Wednesday, April 15, 2026
0 Shares

বিজ্ঞান আৰু কুসংস্কাৰ-essay in assamese

বিজ্ঞান আৰু কুসংস্কাৰ-essay in assamese

ভূমিকা (বিজ্ঞান আৰু কুসংস্কাৰ):

একবিংশ শতিকাত বিজ্ঞানৰ জয়যাত্ৰাৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। মানুহৰ বিলাসিতা, সুখ, স্বাচ্ছন্দ্য, আনন্দ আৰু ক্ষমতা সকলোৰে উৎস বিজ্ঞান। কৃষি জগতৰ পৰা আৰম্ভ কৰি বাণিজ্য জগত, দৈনন্দিন জীৱন সকলোতে বিজ্ঞানৰ প্ৰয়োগ আজি-কালি অপৰিহাৰ্য হৈ পৰিছে। যাতায়াত ব্যৱস্থা সহজ হৈ উঠিছে বিজ্ঞানৰ অনুগ্ৰহত।

কুসংস্কাৰ

কুসংস্কাৰ কি:

জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে বিজ্ঞানৰ প্ৰভাৱ থাকিলেও আমাৰ বহুতেই বিজ্ঞানক লৈ সচেতন নহয়। এফালে বিজ্ঞানৰ অগ্ৰগতি আনফালে ধর্মান্ধতা, সাম্প্রদায়িকতা, অলৌকিকতা আদিৰ প্ৰভাৱত আমাৰ জীৱন দুষিত হৈ পৰিছে। চিকিৎসকক দেখুওৱাৰ সলনি এতিয়াও জৰা-ফুকা, তান্ত্রিক বিশ্বাস কৰা লোকৰ অভাৱ নাই।

কুসংস্কাৰৰ কুফল:

কুসংস্কাৰে মানুহক পশু কৰি তোলে। মানুহৰ মাজত ভেদাভেদৰ প্ৰধান কাৰণ কুসংস্কাৰ। কুসংস্কাৰৰ বাবেই অসমৰ বিভিন্ন ঠাইত সতকাই হ’ব ধৰিছে ডাইনী হত্যা। যুক্তিহীন, প্রাচীন, কল্পিত কাহিনীত বিশ্বাসী হৈ যুক্তি-তর্ক বাদ দি আমি নিজৰ মাজতেই যুজ কৰিছো। মন্ত্ৰৰ বলত সাপে খোঁটা বা আন ৰোগত ভোগা মানুহক ভাল কৰিবলৈ গৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া অজস্র উদাহৰণ আছে। বিনাদোষত ডাইনী অপৰাধত কু_সংস্কাৰৰ বাবে মানুহ হত্যা কৰাটো সামাজিক সমস্যা হৈ পৰিছে।

কুসংস্কাৰৰ প্রকৃতি:

ভুত, অলৌকিক কাণ্ডত বিশ্বাস, ডাইনী হত্যা, কুলক্ষণীয়া বুলি সন্দেহ আদিবোৰ প্রগতিৰ অন্তৰায় স্বৰূপ। আচলতে একশ্ৰেণীৰ লোকে অতি কৌশলেৰে চলাইছে কু_সংস্কাৰৰ ব্যৱসায়। কিছুমান বস্তুক অতিৰঞ্জিত কৰি কু_সংস্কাৰৰ সৃষ্টি কৰি সেইবোৰৰ ব্যৱসায় চলোৱা হয়।

কুসংস্কাৰ

কেনেকৈ আহিল কুসংস্কাৰ?

কু_সংস্কাৰ পুৰুষানুক্রমে মানুহৰ মাজত বৰ্তি আছে। সমাজৰ দুৰ্বলতম অংশক শোষণৰ বাবে একশ্ৰেণীৰ লোকে সৃষ্টি কৰিছিল কু_সংস্কাৰৰ। বৰ্তমানৰ বিজ্ঞানৰ যুগতো সেয়া অব্যাহত আছে। আচলতে কু_সংস্কাৰৰ লগত জড়িত আছে শিক্ষা, নিৰক্ষৰতা আৰু দৰিদ্ৰতা। যেতিয়ালৈকে নিৰক্ষৰতা থাকিব, যেতিয়ালৈকে দৰিদ্রতা থাকিব তেতিয়ালৈকে সম্ভৱ নহয় কু_সংস্কাৰ দূৰ কৰা।

কুসংস্কাৰ দূৰীকৰণ:

কুসংস্কাৰ দূৰ কৰাৰ প্ৰধান অস্ত্র বিজ্ঞান। মানুহৰ মনৰ পৰা বিজ্ঞানৰ চেতনা বৃদ্ধি কৰিব পাৰিলেই এই দুৰাৰোগ্য ব্যাধিৰ পৰা আমি মুক্ত হ’ব পাৰিম। এই বিষয়ত বিভিন্ন সভা, আলোচনাচক্র, প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা উচিত। চৰকাৰী আৰু বেচৰকাৰী পৰ্যায়ত সাধাৰণ লোকৰ মাজত বিজ্ঞান চেতনা বৃদ্ধিৰ বাবে অভিযান চলোৱা আৱশ্যক। অলৌকিকতাৰ মাজতো যে বিজ্ঞান লুকাই আছে তাক বিভিন্ন প্রক্ৰিয়াৰে উদঙাই দিব পাৰি। ছাত্র-ছাত্রী যাতে আৰম্ভণিৰ পৰাই কু_সংস্কাৰমুক্ত আৰু বিজ্ঞান শিক্ষাৰ আকৰ্ষিত হয় তাৰ প্রতি চকু ৰাখিব লাগে। প্রাপ্ত বয়স্ক শিক্ষাৰ যোগেদি সমাজৰ লোকক কু_সংস্কাৰৰ ভিত্তিহীনতা সম্পর্কে অৱগত কৰিব পাৰি।

সামৰণি:

সভ্যতাৰ উন্মেষ ঘটাৰ লগে লগে সমাজৰ একশ্ৰেণীৰ লোকে দেৱ-দেৱীৰ কল্পনা কৰে। ভূৰ সৃষ্টি কৰে। প্ৰাচীন কালৰ পৰা চলি অহা এই কল্পনাৰ একবিংশ শতিকাতো অন্ত নপৰিল। কু_সংস্কাৰৰ অন্ধকাৰৰ পৰা মুক্ত কৰি মানুহক জ্ঞানৰ পোহৰলৈ অনাটো সমাজৰ প্ৰতিজন সচেতন লোকৰ কৰ্তব্য। এই বিষয়ত ছাত্ৰ-ছাত্ৰীয়ে প্রধান ভূমিকা ল'ব লাগিব।

(আশা কৰোঁ আপুনি লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment