Wednesday, April 15, 2026
0 Shares

দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ

দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ

নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি "দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ" ৰচনাখনৰ জৰিয়তে আমাৰ দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ আৰু ইয়াৰ ভাল -বেয়া দুয়োটা দিশৰ ওপৰত আলোকপাত কৰিম। সেয়েহে, আমাৰ দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱৰ বিষয়ে অধিক জানিবলৈ ৰাচনাখন শেষলৈকে পঢ়ক। ধন্যবাদ।

বিজ্ঞানৰ প্ৰভাৱ

মানৱ সভ্যতাই নানা ঢাপ অতিক্ৰম কৰি আজিৰ অৱস্থাত উপনীত হৈছে। এটা সময়ত মানুহৰ ওচৰত প্ৰকৃতি আছিল অপৰাজেয়, দুর্দান্ত। আজি মানুহে জ্ঞান-বুদ্ধিৰ বিকাশ ঘটাই প্রকৃতিক বহুলাংশে নিজৰ আয়ত্তলৈ আনিছে। বিজ্ঞানৰ সাহায্যত মানুহে প্ৰকৃতিৰ গোপন ৰহস্য ভেদ কৰিছে। বিজ্ঞানে আমাৰ জীৱনলৈ সুবিধা কঢ়িয়াই আনি উপভোগ্য কৰি তুলিছে।

দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ

বিজ্ঞানৰ প্ৰভাৱ

আমাৰ দৈনন্দিন জীৱনৰ গভীৰলৈ সোমাই পৰিছে বিজ্ঞান। বিজ্ঞান অবিহনে আজিৰ জীৱন কল্পনাও কৰিব নোৱাৰি। পুৱাৰ টোপনি ভঙাৰ পৰা ৰাতি বিছনাত পৰালৈকে প্রতি মুহুৰ্ততে আমি বিজ্ঞান সৃষ্ট সামগ্ৰীৰ লগতেই জড়িত হৈ থাকো। দৈনন্দিন জীৱনত ৰন্ধা-বঢ়াৰ বাবে এল পি জি, হিটাৰ, আহাৰৰ বাবে বাচন-বৰ্তন, স্বাচ্ছন্দ্যৰ বাবে ফেন, এয়াৰ কুলাৰ, অন্ধকাৰ দূৰ কৰিবৰ বাবে বিদ্যুৎ, যোগাযোগৰ বাবে টেলিফোন, যাতায়াতৰ বাবে মটৰ গাড়ী, ৰে’ল গাড়ী, উৰাজাহাজ প্ৰতিটো বস্তুৱেই বিজ্ঞানৰ দান।

বিজ্ঞানৰ প্ৰভাৱ

বিজ্ঞান সৃষ্ট টেলিভিছনৰ সহায়ত এতিয়া পৃথিৱীৰ যিকোনো প্ৰান্তৰ খবৰ আমি মুহুৰ্ততে পাব পাৰো। মোবাইল ইন্টাৰনেটৰ প্ৰয়োগৰ ফলত পৃথিৱীখন এতিয়া সৰু গাঁৱত পৰিণত হৈছে। বিজ্ঞানৰ প্রগতিৰ ফলত চিকিৎসা ক্ষেত্ৰলৈ আমূল পৰিৱৰ্তন আহিছে যাৰ বাবে দূৰাৰোগ্য ৰোগ চিকিৎসাও এতিয়া সম্ভৱ হৈছে। বিজ্ঞানৰ প্ৰভাৱৰ ফলত মানুহৰ অনুসন্ধিৎসা বৃদ্ধি পাইছে। তাৰ বাবেই মানুহৰ পৃথিৱীৰ বাহিৰৰ জগতৰ, মহাকাশৰ ৰহস্য ভেদত ব্রতী হৈছে। দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰয়োগৰ ফলত কৃষিৰ ক্ষেত্ৰত ন ন প্রযুক্তি কৰিব পৰা গৈছে। গৰুৰে হাল বোৱাৰ সলনি ট্ৰেক্টৰ প্ৰয়োগৰ ফলত সময় আৰু পৰিশ্রম ৰাহি হৈছে। ইয়াৰ উপৰিও আহিছে অধিক উৎপাদনক্ষম নতুন বীজ। বিজ্ঞানে মানুহক সময়ৰ সদ্ব্যৱহাৰ কৰিবলৈ শিকাইছে। দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱৰ ফলত সময় বচাবলৈ ইখন দেশৰ লগত সিখন দেশৰ মানুহৰ প্ৰতিযোগিতা চলিছে।

বিজ্ঞানৰ প্ৰভাৱ

বিজ্ঞানৰ ক্ষতিকাৰক দিশ

বিজ্ঞানে মানুহক দৈনন্দিন জীৱনত অনেক স্বাচ্ছন্দ্য, আৰাম, গতি, নিশ্চয়তা আৰু নিৰাপত্তা আনি দিছে। তাৰ বাবেই মানুহ অত্যাধিক যন্ত্রনির্ভৰ হৈ পৰিছে। মানুহৰ দৈহিক আৰু মানসিক শক্তি ভৱিষ্যতে কমি যোৱাৰ আশংকাও প্রকট হৈ পৰিছে। বিজ্ঞানৰ পৰা অত্যধিক সুবিধা লভি মানুহ হৈ পৰিছে আত্মকেন্দ্রিক। তদুপৰি বিজ্ঞানৰ বিধ্বংসী ৰূপ নিৰীহ শান্তিপ্রিয় মানুহৰ জীৱনত নির্মম অভিশাপ হৈ ৰৈছে। সৱাতোকৈ উদ্বেগজনক ৰূপ লৈছে বিজ্ঞান সৃষ্ট সামগ্ৰীৰ দান প্রদূষণে। প্রদূষণে সমগ্ৰ পৃথিৱীৰ জীৱ-জগতৰ অস্তিত্বলৈ বিপদ মাতি আনিছে।

বিজ্ঞানৰ প্ৰভাৱ

সামৰণি

সকলো বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থকাটো স্বাভাবিক। জীৱশ্রেষ্ঠ মানুহে তাৰ মাজৰ পৰা ভাল দিশ লোৱাটোৱে কর্তব্য। বি_জ্ঞান অবিহনে আমাৰ জীৱন অচল। যদিও তাৰ প্ৰয়োগৰ ক্ষেত্ৰত সচেতন হোৱাটো জৰুৰী কথা।ইয়াৰোপৰি বিজ্ঞানৰ সুফলে যাতে সমাজৰ সকলো স্তৰৰ লোকক স্পর্শ কৰে তাৰ প্ৰতি দৃষ্টি ৰখাটোও জৰুৰী।

(আশা কৰোঁ আপুনি ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment