Wednesday, April 15, 2026
0 Shares

সঁচা কৃতজ্ঞৰ পৰিচয়

এসময়ত এখন গাঁৱত যজ্ঞদত্ত নামৰ এজন বৰ দুখীয়া ব্রাহ্মণ বাস কৰিছিল। ব্রাহ্মণজনে বৰ কষ্টৰে পৰিয়ালটো পােহপাল দিছিল। এসাজ খাই দ্বিতীয় সাজ খােৱাৰ বাবে তেওঁ চিন্তা কৰিব লগা হৈছিল। বহুদিন ব্রাহ্মণে ব্রাহ্মণীৰ ককৰ্থনা শুনিব লগা হৈছিল। এদিন অসহ্য হৈ ব্রাহ্মণে ভগৱানৰ বৰ বিচাৰি অৰণ্যলৈ গতি কৰিছিল। অৰণ্যৰ মাজত তপস্যা কৰিবলৈ এজোপা গছৰ ওচৰত উপস্থিত হওতে তেওঁ এটা কুঁৱা দেখিলে। কুঁৱাৰ ভিতৰত কিনাে আছে বুলি চাওতে দেখিলে যে তাত চাৰিটা বেলেগ বেলেগ প্রাণী সােমাই আছে। ব্রাহ্মণক দেখি কুঁৱাৰ ভিতৰত সােমাই থকা মানুহ, বাঘ বান্দৰ আৰু সাপটোৱে উদ্ধাৰৰ বাবে কাকূতি কৰিবলৈ ধৰিলে। প্রথমতে বাঘে ব্রহ্মানক খুব কাকূতি কৰিলে। ব্রাহ্মণে সন্মত নােহােৱাত সি কলে যে সেইকণ উপকাৰ যদি তেওঁ কৰে সি কোনাে কালে ব্রাহ্মণক পাহৰি নাযায় আৰু উপকাৰৰ বিনিময় এদিন নিশ্চয় দিব। বাঘৰ কথাত ব্রাহ্মণ পতিয়ন নগ’ল যদিও আতুৰজনক উদ্ধাৰ কৰাটোও যে ধর্ম, সেই কথা ভাবি তেওঁ বাঘক কুঁৱাৰ পৰা উদ্ধাৰ কৰিলে। বাঘে ব্রাহ্মণক সেৱা জনাই নিজৰ ঘৰলৈ গুচি গৈছিল। তাৰ পিছত বান্দৰকো ব্রাহ্মণে উদ্ধাৰ কৰিলে। ব্রাহ্মণৰ উপকাৰ স্বীকাৰ কৰি ভৱিষ্যত সহায় কৰাৰ প্রতিশ্রুতি প্রদান কৰি নিজৰ ঠাইলৈ গতি কৰিছিল। বান্দৰক উদ্ধাৰ কৰাৰ পিছত সাপডালকো ব্রাহ্মণে উদ্ধাৰ কৰিলে। সাপডালেও ব্রাহ্মণক প্রতিশ্রুতি দিলে যে সি এদিন নিশ্চয় ব্রাহ্মণক সহায় কৰিব। শেষত যেতিয়া ব্রাহ্মণে মানুহজনক উদ্ধাৰ কৰিব লাগে তেতিয়া ব্রাহ্মণজনে সেই কার্য কৰিবলৈ অসমর্থ প্রকাশ কৰিলে। ব্রাহ্মণজনৰ মতে সেই মানুহজনে সকলাে অশান্তিৰ মূল। সেই কথা ইতিমধ্যে বাঘ, বান্দৰ আৰু সাপে কৈ গৈছে। মানুহজনৰ বাবেই সিহঁতৰ সেই দুর্যোগ। মানুহজনে তেতিয়া নিজকে এজন সাধাৰণ সােণাৰি বুলি পৰিচয় দিয়াৰ লগতে সেই উপকাৰ যে তেওঁ কোনাে কালেই নাপাহৰে তাকো কলে। অৱশেষত ব্রাহ্মণৰ দয়া উপজিল আৰু মানুহজনক কুৱাৰ পৰা উদ্ধাৰ কৰিলে। সকলাে উদ্ধাৰ কার্য শেষ হৈ যােৱাৰ পিছত ব্রাহ্মণজনে তপস্যা নকৰি ঘৰলৈ গতি কৰিলে। এইবাৰাে শুদাহাতেৰে উভতি অহা দেখি ব্রাহ্মণক ঘৈণীয়েকে কটু ভাষাৰে তিৰস্কাৰ কৰিলে। ব্রাহ্মণজনে ঘৈণীয়েকৰ তিৰস্কাৰ সহ্য কৰিব নােৱাৰি ঘৰৰ পৰা ওলাই গৈ আগতে সহায় কৰি থােৱা বান্দৰটোক লগ ধৰি সকলাে কথা বিবৰি ক'লে। বান্দৰটোৰ সহানুভূতি জন্মিল। সি কিছুমান ফল-মূল আনি ব্রাহ্মণজনক যাঁচিলে। সেইদিনা ব্রাহ্মণজনে সেইখিনিৰে ঘৰৰ সদস্যসকলৰ ভােক দূৰ কৰিলে। ইয়াৰ পিছতাে সমস্যা দূৰ নােহােৱাত ব্রাহ্মণজনে সাপটোক লগ ধৰিলে। সাপটোই ক'লে, “মই তােক একো দিব নােৱাৰিলোঁ। কাৰণ দিবলৈ মােৰ সামর্থ্য নাই। তথাপি এটা কথা ক'লাে যে যদি কেতিয়াবা মই কাৰােবাক দংশন কৰাে তেতিয়া জগতৰ কোনেও তাক ৰক্ষা কৰিব নােৱাৰে। মাত্র তই চুই দিলেই সি ভাল হৈ উঠিব। সাপৰ পৰা বিমুখ হৈ যজ্ঞদত্তই বাঘটোক লগ ধৰিলে। বাঘে ক'লে, এসময়ত মই ৰাজকোঁৱৰক বধ কৰি এডাল সােণৰ বহুমূলীয়া হাৰ লাভ কৰিছিলাে। সেই ডাল মােৰ কোনাে কামত নালাগে। মই সেইডাল তােকে দিলাে। হয়তাে তােৰে কামত কিবা আহিব পাৰে। তই এইডাল লৈ যা। যজ্ঞদত্ত নামৰ ব্ৰাহ্মণজনে সিহঁতক শলাগি ঘৰ পালেহি। পিছদিনা ব্রাহ্মণে, সােণৰ হাৰডাল সেইৰাজ্যৰ সােণাৰিজনৰ ওচৰত লৈ গ'ল, যিজনক তেওঁ আগতে উপকাৰ কৰি থৈছিল। সােণাৰিজনে ব্রাহ্মণৰ হাতত বহু মূল্যবান হাৰডাল দেখি চিনি পালে আৰু লগে লগে ৰজাৰ ওচৰত গৈ ক'লে যে ৰাজকুমাৰক বধ কৰি হাৰডাল কাঢ়ি নিয়াজন অন্য কোনাে নহয়, এই ব্রাহ্মণজনেই হ'ব। ৰজাই সােণাৰিৰ কথাত বিশ্বাস কৰি ব্রাহ্মণজনক লগে লগে কাৰগাৰলৈ নিক্ষেপ কৰিলে বেচেৰা ব্রাহ্মণজনে অকৃতজ্ঞ সােণাৰিজনৰ ভুলৰ চিকাৰ হৈ বন্দী জীৱন কটাব লগা হ’ল। এনেদৰে কিছুদিন যােৱাৰ পিছত এদিন হঠাৎ ৰাণীক সর্প দংশন কৰিলে। বহুতাে দেশী-বিদেশী বৈদ্যয়ো তেওঁক ভাল কৰিব নােৱাৰিলে। তেতিয়া ৰজা হতাশ হৈ পৰিল। কাৰাগাৰত বন্দী হৈ থকা ব্রাহ্মণজনে ৰজাক ক'লে যে যদি ৰজাই এবাৰ অনুমতি দিয়ে তেওঁ চেষ্টা কৰি চাব বিচাৰে। উপায়হীন ৰজাই ব্রাহ্মণক অনুমতি দিলে। ৰজাৰ পৰা অনুমতি লাভ কৰি ব্ৰাহ্মণে ৰাণীৰ দেহত চিকিৎসা আৰম্ভ কৰিলে। ব্রাহ্মণৰ সাধাৰণ স্পর্শতে ৰাণী সাৰ পাই উঠিল। ৰজাই তেতিয়া বন্দী ব্রাহ্মণক সকলাে কথা বিৱৰি ক’বলৈ ক'লে। ৰজাৰ পৰা অনুমতি লাভ কৰি ব্ৰাহ্মণে সকলাে কাহিনী ভাঙি-পাতি ক’লে। অকৃতজ্ঞ সােণাৰিৰ প্রতি ৰজাৰ ঘৃণা উপজিল। ৰজাই লগে লগে সােণাৰিক ৰাজ্যৰ বাহিৰলৈ খেদি পঠিয়ালে আৰু যজ্ঞদত্ত নামৰ নিঃকিন ব্রাহ্মণজনক এশখন গাঁও দান দি বিষয়া পাতিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment