Monday, June 29, 2026
0 Shares

বুঢ়া-বুঢ়ীয়ে বগৰিগুটি ৰোৱা

এটা বুঢ়া আৰু এজনী বুঢ়ী আছিল৷ এদিন বুঢ়া-বুঢ়ী দুয়ো মাগিবলৈ যাওঁতে বুঢ়াই এটা বগৰিগুটি আৰু বুঢ়ীয়ে এটা কড়ি পালে৷ দুয়ো ঘৰলৈ গৈ ভালকৈ মাটি এডোখৰ উলিয়াই বগৰি আৰু কড়ি পচাই থলে৷ অৱশেষত কড়ি পচি গ’ল, বগৰি গুটিৰ এটা পুলি গজি এজোপা গছ হৈ বগৰি লাগি পকি আছে৷

বুঢ়াই সদাই বগৰি ৰখিবলৈ মানুহ বিচাৰি ফুৰিছে; এনেতে ওপৰেদি এটা কাউৰী উৰি যোৱা দেখি সুধিলে, “হেৰ কাউৰী,হেৰ কাউৰী, তই মোৰ বগৰি ৰখিব পাৰিবি নে?” সি ঘপ্ কৰে “তাত সংশয় নাই” বুলি উত্তৰ দিলে৷ বুঢ়াই ক’লে, “বাৰু তোৰ মাতটো মোক মাতি শুনাচোন৷” তেতিয়া সি “কা কা” কৰি মাতিবলৈ ধৰিলে৷তাৰ মাত শুনিয়েই বুঢ়াৰ খং উঠি ক’লে, “যা,যা,যা,তই মোত বগৰি খাবিহে৷” তাৰ অলপ পাছতে এটা বগলী ওপৰেদি উৰি যোৱা দেখি বুঢ়াই সুধিলে, “হেৰ বগলী তই মোৰ বগৰি ৰখিব পাৰিবি নে?” বগলীয়ে উত্তৰ দিলে “পাৰিম তো,নোৱাৰাৰ কাৰণ কি?” বুঢ়াই ক’লে, “বাৰু মোক তোৰ মাতটো মাতি শুনাচোন৷” তেতিয়া বগলীয়ে “কক্ কক্” কৰে মাতিবলৈ ধৰিলত “তই বগৰি খাবি হে” বুলি পূৰ্ব্বৰ দৰে বুঢ়াই তাকো খেদাই দিলে৷ অৱশেষত এটা ফেঁচু ওপৰেদি উৰি যোৱা দেখি সি সুধিলে, “হেৰ ফেঁচু তই মোৰ বগৰি ৰখিব পাৰিবি নে?” ফেঁচুৱে ক’লে “যদি তুমি কোৱা মই ৰখিব পাৰো৷” বুঢ়াই ক’লে, “বাৰু,তই তোৰ মাতটো মাতি মোক শুনাচোন?” ফেঁচুৱে মাতিবলৈ ধৰিলে৷-

“ফঁচু চু ফেঁচাই মৰা৷ মেই ফেঁচু মানুহ মৰা৷৷”

মাত শুনা মাত্ৰকে বুঢ়াই তাক বগৰি ৰখিবলৈ হুকুম দিলে৷ ফেঁচু বগৰি ৰখিবলৈ লাগিল৷

এদিন এজন ৰজাই পহু মাৰিবলৈ গৈ সেই গছৰ গুৰি পাই জনদিয়েক মানুহক গছত উঠি বগৰি পাৰিবলৈ দিলে৷ মানুহ কিটাই বগৰিগছত উঠি আদখিনিমান পাওঁতেই ফেঁচুটোৱে থাপ মাৰি সিহঁতৰ চকুকিটা ফুটাই দিলে৷ মানুহকেটা নিৰুপায় হৈ মাটিত পৰিল৷ ৰজাই তাকে দেখি বহুত পুৰুষাৰ্থ কৰি ফেঁচুটো ধৰাই লৈ তেওঁৰ ৰাণীহঁতৰ হাতত দিলে; আৰু ক’লে, “মোক এইটো আজি গধূলিকে ভাজি দিব লাগিব৷” ৰজা আকৌ চিকাৰলৈ গ’লত, তেওঁৰ ঘৈণীয়েক সাতোজনী একেলগে গোট খাই ধেমেলীয়া সাধু কোৱাকুই কৰি আনন্দ লভি আছে; তাকে দেখি ফেঁচুটোৱেও লাহেকৈ মাত লগালে, “বাইদেউহঁত, মই খুব ভালকৈ গান গাব পাৰোঁ, নাচিবও পাৰোঁ৷” এই কথা শুনি তেওঁলোকে ৰং পাই চৰাইটোক গান গাবলৈ মোকোলাই দিলে৷ চৰাইটোৱে তেওঁলোকৰ আগতে বহুত সময় ঘূৰি ঘূৰি নাচি আছিল৷ তেওঁলোকে যেতিয়া নাচ দেখি আনন্দত বিভোল হ’ল, তেতিয়াসি উৰি লৰ মাৰিলে৷ তেতিয়া সিহঁত আটাউকেইজনী বিবুধি হৈ, চুক-ভেকুলি এটা বিচাৰি আনি ভাজি ৰজাক গধূলি ভাতৰ লগত খাবলৈ দিলে৷ ৰাতিপুৱা ৰজাই শুই উঠি হাতত লোটা লৈ মুখ ধুবলৈ ধৰিছে, এনেতে ফেঁচুটো উৰি আহি ৰজাক সম্বোধন কৰি ক’লে, “হেৰ ৰজা, কালি তই মোক খাব নোৱাৰিলি; খালি ভেকুলি ভজা৷” ৰজাই আচৰিত হৈ এজনী এজনীকৈ আটাউকেইজনী ঘৈণীয়েকক সুধিলে, কিন্তু সৰুজনীৰ বাহিৰে এজনীয়েও সঁচা উত্তৰ নিদিলে৷ ৰজাই খং উঠি ডাঙৰ কেজনীক হাতীৰে গচকাই মাৰিলে আৰু সৰুজনীক ৰাণী পাতি লৈ খাই-বৈ থাকিল৷

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment