Wednesday, April 15, 2026
0 Shares

ভাগৱতী দেৱীৰ ভ্ৰামৰী আৰু শকাম্বৰী অৱতাৰ

ভাগৱতী দেৱীৰ ভ্ৰামৰী আৰু শকাম্বৰী অৱতাৰ

ভাগৱতী দেৱীৰ ভ্ৰামৰী ৰূপঃ

ভাগৱতী দেৱীয়ে দেৱতাসকলক সহায় কৰাৰ উদ্দেশ্যে নানা সময়ত নানা প্ৰকাৰৰ অৱতাৰ গ্ৰহণ কৰিছিল। ভ্ৰামৰী দেৱীৰ অৱতাৰ গ্ৰহণ কৰি দেৱীয়ে দেৱতাসকলক অৰুণ নামৰ ৰাক্ষসটোৰ পৰা ৰক্ষা কৰিছিল। এই কাহিনীটো এনেধৰণৰ-

ভাগৱতী দেৱী

বহুযুগৰ আগৰ কথা। অৰুণ নামৰ এজন ৰাক্ষসে কঠোৰ নীতি- নিয়ম অনুসৰণ কৰি ভগৱান ব্ৰহ্মাক উদ্দেশ্যে তপস্যা কৰিলে। তপস্যাত সন্তুষ্ট হৈ ব্ৰহ্মাদেৱে দেখা দিলে আৰু অৰুণক মনৰ ইচ্ছামতে বৰ বিচাৰিবলৈ ক'লে। অৰুণে ব্ৰহ্মাদেৱৰ পৰা এনে এটা বৰ ল'ব বিচাৰিলে যে তেওঁক যাতে যুদ্ধত কোনো পুৰুষ বা মহিলাই হৰুৱাব নোৱাৰে আৰু কোনো অস্ত্ৰৰ দ্বাৰা তেওঁৰ নিধন নহ'ব। কোনো দুই বা চাৰিখন ঠেং থকা প্ৰাণীয়ে তেওঁৰ হত্যা কৰিব নোৱাৰিব। ইয়াৰ লগে লগে তেওঁ দেৱতাসকলকো জয় কৰিব পৰা শক্তি বিচাৰিলে।

ব্ৰহ্মাই তেওঁৰ তপস্যাত ইমানে সন্তুষ্ট হৈছিল যে তেওঁক এই সকলোবোৰ বৰদান প্ৰদান কৰিলে। বৰ পোৱাৰ পিছত অৰুণে দেৱতাসকলৰ পৰা স্বৰ্গখন কাঢ়ি ল'লে। ইন্দ্ৰ সহিতে সকলো দেৱতাই বৰ ভয় খালে আৰু ভগৱান শিৱৰ ওচৰলৈ ৰাক্ষস বধৰ উপায় বিচাৰি গ'ল। তেতিয়াই আকাশবাণী হ'ল যে, সকলো দেৱতাই মিলি দেৱী ভাগৱতীৰ উপাসনাহে কৰিব লাগে, তেওঁৱে সেই ৰাক্ষসটোক হত্যা কৰিবলৈ সক্ষম।

আকাশবাণী শুনি সকলো দেৱতাই দেৱীক সন্তুষ্ট কৰাৰ উদ্দেশ্যে কঠোৰ তপস্যা কৰিলে। তপস্যাত প্ৰসন্ন হৈ দেৱীয়ে দেৱতাসকলৰ ওচৰত আহি উপস্থিত হ'ল। তেওঁৰ ৰূপটো দেখিবলৈ কিছু ব্যতিক্ৰম আছিল। তেওঁৰ ছয়খন ভৰি আছিল। তেওঁক চাৰিওফালৰ পৰা অগণন ভ্ৰমৰে (এক বিশেষ ধৰণৰ ডাঙৰ মৌমাখি) আৱৰি আছিল। তেওঁৰ হাতৰ মুঠিবোৰো ভ্ৰমেৰেৰে ভৰি আছিল।

ভাগৱতী দেৱী

ভ্ৰমৰৰ দ্বাৰা ঘেৰি থকা বাবে দেৱতাসকলে দেৱীৰ এই ৰূপক ভ্ৰামৰী দেৱী নামেৰে সম্বোধন কৰিলে। দেৱতাসকলৰ পৰা গোটেই ঘটনাটো শুনি দেৱীয়ে তেওঁলোকক নিৰ্ভয় প্ৰদান কৰিলে। তেওঁ লগে লগে মৌবোৰক অৰুণক আক্ৰমণ কৰিবলৈ আদেশ দিলে। মুহূৰ্ততে, সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড মৌ মাখিৰে আৱৰি পৰিল। অগণন ভ্ৰমৰবোৰে শক্তিশালী ৰাক্ষস অৰুণৰ শৰীৰত লাগি ধৰিলে আৰু তেওঁক কামুৰিবলৈ ধৰিলে। অৰুণে যথেষ্ট চেষ্টা কৰিলে এই আক্ৰমণৰ পৰা বাছিবলৈ, কিন্তু তেওঁ এই আক্ৰমণৰ পৰা বাচিব নোৱাৰিলে আৰু নিজৰ প্ৰাণ ত্যাগ কৰিলে। এনেদৰে দেৱী ভাগৱতীয়ে ভ্ৰামৰী দেৱীৰ ৰূপ লৈ দেৱতাসকলক সুৰক্ষা প্ৰদান কৰিছিল।

দেৱীৰ শকাম্বৰী ৰূপঃ

সময়ে সময়ে ৰাক্ষসবোৰে পৃথিৱীত নানাধৰণে উপদ্ৰপ চলাই সাধাৰণ মনুষ্যৰ জীৱন দুৰ্বিসহ কৰি তুলিছিল। ৰাক্ষসৰ অত্যাচাৰত পৰি জীৱনত যাতনা লভা দেৱীৰ ভক্তসকলে বহুবছৰ ধৰি খৰাং আৰু দুৰ্ভিক্ষত ভুগি দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰিলে। ভক্তৰ দুখ আৰু তপস্যা দেখি সেই সময়ত দেৱীৰ এনে এটা ৰূপৰ আৱিৰ্ভাব হ'ল যি ৰূপত দেৱীৰ চকু হাজাৰটা হ'ল।

শকাম্বৰী

দেৱীয়ে এই ৰূপত ভক্তৰ দুখ দেখি তেওঁৰ হাজাৰটা চকুৰে ন দিনলৈ একেৰাহে কান্দি চকুপানীৰ বৰষুণ বৰষালে। যাৰ ফলত গোটেই পৃথিৱীখন সেউজীয়া হৈ পৰাৰ লগতে প্ৰাণীৰ জীৱনো ৰসেৰে ভৰি পৰিল। এইগৰাকী দেৱী শতাক্ষী নামেৰেও বিখ্যাত হৈছিল। এই দেৱীয়ে কৃপা কৰি তেওঁৰ দেহৰ অংগৰ পৰা বিভিন্ন প্ৰকাৰৰ পাচলি, ফল আৰু উদ্ভিদ প্ৰকট কৰিলে। সেয়ে তেওঁৰ নাম শকাম্বৰী ৰূপেও বিখ্যাত হৈ পৰিল।

পুহ মাহৰ শুক্ল পক্ষৰ অষ্টমী তিথিৰ পৰা, শকাম্বৰী নৱৰাত্ৰিৰ আৰম্ভ হয়, যি গৈ পুহৰ পূৰ্ণিমাত সমাপ্ত হয়। এই দিনটোতে শকাম্বৰী জয়ন্তী উৎসৱ উদযাপন কৰা হয়।

বিশ্বাস অনুসৰি, এই দিনটোত অসহায় লোকসকলক খাদ্য, শাক (কেঁচা পাচলি), ফল আৰু পানী দান কৰিলে অত্যধিক পুণ্য অৰ্জন কৰিব পাৰি আৰু দেৱী দুৰ্গাও সন্তুষ্ট হয়।

(আশা কৰোঁ আপুনি লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment