Wednesday, April 15, 2026
0 Shares

দুটা ভাটেীৰ কাহিনী

কোনাে এখন পাহাৰৰ নামনিৰ এখন হাবিত এহাল ভাটৌ চৰাই বাস কৰিছিল। ভাটৌহালৰ মাইকীজনীয়ে সময়ত দুটা কণী পাৰিলে। সময়ত সেই কণী দুটাৰ পৰা এহাল ভাটৌ জন্মিল। এদিন দুপৰীয়াৰ সময়ত ভাটৌহাল নথকা সুযােগত এটা ব্যাধে আহি পােৱালি দুটা ধৰি লৈ গ’ল। এদিন সুযােগ বুজি ব্যাধৰ হাতৰ পৰা এটা ভাটৌ উৰি গৈ এখন আশ্ৰমত আশ্রয় ল’লেগৈ। আশ্ৰমত থকা ঋষিজনে সেই ভাটেীটোক অতি মৰমেৰে লালন-পালন কৰিলে। এবাৰ এজন ৰজাই মৃগয়ালৈ আহি ভুল পথেৰে গৈ ব্যাধৰ গৃহত সােমাল। ৰজাক দেখি পিঞ্জৰাত থকা ভাটৌটোৱে ধৰ, ধৰ, মাৰ, মাৰ, বান্ধ, বান্ধ আদি শব্দৰে চিঞৰিবলৈ ধৰিলে। ৰজাই এটা সাধাৰণ ভাটৌৰ মুখত এনে কর্কশ শব্দ শুনি আচৰিত হ'ল।

তেওঁ তাত বেছি সময় নাথাকি পুনৰ অৰণ্যলৈ ঢাপলি মেলিলে। সেইবাৰ আকৌ তেওঁ এখন আশ্ৰমত প্রৱেশ কৰিলে। তাতাে তেওঁ অইন এটা ভাটৌ চৰাই দেখিবলৈ পালে। সেইবাৰ কিন্তু ভাটৌটোৱে ৰজাক দেখাৰ লগে লগে বৰ নম্ৰ ভদ্র ব্যৱহাৰ কৰিলে। ভাটৌটেৱে ৰজাক ক'লে, “আহক, আসন গ্রহণ কৰক। মই আপােনাক কিবা উপকাৰ কৰিব পাৰিমনে?” ভাটৌটোৰ ব্যৱহাৰত ৰজা মুগ্ধ হ’ল। তেওঁ দুয়ােটা ভাটৌৰ এনে বিপৰীত আচৰণৰ কাৰণ জানিব বিচাৰিলে। শেষত তেওঁ সকলাে কথাৰ খা-খবৰ লৈ জানিব পাৰিলে যে আগৰ ভাটৌটোৰ সংগ আছিল দুষ্ট প্রকৃতিৰ লােক। সেই কাৰণে সংগ দোষত তাৰ মাত কথাবােৰ কর্কশ হ’ল। দ্বিতীয় ভাটৌটো সৎ সঙ্গত বাস কৰাৰ বাবে তাৰ মাত-কথাবােৰ সন্ত-সাধুৰ দৰে হ’ল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment