Wednesday, April 15, 2026
0 Shares

ৰজা অমৰশক্তি আৰু বিষ্ণু শৰ্মা

এসময়ত দাক্ষিণাত্যত মহিলাৰােপ্য নামৰ এখন নগৰ (ৰাজ্য) আছিল। সেই নগৰৰ ৰজাজনৰ নাম আছিল অমৰশক্তি। এইগৰাকী ৰজা সকলাে শাস্ত্রতে পাৰ্গত আৰু প্ৰজাৰঞ্জক পুৰুষ আছিল। ৰজা অমৰশক্তিৰ তিনিজন পুত্রসন্তান আছিল। সিহঁতৰ নাম আছিল, বসুশক্তি, উগ্রশক্তি আৰু অনন্তশক্তি। ৰামৰাজ্য যেন মহিলাৰােপ্য ৰাজ্যৰ ৰজা হৈও ৰজা অমৰ শক্তি বৰ অসুখী আছিল। কাৰণ ৰজাৰ তিনিওজন পুত্র বিদ্যা-বিমুখ মূৰ্খ আছিল। আপােন পুত্ৰৰ এনে অজ্ঞান-অন্ধতা ৰজাই সহ্য কৰিব নােৱাৰি তেওঁৰ অমাত্যসকলৰ পৰা ইয়াৰ পৰিত্ৰাণৰ উপায় বিচাৰিলে। অমাত্যসকলৰ সকলাে উপায় বিফল হােৱাৰ পিছত সুমতি নামৰ অমাত্য জনে ৰজাক দিহা দিলে যে ৰজাই মূৰ্খ পুত্ৰহঁতক মানুহ কৰাৰ দায়িত্ব পণ্ডিত বিষ্ণু শৰ্মাৰ হাতত অৰ্পণ কৰিব লাগে। ৰজা অমৰশক্তিয়ে সেই দিহা অনুসৰণ কৰিবলৈ গৈ পণ্ডিতজনক নিমন্ত্রণ কৰিলে আৰু পণ্ডিতজনক এই বুলি প্রতিশ্রুতি দিলে যে যদি পণ্ডিতজনে তেওঁৰ মূৰ্খ পুত্ৰহঁতক শিকাই বুজাই মানুহ কৰিব পাৰে তেতিয়াহলে তেওঁক ৰজাই এশখন গাঁৱৰ শাসনৰ দায়িত্ব অর্পণ কৰিব। পণ্ডিত গৰাকীয়ে কলে যে তেওঁ শিক্ষা বা জ্ঞান কোনাে অর্থৰ বিনিময়ত বিক্ৰী কৰাৰ পক্ষত নাই। যিহেতু তেওঁ এতিয়া আশী বছৰীয়া বৃদ্ধ গতিকে তেওঁক এই বয়সত ধন, সােণ বা কোনাে ঐশ্বর্য বিভূতিৰ প্রায়ােজন নাই। শিক্ষা দানৰ গুৰুত্ব উপলব্ধি কৰি তেওঁ ৰজাৰ পুত্ৰহঁতক ছমাহৰ ভিতৰত বিদ্যা-বুদ্ধিত পাৰ্গত, কৰাৰ প্রতিশ্রুতি প্রদান কৰিলে। পণ্ডিতৰ নীতি জ্ঞানত ৰজা প্রফুল্লিত হ’ল আৰু পুত্ৰহঁতক পণ্ডিতৰ হাতত অৰ্পণ কৰিলে।

ইয়াৰ পিছত বিষ্ণু শৰ্মাই ৰজাৰ পুত্ৰসকলক লগত লৈ আশ্ৰমৰ দিশে অগ্ৰসৰ হ’ল। পৰৱৰ্তী সময়ত তেওঁ ৰাজপুত্ৰসকলৰ সৈতে ব্যস্ত হৈ পৰিছিল। পণ্ডিত গৰাকীৰ শাস্ত্র অধ্যয়নৰ পদ্ধতিৰ সমানে সমানে শিক্ষণ পদ্ধতিও সম্পূর্ণ বেলেগ আছিল। তেওঁ ৰাজপুত্ৰসকলক শিক্ষা দান কৰিবৰ নিমিত্তে পাঁচখন শাস্ত্র (পঞ্চতন্ত্র) ক্ৰমাৎ মিত্রভেদ, মিত্রলাভ, কাকোলুকীয়, লব্ধপ্রণাশ আৰু অপৰীক্ষিত কাৰিতা আদিৰ মাধ্যমত খুব কম দিনৰ ভিতৰত সিহঁতক শাস্ত্রজ্ঞ কৰি তুলিলে। বিষ্ণু শর্মা নামৰ পণ্ডিতজনৰ সেই পঞ্চতন্ত্রই আজিও সমাজত ‘নীতিশাস্ত্র’ ৰূপত প্রচলিত আৰু প্ৰচাৰিত হৈ থাকিল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment