বিষ্ণুপ্ৰসাদ ৰাভা | bishnu prasad rabha essay in assamese

বিষ্ণুপ্ৰসাদ ৰাভা | bishnu prasad rabha essay in assamese

নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি “বিষ্ণু প্ৰসাদ ৰাভা | bishnu prasad rabha essay in assamese” ৰচনা খনৰ জৰিয়তে মহান ব্যক্তিত্বৰ অধিকাৰী, সমাজ সংস্কাৰক, সাম্যবাদী, সু-সাহিত্যিক, গায়ক, চিত্ৰকৰ, ইতিহাস গৱেষক, সু-খেলুৱৈ, ৰাজনীতিবিদ, অভিনেতা বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱনৰ ওপৰত আলোকপাত কৰিম। সেয়েহে, বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে অধিক জানিবলৈ ৰাচনাখন শেষলৈকে পঢ়ক। ধন্যবাদ।

ভূমিকা-

পােহৰৰ মৃত্যু নাই। ইচিৰজ্যোতিষ্মন। অন্তিম শয্যাত পৰি বিষ্ণুৰাভাই কৈছিল, ‘বিষ্ণুৰাভা নমৰে, মই আকৌ আহিম’। সমগ্র অসমবাসীযে কামনা কৰে বিষ্ণুৰাভাৰ পুনৰ জন্মৰ। বিষ্ণুৰাভা আছিল এনে এজন ব্যক্তি, যাৰ অন্তৰত আছিল অসাধাৰণ বিপ্লবী শিল্পী সত্বা। মহান ব্যক্তিত্বৰ অধিকাৰী ৰাভা সমাজ সংস্কাৰক, সাম্যবাদী, সু-সাহিত্যিক, গায়ক, চিত্ৰকৰ, ইতিহাস গৱেষক, সু-খেলুৱৈ, ৰাজনীতিবিদ, অভিনেতা আদি অজস্র প্রতিভাৰ আকৰ।

জন্ম আৰু উত্তৰণৰ ইতিহাস-

সংহতিৰ প্ৰতীক শ্রেষ্ঠ কলাবিদ বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল ১৯০৯ চনৰ ৩১ জানুৱাৰীত, বাংলাদেশ ঢাকা চহৰত। তেওঁৰ দেউতাক গােপাল চন্দ্র ৰাভা আছিল সশস্ত্র বাহিনীৰ চুবেদাৰ মেজৰ। ৰাভাই প্রাথমিক শিক্ষা আৰম্ভ কৰিছিল বাংলা ভাষাৰে। তেওঁৰ শৈশৱৰ দিনবােৰ পাৰ কৰিছিল বিত্তবান আমােলাতন্ত্রৰ আৱেষ্টনিত।

সুন্দৰ সংস্কৃতিবান ঘৰুৱা পৰিৱেশে বিষ্ণুৰাভাৰ অন্তৰত শিশু কালতে শিল্পী প্রাণ জগাই তুলিছিল। শৈশৱতে পিতৃ বিয়ােগ হােৱাত তেওঁলােক ঢাকা এৰি তেজপুৰত থাকিবলৈ লয়। তাতে হাইস্কুলীয় শিক্ষা শেষ কৰি ১৯২৬ চনত প্রথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ হয় আৰু দৰং জিলাৰ ভিতৰত সর্বোচ্চ নম্বৰ পােৱাত ‘কুইন এমপ্ৰেছ’ বঁটা লাভ কৰে।

১৯১৭ চনত ঢাকা এৰি অহাৰ সময়ত ৰুছ বিপ্লৱৰ প্ৰভাৱত ভাৰতীয় মুক্তি সংগ্রামী সকলাে উদ্বুদ্ধ হৈ পৰিছিল। কিশােৰ বিষ্ণুপ্ৰসাদ ৰাভাও হৈ পৰিছিল বিদ্রোহী, বিপ্লৱী। জাত, কুল, বর্ণ বৈষম্যৰ বিৰুদ্ধে সাহসেৰে থিয় দিছিল আৰু সংগ্রামী ৰক্তপ্রবাহেৰে আপ্লুত হৈ উঠিছিল। উচ্চ শিক্ষা লাভৰ বাবে বিষ্ণুৰাভা যেতিয়া কলকাতালৈ ৰাওনা হৈছিল তেতিয়া তাত নৱজাগৰণৰ প্ৰভাৱে ঢৌৱাই আছিল।

বিষ্ণুপ্ৰসাদ ৰাভা | bishnu prasad rabha essay in assamese

বিষ্ণুপ্ৰসাদ ৰাভা | bishnu prasad rabha essay in assamese

১৯২৮ চনত তেওঁ কলকাতাৰ পৰা প্রথম বিভাগত আই এছ চি পাছ কৰে। তাৰ পাছত বি এছ চি পঢ়িবৰ বাবে নাম ভর্তি কৰিছিল যদিও তেওঁৰ মনােযােগ অন্যফালে ঢাল খালে। স্বাধীনতা আন্দোলনৰ সময়ত গঠন হােৱা কিছুমান সশস্ত্র বিপ্লৱী সংগঠনৰ লগত যােগাযােগ ৰখাৰ অপৰাধত পুলিচে তেওঁৰ ওপৰত চোকা নজৰ ৰাখিবলৈ ল’লে। শেষত কলকাতা ত্যাগ কৰি ৰাভাই উত্তৰ বংগৰ ভিক্টোৰিয়া কলেজত বি এ শ্ৰেণীত নাম ভর্তি কৰে। সর্বোচ্চ নম্বৰ পাই বাছনি পৰীক্ষাত উত্তীৰ্ণ হােৱাৰ পাছত ৰাভাই শিক্ষা গ্ৰহণৰ ধাউতি হেৰুৱালে।

কোচবিহাৰত থকা ব্রিটিছ এজেণ্টৰ মুখ্য কার্যালযত মাজৰাতি গৈ ৰাভাই ইউনিয়ন জেক খহাই জাতীয় পতাকা উৰুই থৈ আহিল। ভাৰতৰ জাতীয় কংগ্ৰেছে স্বাধীন ভাৰতৰ বাবে গ্ৰহণ কৰা পতাকা ব্রিটিছ পতাকাৰ স্থানত দেখাৰ পাছত কাৰো সন্দেহ নাছিল এই কাম যে ৰাভাৰে আছিল। তাৰ ফলস্বৰূপে ৰাভাই আত্মগােপনৰ পথ ল’ব লগা হ’ল। ১৯৩২ চনত বিষ্ণুপ্ৰসাদ ৰাভালৈ পুলিচৰ ডি এছ পি পদ আগবঢ়োৱা হৈছিল। কিন্তু জনসাধাৰণৰ স্বাৰ্থত তেওঁ তাক গ্রহণ নকৰিলে। ব্রিটিছ চৰকাৰে বলেৰে নােৱাৰি চলেৰে তেওঁক বশ কৰাৰ উপায় ভাবিছিল।

ৰাজনৈতিক জীৱনৰকৰ্মৰাজি-

অসমত বিপ্লৱী কমিউনিষ্ট দলৰ অভ্যুদয় হােৱাত বিষ্ণু ৰাভাই ইয়াৰ যােগেদি মার্ক্সবাদী, লেনিনবাদী আদর্শেৰে উদ্বুদ্ধ হৈ উঠিছিল। অসমৰ জনগণক শােষণ, নিৰ্যাতন, অপমানৰ পৰা মুক্ত কৰি প্ৰকৃত সংস্কৃতিসম্পন্নৰূপে গঢ়ি তােলাই ৰাভাৰ জীৱনৰ লক্ষ্য হৈ পৰিল। শােষকৰ হাতৰ পৰা নিৰীহ জনগণক উদ্ধাৰ কৰিবৰ বাবে ৰাভাই এসময়ত হাতত বন্দুক তুলি লৈছিল। তেওঁ কৈছিল, ‘শশাষণকাৰীসকলক শেষ কৰিবই লাগিব। কিন্তু অস্ত্ৰেৰে নহয়, জনগণক টোপনিৰ পৰা জগাই তুলি মহা বিল্পৱৰ সৃষ্টি কৰি।

স্বাধীনতা লাভ কৰাৰ পাছতাে হােৱা কৃষক আন্দোলনত কমৰেড ৰাভাই প্রত্যক্ষভাৱে আগভাগ লৈছিল। কলমেৰেও ৰাভাই সাৱধান বাণী শুনালে, ‘দুখীয়াৰ কলিজা নিঙাৰি লৱ’ টুপি টুপি তেজ শুহি ৰুকি ৰুকি মাংস চোৱাই খাৱ। হুচিয়াৰ হুচিয়াৰ ধনী মহাজন জমিদাৰ হুচিয়াৰ। সমাজৰ একেবাৰে নিম্নস্তৰত বাস কৰা, কপালৰ ঘাম মাটিত পেলাই শ্ৰম কৰা গ্ৰাম্য কৃষক-বনুৱাৰ হৃদয়ৰ মণিকোঠাত সােমাই পৰিছিল ৰাভা। চৰকাৰৰ শত্ৰু হৈ অজ্ঞাতবাসত দিন কটাব লগা হ’ল। তেওঁৰ ধ্বনি আছিল ব’ল ব’ল, কৃষক শক্তিৰ দল, অ’ বুনুৱা সমনীয়া, আগবাঢ়ি যাওঁ বল।’

পুলিচৰ হাতত ধৰা পৰি ৰাভাই কাৰাবাস খাটিব লগাও হ’ল। ভাৰতে লাভ কৰা স্বাধীনতা ভুৱা বুলি প্ৰচাৰ কৰাৰ বাবে আৰু তেওঁৰ কৰ্মত বিতুষ্ট হৈ স্বাধীন ভাৰতৰ চৰকাৰে ৰাভাক গ্রেপ্তাৰৰ বাবে বঁটা ঘােষণা কৰিছিল। জীবিত বা মৃত ৰাভাৰ বাবদ ১০ হাজাৰ টকাৰ পুৰস্কাৰৰ মােহ ত্যাগ কৰি জনগণে নিজৰ মাজতে তেওঁক লুকুৱাই ৰাখিলে। চীন-ভাৰত সংঘৰ্ষৰ সময়ত অতি নিকৰুণভাৱে ককালত পঘাৰে বান্ধি ৰাভাক অসম চৰকাৰে তেজপুৰত গ্ৰেপ্তাৰ কৰিলে। উল্লেখযোেগ্য যে তাৰ কেইবছৰমান পাছতে ১৯৬৭ চনত তেজপুৰ বিধান সভাৰ পৰাই তেওঁ প্রতিদ্বন্দ্বিতা কৰি জয় লাভ কৰিছিল। বিধান সভাৰ মজিযাত সমাজৰ নিম্নস্তৰত থকাসকলৰ বাবে যুঁজিছিল।

সর্বকালৰ শিল্পী-

জীৱনৰ অধিক কাল জনগণৰ মাজত বিলীন হৈ থকা ৰাভাই মানুহৰ বাবে শিল্প সৃষ্টি কৰিছিল। শৈশৱৰ ঘৰখনতে আৰম্ভ হােৱা ৰাভাৰ শিল্পী জীৱনে কেবল অসম নহয় ভাৰততাে তােলপাৰ লগাইছিল। ১৯৪০ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ উপাচার্য ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ পৰা সােণৰ পদকেৰে সৈতে ‘ভাৰতৰ শ্ৰেষ্ঠ কলাবিদ’ আৰু ‘কলাগুৰু’ উপাধি লাভ কৰিছিল। তেওঁ বিভিন্ন সমাজ আৰু বিভিন্ন ব্যক্তিৰ জীৱনৰ পৰা বিচিত্র সুকুমাৰ কলাৰ অভিজ্ঞতা আহৰণ কৰিছিল। তিনিশৰাে অধিক গীত ৰচনা কৰি থলুৱা সুৰত নিজে গাইছিল আৰু কিছুসংখ্যক কলকাতাৰ চেনােলা গ্রামােফোন কোম্পানীত বাণীৱদ্ধও কৰিছিল। হৃদয়স্পর্শ কৰা ৰাভাৰ গীত চিৰদিন অসমীয়াৰ প্ৰিয় হৈ ৰ’ব।

পৰজনমৰ শুভ লগনত, যদিহে আমাৰ হয় দেখা 

পূৰাবানে প্রিয়ে এই জনমৰ মােৰ হিয়াৰ অপূর্ব আশা।

টিলাই টিলাই ঘূৰি ফুৰে উলাহেৰে খামতি ছােৱালী 

এয়ে মােৰ শেষ গান মােৰ জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ খৰমান।

ৰাভাৰ গীতিকাৰ, সুৰকাৰ, গায়ক জীৱন এক উল্লেখযােগ্য পৰিচয়।ৰবীন্দ্র সংগীত গাই শান্তি নিকেতনৰ শ্রোতামণ্ডলীক শিহৰিত কৰা ৰাভাই দৰঙৰ নেপালী গাঁৱত ঝাউৰীয়া গীত গাই আত্মীয়তাৰ দোলেৰে সবাকো বান্ধিছিল। ৰাভাই সত্ৰীয়া নৃত্যৰ অধিক উৎকৰ্ষৰ বাবে মনােনিৱেশ কৰিছিল। চাহ বাগানৰ মাদলৰ তালে তালে ঝুমুৰ, বড়ােসকলৰ ৰণচণ্ডী নৃত্য, কছাৰীসকলৰ দেওধনী নৃত্য — এই প্রতিটোকে ৰাভাই পৰিৱেশন কৰিছিল বিভিন্ন সময়ত।

শিৱৰ তাণ্ডৱ নৃত্য আৰু শংকৰী নৃত্যৰ লয়লাস ভংগীমাত মূর্ত হৈ উঠিছিল বিষ্ণুৰাভাৰ বিশাল শৰীৰ। চিত্ৰকৰৰূপেও বিষ্ণু ৰাভাৰ অসীম জ্ঞান আছিল। তেওঁৰ গৱেষণামূলক ৰচনা ‘অসমীয়া কৃষ্টিৰ চমু আভাস’ত চিত্র সম্পর্কে কিছু কথা লিখিছে। মন্দিৰৰ ভাস্কর্যত খােদিত থকা নৃত্যৰত মূৰ্তিৰ বিষয়ে তেওঁ অধ্যয়ন কৰিছিল।

প্রথমবাৰৰ বাবে তেওঁ শ্ৰীমন্ত শংকৰদেৱৰ এখনি চিত্র অংকন কৰিছিল। শংকৰ-মাধৱৰ অনুপম চিত্ৰৰ লগতে অন্য কেইবাখনাে চিত্র বিষ্ণু ৰাভাই অংকন কৰিছিল। ১৯৩৫ চনত প্ৰথম অসমীয়া চলচ্চিত্র ‘জয়মতী’ৰ কামত অংশ গ্ৰহণ কৰাৰ লগতে ‘ছিৰাজ’ ছবি পৰিচালনা কৰিছিল। ৰাভা এগৰাকী দক্ষ অভিনেতাও আছিল। তেজপুৰৰ বাণ ৰংগ মঞ্চ কঁপাই তোলা কণ্ঠেৰে ৰাভাই অভিনয় কৰিছিল।

বিষ্ণুপ্ৰসাদ ৰাভা | bishnu prasad rabha essay in assamese

বিষ্ণুপ্ৰসাদ ৰাভা | bishnu prasad rabha essay in assamese

বিভিন্ন জনগােষ্ঠীৰ বাদ্য-যন্ত্ৰসমূহৰ চিত্ৰ আঁকি এলবাম প্রস্তুত কৰা, সেইবােৰ বজোৱাৰ দক্ষতা অর্জন কৰাই তেওঁৰ মহানুভৱ সংস্কৃতিবান মনটোৰেই পৰিচয় দিয়ে। ৰাভাই ইংৰাজী, বাংলা, হিন্দী, উর্দু, নেপালী, চাওতালী, বড়াে আদি ভাষা সুন্দৰকৈ ক’ব আৰু লিখিব পাৰিছিল। এনেবােৰ গুণৰ আঁকৰ হােৱা বাবে ৰাভা মানুহৰ ইমান আপােন, বুকুৰ আমঠু, কলিজাৰ এডুখুৰি হ’ব পাৰিছিল। ১৯৬৯ চনৰ ২০ জুনত এইগৰাকী প্রবাদপ্রতিম ব্যক্তিৰ পৰলােকপ্রাপ্তি ঘটে।

সামৰণি-

পৈতৃক সূত্রে ৰাভাই বৃহৎ ভূমি সম্পত্তি লাভ কৰাৰ লগতে উচ্চ পদস্থ চৰকাৰী চাকৰিও লাভ কৰিছিল। কিন্তু জীৱনটো দৰিদ্ৰতাৰ মাজত নিজকে অর্পণ কৰি অনুভৱ কৰিছিল তেনে এটা জীৱনৰ মর্মবেদনা। তেওঁৰ এজন সহকর্মীৰ ভাষাত, ৰাভা এজন পৰিব্ৰাজক। পৰিব্ৰাজনেই আছিল তেওঁৰ জীৱনৰ প্ৰকৃত ছবি। শিল্পৰ পৰা বিদ্রোহীলৈ, গানৰ পৰা ষ্টেণ্ডগানলৈ, গান্ধীৰ পৰা মাৰ্ক্সলৈ, ডিমাপুৰৰ পৰা মধুপুৰলৈ, মঞ্চৰ পৰা জনসাধাৰণৰ মাজলৈ, স্বাচ্ছন্দ্যৰ পৰা দাৰিদ্ৰলৈ আৰু লােকালয়ৰ পৰা অজ্ঞাতবাসলৈ।’

(আশা কৰোঁ আপুনি “বিষ্ণুপ্ৰসাদ ৰাভা | bishnu prasad rabha essay in assamese” ৰাচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰাচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই ৰাচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top