Wednesday, April 15, 2026
0 Shares

নিগনি আৰু হাতীৰ বন্ধুত্ব

মানুহে বসবাস কৰিবলৈ এৰি যােৱা এখন নৈপৰীয়া গাঁৱত অজস্ৰ নিগনিৰ গাত আছিল। সেই গাঁতবােৰত নিগনি বােৰে পৰম সুখ-সন্তোষেৰে ঘৰ-সংসাৰ ৰক্ষা কৰিছিল। সেইখন নদীতে পানী খাও বুলি ক'ৰবাৰ পৰা এজাক বনৰীয়া হাতী আহি ওলাল। হাতী জাকৰ গচকত বহুত নিগনিৰ ঘৰ-সংসাৰ শেষ হৈ গল। বহুতে প্রাণবায়ু এৰিলে আৰু কিছুমানে চিৰদিনৰ বাবে পংগু হ’ল। কিছুমানৰ আৰু ঘৰ-ভেটিও নােহােৱা হ’ল। মুঠতে হাতীৰ জাকটোৰ আগমনে নিগনিৰ বসতিস্থলত ক্ষন্তেকৰ ভিতৰতে ত্ৰাসৰ সৃষ্টি কৰিলে। এই হাতীবােৰৰ পৰা ৰক্ষা পাবলৈ সিহঁতৰ মুখিয়ালটোৱে লগত কেইটামান সহচৰ লৈ পানী খাই থকা মখনাটোৰ মুখামুখি হৈ ক'বলৈ ধৰিলে, “হে গজৰাজ, আপােনালােকৰ আগমনে আমাৰ মাজত ত্ৰাসৰ কাৰণ হৈ থিয় দিছে। আমাৰ মাজৰ বহুতৰে মৃত্যু হ’ল, কিছুমান আহত হ’ল। বহুতে নিজৰ ঘৰখনাে হেৰুৱালে। কওকচোন বাৰু আমাৰ কি অপৰাধ? দয়া কৰি আপােনালােক অন্য এটা পথেৰে উভতি যাওক। যাতে আমাৰ বংশটো একেবাৰে শেষ হৈ নাযায়। লগতে মুখিয়াল নিগনিটোৱে এই কথাটো ক'লে যে এই উপকাৰৰ বিনিময়ত নিশ্চয় সিহঁতেও অন্য এটা উপকাৰ কৰিব। মখনাই মনতে ভাবিলে, এই ক্ষুদ্রকায় প্রাণীটোই আমাৰনাে কি উপকাৰ সাধিব? তথাপি সিহঁতৰ ভাল চিন্তি অন্য এটা পথেৰে গােটেইজাক হাতী উভতি গ’ল।

ইয়াৰ কিছুদিন পিছত সেই দেশৰ ৰজাই হাতী ধৰিবৰ মনেৰে এটা গড় সজাই ফান্দী কিছুমান নিয়ােগ কৰিলে। ফান্দীবােৰে হাতীৰ জাকটোৰ মখনাসহ অন্য কিছুমান হাতী গড়ৰ ভিতৰত বন্দী কৰি গছত বান্ধি থ’লে। হাতীৰ জাকটোৰ দলপতি মখনাটো তাৰ পৰা মুকলি হােৱাৰ উপায় চিন্তা কৰি থাকোতে হঠাৎ নিগনিবােৰৰ কথা মনত পৰিল। মুকলি হৈ থকা মাইকী হাতী এজনীক দায়িত্ব দিলে যাতে তাই নিগনিবােৰক মাতি আনি সিহঁতৰ ফান্দবােৰ এফালৰ পৰা কুটি সিহঁতক অতি শীঘ্ৰে মুক্ত কৰে। হাতীজনীয়েও মখনা হাতীটোৰ দিহা মতে কাম কৰিলে। গােটেই নিগনিজাকে পূর্বৰ উপকাৰ মনত পেলাই বন্দীহাতীবােৰৰ ফান্দবােৰ কুটি সকলাে হাতীক মুক্ত কৰিলে। মখনা হাতীটোৱে সিহঁতৰ লগত বন্ধুত্ব স্থাপন কৰিলে আৰু বিভিন্ন প্রতিশ্রুতি দি হাবিলৈ গতি কৰিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment