Wednesday, April 15, 2026
0 Shares

বগলীৰ মৰণ

মাছ-কাছেৰে ভৰি থকা এখন বিলৰ পাৰত এটা ধূর্ত বগলী বহুদিন ধৰি বাস কৰিছিল। বিলটোৰ মাছ, কেকোঁৰা আদি খাই খাই সি অন্য ঠাইত যাবলৈ মন কৰা নাছিল। সময়ৰ লগে লগে বিলৰ পানী শুকাই যাবলৈ ধৰিছিল। আনহাতে বয়সৰ হেঁচাত বগলীটোৱেও মাছ ধৰিবলৈ অসমৰ্থ হৈছিল। ফলত বগলীটোৱে প্রায়ে এঠাইত জুপুকা মাৰি বহি থাকে। তেনেকৈ বহি থকা দেখি এটা কেঁকোৰাই তেনেকৈ বহি থকাৰ কাৰণটো জানিব বিচৰাত বগলীয়ে বৰ দুখ মনেৰে ক’লে, মই আচলতে তােমালােকৰ কথা ভাবিয়ে এনেকৈ দুখ মনে বাহি আছাে। তােমালােকে হ’বলা নাজানা যে তােমালােকৰ বহুত দুখৰ দিন সমাগত। এইখন বিলৰ মাছ, কাছ আৰু কেঁকোৰা বােৰৰ মৰণ আহি আছে। কিছুমান মাছমৰীয়াই আজি ৰাতিপুৱা কৈ থকা শুনিছাে যে সিহঁতে খুব সােকালে জাল, পলৌ লৈ বিলখনৰ মাছ-কাছবােৰ ধৰিব। বগলীটোৰ কথাবােৰ অতি শীঘ্ৰে বিলটোত প্ৰচৰিত হৈ যােৱাত মাছ, কাছবােৰৰ মাজত হুৱাদুৱা লাগিল। সিহঁতে বগলীৰ ওচৰত আহি তাৰ পৰা পৰিত্ৰাণ পােৱাৰ উপায় বিচাৰিলে। বগলীটোই ক'লে, “এতিয়া মােৰ দেহত আগৰ দৰে বল শক্তি নাই, কিন্তু এটা দুটাকৈ মােৰ ঠোটেৰে নি দূৰৰ বিলত আশ্রয় দিব পাৰিম।” বগলীৰ দিহাত মাছবােৰ মান্তি হ’ল। বগলীও সেই সুযােগ এৰি নিদিলে। সি প্রতিদিনে তাৰ ঠোটেৰে মাছ লৈ যায় আৰু আনন্দ মনে সেই মাছটো শিলৰ ওপৰত লৈ উদৰ পূৰাই খায়। এইদৰে কিছুদিন যােৱাৰ পিছত এদিন কেঁকোৰাটোৱে বগলীটোক খাটনি ধৰিলে যে সময় থাকোতে তাকো সেইখন বিললৈ উৰুৱাই নিব লাগে। বগলীটোই ভাবিলে, বহুদিন মাছৰ সােৱাদ ল’লে, এবাৰ কেঁকোৰাৰ সােৱাদ ল’ব পাৰিলে বেয়া নাছিল। গতিকে সেই যুযােগ এৰি দিলে বেয়া হ’ব। সেই কাৰণে বগলীটোৱে কেঁকোৰাৰ কথাত মান্তি হ’ল আৰু তাক এদিন উৰুৱাই লৈ গ'ল। যথা সময়ত কেঁকোৰাটোৱে বিলখনৰ কথা সােধাত বগলীটোৱে তাৰ অভিসন্ধিৰ কথা জনালে। বগলীৰ অভিসন্ধি বুজিব পাৰি কেঁকোৰাই তাৰ ডিঙিত তাৰ তীক্ষ্ণ নখেৰে চেপি ধৰিলে। এটা সময়ত কেঁকোৰাৰ তীক্ষ্ণ নখৰ চেপাত ডিঙি ফুটি বগলীটো মৰি থাকিল। পিছত কেঁকোৰাই সকলাে ঘটনা মাছবােৰক বিৱৰি কোৱাত মাছবােৰে তাক ধন্যবাদ জনালে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment