ যিদৰে দায়িত্ব বেছি, সেইদৰে মানাে বেছি, সেইবাবে তেওঁৰ অহংকাৰো বেছি। নাৱৰ ওখ টিঙত বহি তেওঁ মাত্র গুৰি ধৰে; বাকী নাৱৰীয়াসকলে তেওঁৰ আদেশত নাও বায়। কেতিয়াবা কোনাে দুৰ্ঘটনাত যদি নাও বুৰিবও লগা হয়, তথাপি টিঙৰপৰা নামিবলৈ ইচ্ছা নকৰে; জানােচা সন্মান হানি হয়, গর্ব খর্ব হয়।

সেইদৰে সংসাৰত এক শ্ৰেণীৰ মানুহ আছে, তেওঁলােকে সদায় আনতকৈ এখােপ ওপৰত থাকিবলৈ বিচাৰে; তেনে মানুহে হাজাৰ বিপদত পৰিলেও বা সৰ্বস্বান্ত হৈ গ'লেও অহংকাৰৰ কাৰণে তললৈ নানামে। এনে লােক অহংকাৰৰ কাৰণেই আনৰ সহানুভূতিৰ পৰাও বঞ্চিত হয়।

৩০। পৰৰ মূৰত খােৱা, ভটীয়া নাৱত যােৱাঃ যি মানুহে পৰৰ উপাৰ্জনৰ ওপৰতে খায়, তেওঁলােকে পৰিশ্ৰমৰ বাবেও চিন্তা কৰিব নালাগে আৰু উপাৰ্জনৰ বাবেও চিন্তা কৰিবৰ প্রয়ােজন নাই। এওঁলােক সুবিধাবাদী আৰু কর্মবিমুখ। সেইদৰে ভটীয়নি সোঁতত নাও মেলি দিয়াও অতি সহজ; সোঁতেই নাও চলাই লৈ যায়; কেৱল গুৰি ধৰি পােনাইহে যাব লাগে। এনে সুবিধা কোনাে মানুহেই এৰি দিব নােৱাৰে। সংসাৰতাে এনে সুবিধাবাদী অনেক লােক আছে; তেওঁলােকে ৰঘুমলাৰ দৰে পৰৰ ওপৰতে মহাসুখে খাই-বৈ নিশ্চিন্ত মনে আৰু বিনা কষ্টে জীয়াই থাকে। পিচে এনে মানুহ বিপদত পৰিলে উদ্ধাৰৰ কোনাে উপায় নাথাকে।

৩১। ফটা কঁথা তিতে মানে গালৈহে গধুৰঃ ফটা কাপােৰ জাপ জাপ কৰি কঁথা তৈয়াৰ কৰা হয়, ই যথেষ্ট ডাঠো হয় আৰু গধুৰাে হয়। দুখীয়া মানুহে জাৰত ইয়াকে গাত লৈ জাৰৰপৰা ৰক্ষা পায়। গাত কঁথা লৈ পানীয়েদি গলে সাবধান হ'ব লাগে; কাৰণ কঁথা পানীত তিতিলে বৰ গধুৰ হয়; নিবও নােৱাৰি থবও নােৱাৰি, ভালুকৰ সংগী হৈ পৰে; আনহাতে সিয়েই দুখীয়াৰ জাৰ নিবাৰণৰ সম্বল, এতেকে এৰি থৈ যােৱাও টান। গতিকে সি যাতে নিতিতে তাৰ কাৰণে সাৱধান হােৱা উচিত। এই কথাৰে ইয়াকে বুজাইছে যে কৰিবলগীয়া কাম সময় মতে কৰি যাব লাগে; কাম পেলাই থওঁতে থওঁতে বােজা বাঢ়ি গৈ থাকিব; শেষত সমাধান কৰাৰ উপায় বিচাৰি নােপােৱা হ'ব।

৩২। ফিৰিঙতিৰপৰা খাণ্ডৱদাহ হয়ঃ খাণ্ডৱ এখনি বিশাল আৰু বিস্তীর্ণ অৰণ্য আছিল। শত-সহস্র পশু-পক্ষী, জীৱ-জন্তুৰ ই আছিল আবাসভূমি। অগ্নি দেৱতাৰ পৰিতৃপ্তিৰ কাৰণে ইয়াক অর্জুনে দাহন কৰিছিল; ফলত অৰণ্য আৰু তাৰ হাজাৰ-বিজাৰ জীৱ-জন্তু ভস্মীভূত হৈ গৈছিল। সামান্য এটা ফিৰিঙতিয়েই সুবিশাল খাণ্ডৱ অৰণ্য ছাইত পৰিণত কৰিছিল। সেইদৰে সামান্য একোটা ঘটনাৰপৰা বিৰাট ধ্বংস কার্য সংঘটিত হ'ব পাৰে; এতেকে সামান্য বস্তু বা ঘটনা বুলি আওহেলা নকৰি তাৰ পৰা হ'ব পৰা অনিষ্ট যাতে হ'ব নােৱাৰে, তাৰ কাৰণে তাক আদিতেই নােহােৱা কৰিব লাগে।

৩৩। বেজীৰ জলাকো মনে কুঠাৰৰ জলাকো নমনেঃ বেজীৰ জলা নিচেই সৰু; তাক সহজে মনিব নােৱাৰি, কুঠাৰৰ জলা ডাঙৰ; তাক সহজে মনিব পৰা যায়। ইয়াত বিপৰীতভাৱে সৰু কথালৈকো মন দিয়া, অথচ ডাঙৰ কথালৈকো মন নিদিয়াৰ বিষয়ে কৈছে। বহুতাে লােক আছে যি ডাঙৰ কামত দুপইচা খৰচ কৰিবলৈকো টান পায়। অথচ অনেক সৰু আৰু অলাগতিয়াল কামত হাজাৰ টকা খৰচ কৰিবলৈকো কুণ্ঠাবােধ নকৰে। এনে মানুহ, যি ক্ষেত্ৰত উদাৰ হােৱা উচিত, তেনে ক্ষেত্ৰত উদাৰ নহৈ অনুচিত ক্ষেত্ৰতহে উদাৰ হয়।

৩৪। মহন্তৰ চিন মাহনিতঃ লহপহকৈ হােৱা, লােমালুমে লাগি থকা মাহনিত সােমালে দুটা মাহ ছিঙি খাবলৈ বা দুজোপা উঘালি আনি খাবলৈ স্বাভাৱিকতে লােভ লাগে। এই লােভ সামৰা বৰ টান; অথচ তাৰপৰা সামান্য হলেও গৰাকীৰ হানি হয়। লােভৰ বশৱৰ্তী সাধাৰণ মানুহৰ সেই কথা চিন্তালৈ নাহে, গতিকে মাহনিত সােমালে মাহ খাবই।

কিন্তু যি সকল জ্ঞানীলােক তেওঁলােকৰ বিবেচনাই সেই কথা ঢুকি পায় বাবে লােভ সম্বৰণ কৰে। যি সকল প্রকৃত মহন্ত অর্থাৎ জ্ঞানী তেওঁলােকক ভােগৰ সম্ভাৰৰ মাজত সহজে চিনি পােৱা যায়; তেওঁলােকে হাজাৰ ভােগৰ সামগ্ৰীৰ মাজতাে লােভ সম্বৰণ কৰি চলে। এতেকে যি ভােগৰ উভৈনদী সম্ভাৰ পায়াে লােভ সম্বৰণ কৰে, তেওঁহে প্রকৃত মহন্ত।

৩৫। ৰাইজে নখ জোকাৰিলে নৈ বয়ঃ এটোপ এটোপ পানী লগ হৈয়ে নদীৰ সৃষ্টি হয়; সেইদৰে একত্রিত হােৱা অজস্র মানুহৰ নখৰ আগত উঠা এটোপ এটোপ পানী মিলিত হৈও একোখন নদীৰ সৃষ্টি হ'ব পাৰে; আৱশ্যক মাত্র একত্রিত কৰাৰ। সেইদৰে বহুতাে মানুহ এক হৈ প্রত্যেকেই অলপ প্রচেষ্টা আগবঢ়ায়ো একোটা মহৎ কার্য সম্পাদন কৰিব পাৰে। এপইচা, দুপইচাকৈ ৰাইজে আগবঢ়োৱা বৰঙণিৰ দ্বাৰাই বর্তমান যুগত একো একোটা মহৎ শিক্ষানুষ্ঠান গঢ়ি তুলিছে। এতেকে ৰাইজৰ সন্মিলিত শক্তিয়ে জগতত বহুত মহৎ কার্য সম্পাদন কৰিব পাৰে।

৩৬। লােকলৈ বুলি হুল পুতি নিজে মৰে ফুটিঃ বিন্ধাই হুলৰ কাম; ই আপােন পৰ নাজানে। ঈর্ষাপৰায়ণ লােকে আনক বিন্ধক বুলি অহা যােৱা কৰা বাটত বা বাৰীৰ ঢাপত হুল পুতি থয়। কিন্তু কেতিয়াবা পাহৰাতে সেইফালে গ'লে বা জানিও ভালকৈ মন নকৰাৰ কাৰণে নিজেই সেই হুলত পৰি আঘাত পাব লগা হয়। অর্থাৎ পৰক আঘাত দিবলৈ চিন্তা কৰােতে নিজেই সেই আঘাত পাব লগা হয়। এতেকে আনৰ অহিত চিন্তা কৰা অযুগুত।

৩৭। সাপ মাৰি নেগুৰত বিহ থােৱাঃ সাপ হিংস্ৰ আৰু বিষধৰ প্রাণী। ইয়াৰ হেনাে নেগুৰতাে বিষ থাকে আৰু ছাটি মাৰি দিলেও বিষ লাগি মানুহ মৰে। সাপক কোবাই মাৰিলেও বহু সময়লৈকে নেগুৰডাল জীয়াই থাকে। গতিকে তাৰপৰা বিপদৰ সম্ভাৱনাও থাকে। সেইবাবে সাপ মাৰিলে নেগুৰডালাে কোবাই ভালকৈ মাৰিব লাগে। ইয়াৰ দ্বাৰা এইটো বুজাইছে যে শত্ৰুৰ মুঠেই চিন থােৱা অনুচিত। শত্ৰুক সম্পূর্ণৰূপে নির্মূল কৰি ভৱিষ্যতে যাতে কোনাে অনিষ্ট সাধন কৰিব নােৱাৰে, তাৰ ব্যৱস্থা কৰিব লাগে।

৩৮। শাকত নাখায় লােণ, পিটিকাত যায় তিনিগুণঃ শাকত লােণ নিদিলে খাবলৈ সােৱাদ নহয়। কিন্তু এই কথা জানিও কোনােৱে অধিক লােণ খৰচ হােৱাৰ ভয়ত শাকত লােণ নিদিয়ে বা দিলেও খুব কমকৈ দিয়ে; ইয়াৰ ফলত লােণ ৰাহি হয়। আনহাতেদি আলু, বেঙেনা, মাছ আদিৰ পিটিকা কৰােতে অ'ত অকণমান ত'ত অকণমান লােণ দিওঁতে তাতােকৈ বেছি হে লােণ খৰচ হয়। অর্থাৎ এহাতেদি ৰাহি কৰিবলৈ বিচাৰােতে আনহাতেদি দুগুণে। ব্যয় হে হয়। এতেকে মানুহে সকলাে দিশ বিবেচনা কৰি চাইহে, কাম কৰা উচিত।

৩৯। হৰিণাৰ মাংসই বৈৰীঃ হৰিণাৰ মাংসৰ প্রতি মানুহৰ লােভ স্বাভাৱিক। কাৰণ ই সােৱাদ আৰু সহজে জীণ যায়। আনহাতে হৰিণ অতি নিৰপৰাধী, নিৰীহ আৰু দেখাতো বৰ শুৱনি। তথাপি তাৰ মঙহৰ কাৰণেই তাৰ সৌন্দর্য আৰু নিৰীহতালৈ লক্ষ্য নকৰি বধ কৰে। অর্থাৎ মাংসই তাৰ শত্ৰু হ'ল। সেহদৰে বহুতৰ অজস্র সম্পদ থকাৰ বাবেই তাৰ লােভত আৰু প্রতিহিংসাত শত্রু বাঢ়ে; তেওঁৰ বাবে সম্পদেই শত্রু; আন কাৰােবাৰ ক্ষেত্ৰত সৌন্দর্যৰ বাবে নানা অনর্থ আৰু অঘটন ঘটে; তেনে লােকৰ বাবে সৌন্দর্যই শত্রু।

৪০। যি মূলা বাঢ়িব তাৰ দুপাততে চিনঃ অংকুৰিত হােৱা মূলা পুলি এটা আগলৈ ভাল হ’ব নে নহয়, তাৰ চিন সৰুতেই পােৱা যায়। যিটো মূলা পুলি ভাল হ'ব, সি দুপতীয়াতে লহপহকৈ ধুনীয়াকৈ বাঢ়ি আহিব; যিটো কেৰুণীয়া হ'ব, সি দুপতীয়াতে মেমেৰা হ'ব; এতেকে ভাল বেয়াৰ চিন সৰুতেই পােৱা যায়। এই কথা সকলাে ক্ষেত্ৰতে খাটে। খেতি এডৰা লহপহকৈ বাঢ়ি আহিলে, ভৱিষ্যতে নিশ্চয় প্রচুৰ ফলদায়ক হ'ব। সেইদৰে যি ল’ৰা শৈশৱতেই সজ হ'ব, কামত আগৰণুৱা হ'ব, আৰু তীক্ষ্ণ বুদ্ধিসম্পন্ন হ’ব সি ভৱিষ্যত জীৱনতাে সকলােতে অগ্রণী আৰু প্রতিভাৱান হ'বই।

৪১। হলা গছত আটায়ে বাগী কুঠাৰ মাৰেঃ থিয় হৈ থকা গছ এজোপা কাটোতে যথেষ্ট সময় লাগে, কষ্টও লাগে। কিন্তু এজোপা হালি থকা গছ বৰ সহজতে আৰু কম সময়তে কাটিব পাৰি। বগা লগাই অলপমান কাটি দিলেই সি সহজে বাগৰি পাৰিব। সেইবাবে তাক যেয়ে সেয়ে বগা লগাই কাটিব বিচাৰে; কিন্তু থিয় হৈ থকা গছজোপা কষ্ট কৰিব লাগে বাবেই কাটিব নােখােজে। ইয়াৰদ্বাৰা এইটোকে বুজাইছে যে দুর্বল বা বিপন্ন লােকৰ অতি সহজে বিপদ ঘটাব পাৰি আৰু তেওঁলােকক কাতৰাে কৰাব পাৰি; কিন্তু গজ-গজীয়া, বলী, সম্পদশালী লােকক নােৱাৰি। এতেকে দুর্বলীক বেছি দুর্বল কৰিবলৈ আঘাত কৰা অনুচিত।

৪২। হস্তীৰো পিচলে পাৱ সজ্জনৰাে বুৰে নাওঃ হাতী শক্তিশালী জীৱ। তাৰ ভৰিও মােটা আৰু শকত। সেইবাবে সহজে আৰু সাধাৰণতে পিচল নাখায়। কিন্তু কেতিয়াবা হঠাতে খােজকঢ়াৰ এনে ব্যতিক্রম ঘটি যায় যে হাতীও পিচলিবলৈ বাধ্য হয়। সেইদৰে সজ্জন সকলাে সদায় সৎ পথত থাকি আনৰ হিত সাধনেই কৰে। তেওঁলােকে নৌকা যাত্রা কৰিলেও সহজভাৱেই কৰে; সাৱধানাে হয়; গতিকে তেওঁলােকৰ নাও বুৰিব নােৱাৰে। কিন্তু কেতিয়াবা এনে দুর্ভাগ্যই লগ লয় যে তেওঁলােকৰ নাৱাে বুৰি যায়। ইয়াৰদ্বাৰা ইয়াকে বুজাইছে যে সকলো প্রাণীয়েই ভাগ্যৰ অধীন। গতিকে বিপদ-সম্পদ সকলােৰে ভাগ্যতে ঘটে।

৪৩। জী ভালেই জোঁৱাই ভাল আপােন ভালেই জগত ভালঃ জোঁৱাই পৰৰ সন্তান। সেইবাবে ভাল হ'ব নে নহয়, সজ নে অসজ, সতকাই কোৱা টান। কিন্তু জীয়াৰীজনী নিজৰ বাবে ভাল নে বেয়া সহজেই ক'ব পাৰি। আনহাতেদি জীয়াৰী যদি ভাল হয়, তেনেহ'লে জোঁৱাই যেনেকুৱাই নহওঁক, তেওঁক গঢ় দি ভাল কৰি ল'ব পাৰে। অর্থাৎ জী ভাল হ'লে, জোঁৱাইকো যিকোনাে প্রকাৰে ভাল কৰি ল'বই। সেইদৰে নিজে ভাল হ'লে আনেও ভাল পাব আৰু নিজ গুণৰ বলত আনকো ভাল কৰি ল'ব পাৰিব। এতেকে নিজৰ চৰিত্ৰৰ ওপৰতেই ভাল-বেয়া সকলাে নির্ভৰ কৰে।

৪৪। আপদৰ মাত আকালৰ ভাতঃ বিপদৰ বন্ধুহে আচল বন্ধ। বিপদৰ সময়তহে মানুহক মানুহ লাগে। বিপদৰ সময়ত সামান্য এপদ বস্তু দিলেও বহুত সহায় হয়, বস্তু দি সহায় কৰিব নােৱাৰিলেও সহানুভূতি জনাই এষাৰ মাত দিলেও মানুহে বহুতাে সকাহ পায়, সাহ বাঢ়ে। সেইদৰে আকালৰ সময়ত সামান্য এমুঠি ভাত দি সহায় কৰিলেও পৰম ধৰ্ম হয় আৰু জীৱকো সহায় কৰা হয়। বিপদত এষাৰ মাত দিয়া আৰু আকালত এমুঠি ভাত দিয়া দুয়ােটাই পৰম ধৰ্ম আৰু মহৎ উপকাৰ। তাকে কৰিব পৰাটোৱেই প্রকৃত মানৱ ধর্ম।

৪৫। মুখতে বঁটা পায়, মুখতে কটা যায়ঃ মানুহক মুখেই তাৰিবও পাৰে, মুখেই মাৰিবও পাৰে। মুখেৰে কথা কোৱা যায়; সেই কথা ক'ত কেনেকৈ ক'ব লাগে, বা কি পৰিস্থিতিত কেনেভাৱে কথা ক'ব লাগে তাক মানুহে জনা উচিত। মুখ আছে বুলিয়েই যেতিয়াই যিহকে তিহকে কোৱাৰ ফলত মানুহ বিপদত পৰে।

কথা সুন্দৰকৈ, সময়ােপযােগীকৈ সজাই-পৰাই ক'ব পাৰিলে মানুহৰ পৰা প্রশংসা পােৱা যায় আৰু মানুহকো আপােন কৰি ল'ব পাৰি; সেয়ে মুখৰ বঁটা। কিন্তু কথা ক’ব নাজানি য’তে ত’তে, যিহকে তিহকে ক’লে মানুহৰ অপ্রিয়ভাজন হ'ব লগা হয়; ফলত শত্ৰু বাঢ়ে আৰু বিপদো আহে; সিয়েই কটা যােৱাৰ তুল্য। এতেকে সদায় মুখক বশ কৰি ৰাখি জুখি-মাখি কথা কোৱা উচিত।

৪৬। বুঢ়াৰ কথা নুশুন ডেকা, টানত পৰি কিয় কেঁকাঃ বুঢ়াসকলেই সংসাৰৰ আটাইতকৈ অভিজ্ঞ লােক। তেওঁলােকে জীৱনত বহুতাে দেখি-শুনি, শিকি-বুজি বহুতাে অভিজ্ঞতা অর্জন কৰে। তেওঁলােকৰ অভিজ্ঞতা পুষ্ট জ্ঞানেৰে ডেকাসকলকো নানা উপদেশ দি, সজ বাট প্রদর্শন কৰি জীৱন সুন্দৰ আৰু মঙ্গলময় কৰি ল'বলৈ পৰামর্শ দিয়ে। ডেকাসকলে বয়সৰ স্বভাৱজাত উতনুৱামিৰ কাৰণেই তেওঁলােকৰ উপদেশ অমান্য কৰি অবাটে গৈ পাছত পৰিণাম ভােগ কৰিবলগীয়া হয়। কেতিয়াবা ঘােৰ বিপদতাে পৰি ককবকাব লগা হয়। এতেকে বুঢ়াসকলৰ উপদেশ শিৰােধার্য কৰি জীৱনৰ বাটত বাট বুলা উচিত।

(আশা কৰোঁ আপুনি লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment