ভাৰতৰ বাদছাহ তেতিয়া আকবৰ।
এদিন গৰমৰ দিনত আকবৰে সৈন্য সামন্ত লৈ হাবিত চিকাৰ কৰি ঘূৰি ফুৰিছিল। এইদৰে ঘূৰি ফুৰােতে তেওঁৰ পিয়াহত অণ্ঠ কণ্ঠ শুকাই গ’ল। পানী খাবলৈ ওচৰত কতাে জলাশয় বিচাৰি নাপাই আকবৰে হাবিৰ মাজৰ পৰা ওলাই গাঁৱলৈ যাব খুজিলে।
এনে সময়তে আকবৰে দেখিলে, মূৰত খৰিৰ বােজা আৰু হাতত কুঠাৰ লৈ এটা সৰু লৰা গৈ আছে। সৰু লৰাটোৰ চেহেৰা দেখিলেই সি দুখীয়াৰ সন্তান বুলি বুজিব পাৰি।
আকবৰে ল’ৰাটোৰ ওচৰত ঘোঁৰা ৰাখি সুধিলে—“আমাৰ খুব পিয়াহ লাগিছে। ওচৰত পানী পােৱা যাবনে?” ল’ৰাটোৱে উত্তৰ দিলে—“আমাৰ ঘৰৰ ওচৰতে এটা ডাঙৰ পুখুৰী আছে। তাতেই পানী পাব।”, “তােমাৰ ঘৰলৈ কিমান দূৰ?”—আকবৰে সুধিলে। ল’ৰাটোৱে ক’লে—“খােজকাঢ়ি গলে দূৰ। কিন্তু ঘোঁৰাত উঠি গ’লে ওচৰ।”
আকবৰৰ আদেশত এজন সৈন্যই ল’ৰাটোক ঘোঁৰাৰ পিঠিত তুলি ল’লে। ল’ৰাটোৱে দেখুৱাই দিয়া হাবিৰ মাজৰ সৰু ঠেক বাটটোৰে সকলাে আগবাঢ়িল।
ল’ৰাটোৰ বুদ্ধিদীপ্ত মুখখনলৈ চাই আকবৰে ভাবিলে, ল’ৰাটো বুর্বক নহয়, চালাক চতুৰ। আকবৰে তেতিয়া ল’ৰাটোক সুধিলে– “তােমাৰ নাম কি?” ল’ৰাটোৱে নিজৰ নাম নকৈ ওলােটাই সুধিলে—“আপােনাৰ নাম কি? আপােনাৰ নাম শুনিলেহে মই মােৰ নাম কম।” ল’ৰাটোৰ সাহস দেখি আচৰিত হৈ আকবৰে সুধিলে–“মই কোন—তুমি নাজানানে?” ল’ৰাটোৱে ওলটাই প্রশ্ন কৰিলে—“মই কোন—আপুনি নাজানেনে?” “নাই নাজানাে’ আকবৰে চকু থিয় কৰি উত্তৰ দিলে। ল’ৰাটোৱে ক’লে—“মােৰ সেই একেই উত্তৰ।” বাদছাহ আকবৰ আচৰিত হ’ল।
ইতিমধ্যে সকলো আহি গাঁৱত উপস্থিত হ’ল। দেখা গ’ল এটা বিৰাট ডাঙৰ পুখুৰী। পুখুৰীৰ পাৰত ঘোঁৰৰ পৰা একে জাপে নামি ল’ৰাটো দৌৰি তাৰ ঘৰৰ ভিতৰলৈ সােমাই গ’ল। ঘৰৰ ভিতৰৰ পৰা এটা কলহ আনিলে। তাৰ পিছত কলহটোৰে পুখুৰীৰ পৰা পানী আনি আকবৰক খাবলৈ দিলে। পিয়াহ পলুৱাই অকবৰে পানী খালে। তাৰ পিছত সৈন্য সামন্ত পানী খােৱাৰ শেষত ঘোঁৰাবােৰকো পানী খুৱালে।
ল’ৰাটোৰ ব্যৱহাৰত আকবৰ অতি সুখী হ’ল। নিজৰ আঙুলিৰ পৰা সােণৰ আঙঠি এটা খুলি ল’ৰাটোৰ আঙুলিত পিন্ধাই দি ক’লে— “যদি কেতিয়াবা বিপদ হয়, তেতিয়া ভাৰতৰ ৰাজধানীৰ বাদছাহৰ দৰবাৰলৈ আহিবা। তাতেই মােক দেখিবলৈ পাবা। মই আকবৰ- ভাৰতৰ বাদছাহ।”
ল’ৰাটোৱে তেতিয়া আকবৰক নমস্কাৰ জনালে। তাৰপিছত বাদছাহ আকবৰ সদলবলে ঘোঁৰা দৌৰাই তাৰপৰা গুচি গ’ল।
এই ঘটনাৰ পিছত কেবাবছৰো অতিবাহিত হ’ল। ইতিমধ্যে ল’ৰাজনৰ মাক-দেউতাকৰ মৃত্যু হ’ল। দিন ৰাতি কাম কৰিও ল’ৰাজনে লঘােণে ভােকে থাকিব লগা হ’ল। দুখেৰে সি দিনবােৰ কটাব লগা হ’ল।
এইদৰে থাকোতে এদিন হঠাৎ তাৰ বাদছাহ আকবৰৰ কথা মনত পৰিল। বাদছাহ আকবৰে দিয়া আঙঠিটো সি ঘৰত লুকাই থৈছিল। সেইটো সি বিচাৰি উলিয়ালে। তাৰ পিছত আঙঠিটো লগত লৈ সি কাকো একো নজনাই এদিন ঘৰৰ পৰা বাহিৰ হ’ল।
ভাৰতৰ ৰাজধানীলৈ বহু দূৰ। সি খােজ কাঢ়ি গৈ গৈ এদিন ৰাজধানীত উপস্থিত হ’ল। আঙঠিটো দেখুৱাই সি বাদছাহৰ দৰবাৰত সােমাল। বাদছাহ আকবৰ তেতিয়া দৰবাৰতে আছিল। আঙঠিটো দেখি বাদছাহে ল’ৰাজনক চিনিব পাৰি তাক বহিবলৈ ক’লে। ময়লা কানি কাপােৰ পিন্ধা ল’ৰাজনক বাদছাহে বহিব দিয়াত দৰবাৰৰ সকলাে আচৰিত হ’ল।
তেতিয়া দৰবাৰ চলি আছিল। বাদছাহৰ দৰবাৰত বহুত গুণী আৰু বিদ্বান লােক আছিল। বিভিন্ন বিষয় লৈ দৰবাৰত আলােচনা হৈছিল। সেই আলােচনাতে আকবৰে পাঁচটা বিষয়ত সঠিক উত্তৰ সভাসদসকলৰ পৰা জানিব বিচাৰিলে।
সেই পাঁচটা প্রশ্ন হল-
একঃ ফুলৰ ভিতৰত সকলােতকৈ দৰকাৰী আৰু দেখিবলৈও কোন পাহ ফুল শ্রেষ্ঠ ?
দুইঃ দাঁতৰ ভিতৰত সকলােতকৈ দৰকাৰী আৰু দেখিবলৈও ভাল দাঁত কি?
তিনিঃ কাৰ সন্তান সকলােৰে ওপৰত, সকলােতকৈ দৰকাৰী আৰু দেখিবলৈও ভাল?
চাৰিঃ কোনজন ৰজা সকলােৰে ওপৰত?
পাঁচঃ মানুহৰ কোনটো গুণ সকলােৰে ওপৰত?
প্রশ্নকেইটা কৰি আকবৰে জনালে যে যিজনে সঠিক উত্তৰ দিব, সেইজনকে হাজাৰটা সােণৰ মােহৰ পুৰস্কাৰ হিচাপে দিয়া হ’ব। দৰবাৰত উপস্থিত থকা বহুতেই পুৰস্কাৰৰ আশাত ভিন্ন ভিন্ন উত্তৰ দিলে। ফুলৰ বিষয়ত কোনােবাই ক’লে গােলাপ, কোনােবাই পদুম আৰু আন কোনােবাই কলে জেচমিন ইত্যাদি। দাঁতৰ বিষয়ত প্রায় সকলােৱে হাতীৰ দাঁতৰ কথা ক’লে। বহুতেই বাদছাহক ভালৰি। লগাবলৈ ক’লে বাদছাহৰ সন্তানেই সকলােৰে ওপৰত, আকবৰ। বাদছাহেই সকলােতকৈ শ্রেষ্ঠ সম্রাট। শেষ প্রশ্নৰ উত্তৰত কিছুমানে ক’লে—লিখা-পঢ়া জনা গুণেই সকলােৰে ওপৰত। মুঠৰ ওপৰত দৰবাৰত থকা প্রায় সকলােৱে উত্তৰবােৰ এনেভাৱে দিলে যাতে আকবৰ বাদছাহ সুখী হয়। সম্রাটক সকলােৱে তােষামােদ কৰিব খুজিলে।
সেইসময়তে লৰাটোৱে থিয় হৈ উত্তৰ দিব খােজাত সকলো অবাক হ’ল। ল’ৰাজনে সুধিলে- “মহামতি বাদছাহে অনুমতি দিলে মই মােৰ জ্ঞানেৰে প্ৰশ্নকেইটাৰ উত্তৰ দিব খােজে।
ল’ৰাটোৰ কথা শুনি দৰবাৰত থকা সকলােৱে উচ্চস্তৰে হাঁহিব ধৰিলে। কিন্তু বাদছাহে উত্তৰ দিবলৈ দিলে। বাদছাহে অনুমতি দিয়াত দৰবাৰৰ সকলাে আচৰিত হ’ল।
ল’ৰাজনে ধীৰে ধীৰে উত্তৰ দিলে- আপুনি বিচৰা প্ৰশ্নকেইটাৰ উত্তৰ দিয়াতে মুঠেই কঠিন নহয়। উত্তৰ তেনেই সহজ। মই এটা এটাকৈ পাঁচোটা প্রশ্নৰে উত্তৰ দিও, শুনক-
একঃ কপাহ ফুল সকলােতকৈ দৰকাৰী আৰু দেখিবলৈও শুৱনি। ইয়াৰ গুণ অপাৰ। মানুহে কপাহ ফুলৰ পৰা সুতা তৈয়াৰ কৰি কাপােৰ বয়। কপাহ ফুল নাথাকিলে আমি কাপােৰ পিন্ধিব নােৱাৰিলােহেঁতেন।
দুইঃ নাঙলৰ ফালৰ দাঁতেই সকলোৰে ওপৰত। কাৰণ সেই দাঁতেৰেই আমি মাটি চহাই খেতি কৰোঁ। সেই খেতিৰ ফচল খায়ে আমি জীয়াই আছে।
তিনিঃ গাই গৰুৰ পােৱালী মানে বলদেই সকলােতকৈ শ্রেষ্ঠ সন্তান। কাৰণ বলদেৰে আমি হাল বাও। বলদ নাথাকিলে আমি হালবাব নােৱাৰিলােহেঁতেন।
চাৰিঃ যি দেৱতাই বৰষুণ দিয়ে সেই দেৱতাই শ্রেষ্ঠ ৰজা। কাৰণ বৰষুণ নহ’লে আমি খেতি কৰিব নােৱাৰোঁ।
পাঁচঃ সৎ সাহসেই মানুহৰ সকলােতকৈ ডাঙৰ গুণ। সৎ সাহস নাথাকিলে মানুহ কোনােদিনে ডাঙৰ হ’ব নােৱাৰে।
আকবৰ আৰু দৰবাৰৰ সকলাে ল’ৰাটোৰ উত্তৰ শুনি আচৰিত হ’ল। সকলাে নীৰৱ হ’ল। সকলােৱে ল’ৰাজনৰ উত্তৰ সঠিক বুলি মানি ল’লে। ল’ৰাজনৰ যুক্তি শুনি আকবৰ অতি আকর্ষিত হ’ল। তাৰ বুদ্ধি আৰু দক্ষতা দেখি সন্তোষিত হ’ল। আনন্দ মনেৰে ল’ৰাজনক সাবতি ধৰি বাদছাহ আকবৰে ক’লে—“মই তােমাৰ নাম নাজানাে। আৰু জানিবও নােখােজোঁ। আজিৰ পৰা মই তােমাৰ নতুন নাম দিলাে—বীৰবল। আজিৰ পৰা তমি হ’বা মােৰ দৰবাৰৰ এজন। ৰাজসভাৰ এজন সভাসদ।”
ভাৰতৰ ৰাজধানীৰ পৰা বহুত দূৰৈৰ এখন অখ্যাত গাঁৱৰ এজন অখ্যাত ল’ৰাই নিজৰ গুণ আৰু পটুতাৰে ভাৰতৰ বাদছাহ আকবৰৰ সভাৰ এজন সভাসদ হ’ল। ইতিহাসৰ পাতত এই ল’ৰাজন আজিও বীৰবল নামেৰেই সুপৰিচিত। ৰাজসভাৰ যি কোনাে জটিল কথাৰে মিমাংসা কৰি দিছিল বীৰবলে। সকলাে কঠিন সমস্যাৰ পৰা আকবৰক উদ্ধাৰ কৰিছিল বীৰবলে। সেইবাবেই বীৰবল আছিল আকবৰৰ অতি প্রিয়পাত্র। এই বীৰবল আৰু আকবৰৰ বিষয়ে বহুতাে গল্প প্রচলিত হৈ আছে।