Wednesday, April 15, 2026
0 Shares

বহুবল্কী

বহুবল্কীৰ পেট এখন কুৰুক্ষেত্ৰ। তাত নানা তৰহৰ কথাই তয়াময়া যুঁজ পাতি থাকে, আৰু পেটৰ গৰাকীয়ে মুখ মেলি দিলেই সেই এটাইবোৰ কথাই সো-সো কৰে বাজলৈ লালী ধৰে। এই লালীত বেয়া ভাল, সৰু বৰ, সঁচা মিছা সকলো বিধৰ কথা থাকে। বহুবল্কীৰ মুখেৰে কথা সোঁত বৈ যায়, আৰু সেই সোঁতৰ ছেদ-ভেদ নাই। সোঁতৰ এনে অমূৰ্ত্তক বেগ যে তাৰ কোনো এটা কথা ধৰি ৰাখিব নোৱাৰি, ধৰিলে হাত পুলকি লৰ মাৰে। গতিকে, বহুবল্কীয়ে মুখ নজপালে কথা ৰাখিবৰ উপায় নাই। ইমানবোৰ কথা পেটত ৰখাও উজু নহয়। বনৰীয়া টোকোৰা ধৰি সজাত বন্দী কৰিলে সিহঁত ওলাবলৈ খৰ-মৰাই থাকে, আৰু সেই খৰ-মৰণিত পলকে পলকে সজাত ভূমিচাল হয়। সজা বাঁহৰ যতন, তাৰ জীৱ নাই, সেই দেখি খৰ-মৰণিত তাৰ দুখো নাই, আমনিও নাই। কিন্তু বহুবল্কী জীৱ থকা মানুহ, কেৱল স্বভাৱৰ দোষত কথাবাহী হয়। তাৰ তেজমঙ্গহৰ শৰীৰ, সি কথাৰ খৰ-মৰণি কিমান সহিব পাৰে? দুই চাৰিটা অত তত ওকালি পেলাব পাৰিলেই অলপ সকাহ পায়। সেই দেখি কথাচহকীয়ে সুচল পালেই মুখ মেলে, আৰু যেই তাৰ মুখ মেল খায়, তৎক্ষণাৎ কথাবাহিনীৰ ভিতৰত ওলাবলৈ উথপ্-থপ্ উদাপদুমা লাগি যায়। তেতিয়া সি কোনটোক ধৰি ৰাখিব? এইদৰে সি তো আহুকালৰ পৰা সাৰিল, কিন্তু শুনােতাৰ ফালে কেনে? তপত তেলত দিয়া কাৱৈ যেনে। বহুবল্কীৰ পেটৰপৰা ওলাই আহি শুনােতাৰ পেটত কথাবােৰে জুমুৰি পাতে আৰু গিজ্‌গিজাবলৈ ধৰে। এনে গিজ্‌গিজনি সহে কোনে? গতিকে শুনােতাৰ ভাগত ধৰফৰণি।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment

Related Stories