Wednesday, April 15, 2026
0 Shares

কুটিল সিংহ

কুটিল সিংহ

এখন অটব্য অৰণ্যত তিনিটা ম'হ আছিল। ম’হ তিনিটা নলে-গলে লগা বন্ধু আছিল। সিহঁত তিনিওটাৰ মাজত এৰা এৰি নাছিল। সুখ-দুখৰ যেন সিহঁত লগৰী আছিল। তিনিওটা মহৰ এনে মিত্রতা এটা লুভীয়া সিংহই খুব বেয়া পাইছিল। সিংহটোৱে মনে মনে ভাবিছিল, “সিহঁতৰ এনে বন্ধুত্বই মােৰ আশাটোক নিৰাশা কৰিছে।” লােদোৰ-পােদোৰ ম’হকেইটাক দেখি তাৰ জিভাৰ পানী পৰে। কিন্তু সিহঁতক মাৰে কেনেকৈ? এটাক মাৰিবলৈ গ'লে বাকী দুটাই তাৰ পেটু উলিয়াব। পিছে সিহঁতক পৃথক পৃথক কৰাও টান। কপট কুটিল প্রকৃতিৰ সিংহটোৰ বেছি দিন নালাগিল। হঠাৎ এদিন সিংহটোৱে দেখিলে যে তিনিওটা ম'হৰ এটা মহদলনিত অকলে অকলে ঘাঁহ খাই আছে। কুটিল চৰিত্ৰৰ সিংহটোৱে ম’হটোৰ ওচৰ চাপি গ'ল আৰু ক’বলৈ ধৰিলে– “সখি, আজিচোন অকলে! লগৰ দুটা ক’ত গ’ল?” সিংহৰ ভদ্রতা সূচক আচৰণত মহটো সন্তুষ্ট হ’ল আৰু উত্তৰ দিলে– “এৰা মই আজি অকলে আহিছোঁ। সিহঁত দুটা নদীত স্নান কৰিবলৈ গৈছে। হয়তাে আহি পাওঁতে পলম হ’ব।” এনেকুৱা সুবর্ণ সুযােগৰে অপেক্ষাত আছিল সি। সি সুযােগ বুজি মহটোক কলে— “অকলশৰীয়াকৈ জন্মিছা যেতিয়া অকলশৰে এদিন যাবও লাগিব। কোনাে কাৰাে নহয়। নহলেনাে বাৰু তােমাৰ বিৰুদ্ধে সিহঁত দুটাই ইমান বেয়া বেয়া কথা লগাব লাগেনে বাৰু? তুমিহে সিহঁত দুটাক বন্ধু বুলি ভাবা, সিহঁতে কিন্তু তােমাক আজিও ঘােৰ শত্ৰু বুলি জ্ঞান কৰে।” সিংহৰ কপট চলনা মহটোৱে বুজি নাপালে। সেইদিনাৰ পৰা সি সিহঁত দুটাৰ সংগ ত্যাগ কৰি অকলে অকলে থাকিবলৈ ললে। বাকী দুটা ম’হকো পৃথকে পৃথকে হকে বিহকে কৈ সিহঁতৰ মাজত বিভেদ সৃষ্টি কৰিলে। ফলত কিছুদিনৰ ভিতৰতে মহতিনিটাৰ মাজত মাতবােল নােহােৱা হ'ল আৰু মিলা-প্রীতিও নাইকিয়া হৈ পৰিল। কুটিল সিংহটোৱে ইয়াৰ সুৱর্ণ সুযােগ গ্রহণ কৰিলে আৰু ম'হ তিনিটাৰ মাংস দকচি-দকচি খালে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment