Wednesday, April 15, 2026
0 Shares

কুকুৰ আৰু ঘোঁৰা

কুকুৰ আৰু ঘোঁৰা

এঘৰ মানুহৰ এটা বৰ মৰমৰ ঘোঁৰা আছিল। ঘোঁৰাটো আছিল শুকুলা বৰণৰ সকলোৰে চকুত লগা। গৃহস্থই ঘোঁৰাটোক নিজৰ পুত্ৰৰ দৰে প্রতিপালন কৰিছিল। যাতে সি খাওঁতে, শোওঁতে কষ্ট নাপায় তাৰ বাবে ব্যৱস্থা কৰিছিল। এটা ডাঙৰ কাঠৰ পাত্ৰত প্রতিদিনে খেৰ, ঘাঁহ, বুটমাহ আদিৰ সুন্দৰ ব্যৱস্থা কৰি দিছিল। সেই ঠাইতে ক'ৰবাৰ পৰা এটা ভতুৱা কুকুৰ ওলালহি। সি ঘোঁৰাৰ অধিকাৰ হৰণ কৰি নিজৰ অধিকাৰ সাব্যস্ত কৰিব বিচাৰিছিল আৰু ঘোঁৰাটোৱে দানাৰ পাত্ৰটোৰ ওচৰ চাপিলেই দাঁত নিকতাই ঘোঁৰাটোক প্ৰাণৰ ভয় দেখুৱাইছিল। এটা সময়ত এনেকুৱা হ'ল যে ঘোঁৰাটোৱে কুকুৰৰ ভয়ত ওচৰ চাপিবই নােৱাৰে। অনবৰতে কেং কেং শব্দ কৰি ঘোঁৰাটোক খাৱন-শােৱনত বাধা দিয়ে।

এনেকুৱা এটা অচিনাকি কুকুৰৰ আচৰণ পৰিয়ালটোৰ মুঠেই ভাল নালাগিল। সিহঁতে এদিন কুকুৰটোক এসেকা দিবৰ মনেৰে তাত উপস্থিত হ’ল আৰু টাকোনেৰে ভাল এসেকা দিলে। বেচেৰা কুকুৰটোৱে দৌৰিহে তাৰ প্ৰাণৰক্ষা কৰিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment