Wednesday, April 15, 2026
0 Shares

পাণ্ডৱৰ স্বর্গ যাত্রা

বিখ্যাত কুৰুক্ষেত্র মহাযুদ্ধ ওঠৰ দিন চলিছিল। এই যুদ্ধ চলিছিল পাণ্ডৱ আৰু কৌৰৱৰ মাজত। শেষত পাণ্ডৱ পক্ষৰ হাতত কৌৰৱপক্ষ পৰাস্ত হয়। এই যুদ্ধত কৌৰৱ কুলৰ বিনাশ হয়। দ্বিতীয় পাণ্ডৱ ভীমে দুর্যোধনাদি এশ কৌৰৱক অকলে বধ কৰিছিল। যুদ্ধত জয়ী হােৱাৰ পিছত পাণ্ডৱে হেৰুওৱা ৰাজ্য লাভ কৰে। মহাৰাজ যুধিষ্ঠিৰে ভীমক যুৱৰাজ পদত অভিষিক্ত কৰি নিজে ৰাজকার্য পৰিচালনা কৰে। কিছুকাল ৰাজভােগ কৰাৰ পিছত যুধিষ্ঠিৰে পৰীক্ষিতক হস্তিনাপুৰৰ সিংহাসনত বহুৱাই স্বৰ্গলৈ যাত্ৰা কৰে। পাণ্ডৱৰ এই স্বৰ্গলৈ কৰা যাত্রাকে স্বর্গ যাত্রা বােলে। এই স্বর্গ যাত্রা কালত প্রথমে পঞ্চ পাণ্ডৱৰ পত্নী দ্রৌপদীৰ পতন ঘটে। দ্রৌপদীৰ এনে দুর্দশা দেখি ভীনসেনে যুধিষ্ঠিৰৰ পৰা ইয়াৰ কাৰণ জানিব বিচাৰে। ধৰ্মৰাজ যুধিষ্ঠিৰে কাৰণ সম্পর্কে ব্যাখ্যা এইদৰে আগবঢ়ায় যে দ্রৌপদী আছিল স্বার্থপৰ। তেওঁ পাঁচ পাণ্ডৱৰ পত্নী হৈও কেৱল অর্জুনকহে বেছিকৈ ভাল পাইছিল। এই পাপে তেওঁৰ স্বর্গ গমনৰ পথৰুদ্ধ কৰে। ইয়াৰ পিছত সহদেৱৰ পতন ঘটে। এইবাৰ ধৰ্মৰাজ যুধিষ্ঠিৰে সহদেৱৰ পতনৰ কাৰণ সম্পর্কে কয় যে সহদেৱৰ অতিপাত পাণ্ডিত্যাভিমান আছিল। তেওঁ নিজকে শ্রেষ্ঠ পণ্ডিত বুলি অহংকাৰ কৰিছিল। এই অহংকাৰে তেওঁৰ স্বৰ্গ যাত্ৰাৰ পথ বন্ধ কৰে। কিছুদূৰ যােৱাৰ পিছত নকুলাে যাত্রাপথত ভূপতিত হয়। ইয়াৰ কাৰণ জানিব বিচৰাত ধৰ্মৰাজ যুধিষ্ঠিৰে কয় যে নকুল নিজৰ ৰূপক লৈ বহুত গর্বী আছিল। এইগর্বই তেওঁৰ কাল হ’ল। যাৰ বাবে তেওঁ স্বৰ্গৰ্যাত্ৰাত উধাব নােৱাৰিলে। ভীম আৰু যুধিষ্ঠিৰ আলােচনাত ব্যস্ত থকাৰ মুহূর্ততে অর্জুনাে যাত্রাপথত বাগৰি পৰে। তেতিয়া বায়ুপুত্র ভীমে ইয়ােৰ কাৰণ জানিব বিচাৰে। যুধিষ্ঠিৰে অৰ্জুনৰ পতন সম্পর্কে কয় যে অর্জুন। জগতৰ শ্ৰেষ্ঠ ধনুর্বিদ আছিল; কিন্তু তেওঁ নিজৰ গাণ্ডীৱ ধনুখনক লৈ প্ৰায়ে গর্বকৰিছিল আৰু জগতৰ শ্রেষ্ঠ ধনুর্বিদবুলি নিজকে ভাবিছিল। এই অহংকাৰে তেওঁক স্বৰ্গৰ্যাত্ৰা পথত উধাব নিদিলে। চাওঁতে চাওঁতে এটা সময়ত ভীমসেনো যাত্রাপথত বাগৰি পৰিল। শেষ মুহূর্তত ভীমসেনে নিজৰ এই পতনৰ কাৰণ জানিব বিচাৰিলে। যুধিষ্ঠিৰে কাৰণ সম্পর্কে এইদৰে ব্যাখ্যা আগবঢ়ায় যে ভীমে ভােজনৰ মুহূর্তত লােকৰ মুখলৈ একেবাৰে চোৱা নাছিল। এনেকুৱা আপােনপেটীয়া স্বভাৱ পাপৰ কাৰক। লােকে ভােজনৰ সময়ত অন্য লােকৰ কথাও চিন্তা কৰিব লাগে। শেষত যুধিষ্ঠিৰৰ স্বৰ্গযাত্রা সফল হ’ল। তেওঁ সোশৰীৰে স্বৰ্গলৈ গমন কৰিলে। এই কাহিনীয়ে আমাক এই নীতি শিক্ষাকে দিয়ে যে আমাৰ কৰ্মফলে আমাৰ সুখ-দুখৰ কাৰক। ভাল কাম ভাল ফলদায়ক আৰু বেয়া কামেই পাপ।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment