Wednesday, April 1, 2026
0 Shares

বকাসুৰ বধ

মহাভাৰতৰ যুগৰ এখন নগৰৰ নাম ‘একাচক্রী’। যি সময়ত পঞ্চপাণ্ডৱ আৰু মাতৃ কুন্তীদেৱী ভেশছন কৰি বিভিন্ন ঠাই ঘূৰি আছিল, সেই সময়তে। তেওঁলােক গৈ সেই একাচক্রী নগৰত উপস্থিত হৈছিল। তাতে গৈ তেওঁলােকে এঘৰ ব্ৰাহ্মণৰ ঘৰত আশ্ৰয় লৈছিল। আজিৰ দৰে তেতিয়াৰ দিনৰ মানুহবােৰ ইমান নিষ্ঠুৰ নাছিল। তেওঁলােকে পঞ্চপাণ্ডৱ আৰু তেওঁলােকৰ মাতৃ কুন্তীদেৱীক হাঁহি মুখে আশ্রয় দিছিল। পাঁচ পাণ্ডৱ আৰু মাতৃ কুন্তীদেৱীৰ এই পৰিয়ালটোৱে খুজি-মাগি জীৱন নির্বাহ কৰিবলগীয়া হােৱাত বৰ কষ্ট পাইছিল। তাতে ভীমক লাগিছিল বহুত খাদ্য। এদিন দুদিনকৈ দিনবােৰ গৈ থাকিল। হঠাৎ এদিন মাতৃ কুন্তী দেৱীয়ে ব্রাহ্মণৰ পৰিয়ালটোত কিবা কান্দোনৰ শব্দ শুনিবলৈ পালে। তেওঁ সকলাে কথাৰ ভূ লৈ জানিব পাৰিলে যে সেইখন নগৰত এটা দুর্দান্ত ৰাক্ষক থাকে। সেই ৰাক্ষসটোক প্রতিদিনে খােৱাৰ কাৰণে অজস্র খাদ্য বস্তু লাগে আৰু খাদ্য তালিকাত প্রতি সাজত একোজনকৈ মানুহাে আগবঢ়াব লাগে। সেই অঞ্চলৰ প্রতি ঘৰে পাল পাতি একোজনকৈ মানুহ ৰাক্ষসৰ মুখলৈ ঠেলি দিয়ে। সেয়া বহুদিন ধৰি চলি আহিছে। সেই দিনা ব্রাহ্মণৰ ঘৰত পাল পৰিছে। তেওঁলােকৰ ঘৰত মাত্র তিনিটা প্রাণী। মাক, দেউতাক আৰু একমাত্র পুত্র সন্তান। গতিকে উক্ত পৰিয়ালটোত সেই বকাসুৰ নামৰ ৰাক্ষসটোৰ খাদ্য হ’বলৈ কোন যাব? তাকে লৈ খকা-খুণ্ডা আৰু কান্দোনৰ ৰােল উঠিছে।

পৰিয়ালটোৰ দুখত সমভাগী হৈ পঞ্চপাণ্ডৱৰ মাতৃ কুন্তীদেৱীয়ে ক'লে– “আপােনালােকে এই বিষয়টো মােৰ ওচৰত এৰি দিয়ক। বকাসুৰৰ খাদ্য হ’বলৈ আপোনালােক কোনেও যাব নালাগে। মােৰ পুত্র পাঁচজন। গতিকে তাৰে এটাক পঠিয়াম।” কুন্তীদেৱীৰ কথা শুনি পৰিয়ালটো স্তম্ভিত হ’ল। সিহঁতে পাপৰ ভয়ত ক’লে -“তেনে নকৰিব,কৰিলে আমাৰ মহাপাপ হ’ব।” কথাখিনি শুনাৰ পিছত কুন্তীদেৱীয়ে অভয় প্রদান কৰি কলে - আপােনালােকে কোনাে পাপ-পুণ্যৰ কথা ভাবিব নালাগে। মােৰ পুত্র ভীমক বকাসুৰে একো অনিষ্ট কৰিব নােৱাৰে।” কুন্তীৰ অভয় বচন শুনাৰ পিছত ব্রাহ্মণ পৰিয়ালটো মান্তি হ’ল। পিছত পাণ্ডৱ মাতৃয়ে কথাটো পুতেকহঁতক ক’লে। ইতিমধ্যে ভীমে এই খবৰটো বহুত আগতে গম পাইছিল। ৰাক্ষকৰ কথা শুনি ভীমে যাবলৈ সাজু হ’ল। কুন্তী দেৱীয়ে পুতেকক অনুমতি প্রদান কৰিলে আৰু সফল হােৱাৰ বৰ দিলে। পিছদিনা পুৱাতে ভীমে খাদ্যবস্তুৰ সৈতে গাড়ীত যাত্ৰা কৰিলে। ভীমে গৈ সেই খাদ্যবস্তুবােৰ সজাই ল’লে আৰু এফালৰ পৰা খােৱা আৰম্ভ কৰিলে। বহুদিনৰ খালি পেট, হেঁপাহ পলুৱাই এফালৰ পৰা গিলিবলৈ ধৰিলে। বহুসময়ৰ পিছত বকাসুৰ সেই ঠাইলৈ আহি ভীমৰ কাণ্ড দেখি তবধ মানিলে। সি ভীমক তর্জন-গর্জন কৰিবলৈ ধৰিলে। তর্জন-গর্জন শুনি ভীমে বকাসুৰক ক'লে– “বকাসুৰ ভাই, তই চাই থাক, মই থাকোঁ খাই।” সি ওচৰৰ পৰা গছ এজোপা উভালি আনি ভীমক কোৱাবলৈ ধৰিলে। ভীমে হাতেৰে গছজোপা দূৰলৈ দলিয়াই দিলে। কিছু সময়ৰ পিছত ভীমৰ খােৱা শেষ হ’ল। এইবাৰ ভীমে বকাসুৰৰ ফালে চোঁচা ল’লে আৰু বকাসুৰক গবা মাৰি ধৰিলে। বকাসুৰে ভাবিলে, আজি কথা বিষম৷ সি সর্বশক্তি প্রয়ােগ কৰি ভীমৰ লগত যুঁজ দিলে। দুয়ােজনৰ যুঁজত গােটেইখন ঠাই কপি উঠিল। মানুহৰ মাজত হুৱা-দুৱা লাগিল। মানুহবােৰে কিবা বিপদ হােৱাৰ ভয়ত ব্রাহ্মণ পৰিয়ালটোক গালি পাৰিব ধৰিলে। কিন্তু কি হ’ব? এটা সময়ত ভীমে বকাসুক কলগছ হাতীয়ে থেকেচা দি থেকেচি মাৰি পেলালে। বকাসুৰৰ মৃত্যুৰ বাতৰি একাচক্রী নগৰত বিয়পি পৰিল। সকলাে মনুহ ৰাক্ষসৰ অত্যাচাৰৰ পৰা পৰিত্ৰাণ পাই পৰম সন্তোষ পালে। ব্রাহ্মণ পৰিয়ালটো কুন্তীদেৱীৰ ওচৰত চিৰঋণী হৈ ৰ'ল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment