Wednesday, April 15, 2026
0 Shares

কুৰুৱা চৰাইৰ জন্ম

ই বহুদিনৰ আগৰ কথা। মিকিৰসকলে পৃথিৱীত ভগৱানৰ (হেম্আৰ) প্রথম সৃষ্টি হিচাপে মানুহ হৈ থাকিবলৈ লােৱাৰ সময়তে মিকিৰ সমাজত এহাল বুঢ়া-বুঢ়ীয়ে বাস কৰিছিল। তেওঁ লােকৰ লৰা-লুৰি কোনাে নাছিল। বুঢ়া-বুঢ়ীৰ আকালাে নাই ভৰালাে নাই, এনেকৈ বাস কৰিছিল। তেওঁলােকৰ মাজত কোনাে কালে কাজিয়া পেচাল নাছিল। ইজনক এৰি সিজনে এখন্তেকো থাকিব নেৱাৰিছিল।

কিন্তু হ’লে কি হব। তেওঁলােকৰ সংসাৰলৈ বিষাদৰ কলা-ডাৱৰ নামি আহিল। বুঢ়া-বুঢ়ীৰ এই মিলনৰ ৰং দেখি গাঁৱৰ মানুহ বােৰে দুচকু পাৰি দেখিব নােৱৰা হ’ল। সমাজৰ কাজ-কৰম (চোমাংকান্) আদিত দুয়াে বুঢ়া-বুঢ়ী সমানে গৈছিল। সেই চোমাংকানত সাধাৰণতে সকলােবােৰ গাঁৱৰ মানুহ লগ-লগাৰ হেতুকে তাত ঘৰুৱা নানা কথাৰ ভালকৈয়ে আলােচনা হয়। পুৰুষে পুৰুষৰ লগত আৰু তিৰোতাই তিৰোতাৰ লগত ঘৰৰ মেল পাতে। তাত বুঢ়ীক বুঢ়াৰ বিৰুদ্ধে সুযােগ পালেই অন্যান্য তিৰোতাই কথা লগায়, যাতে বুঢ়ীয়ে বুঢ়াক দুচকু পাৰি দেখিব নােৱৰা হয়। ইফালে গাঁৱৰ বুঢ়া-মেঠা আদিয়েও বুঢ়াক নানা ৰকমৰ কথা লগায় বুঢ়ীৰ বিৰুদ্ধে। কিন্তু আমাৰ বুঢ়া-বুঢ়ীৰ হ’লে কোনাে খবৰেই নাছিল। সিহঁতে জানিছিল যে “লােকৰ কথা নুশুনিবা, বাটত নাঙল নেচাঁচিবা।” এই নীতি-বচন ফাঁকিৰ কথাকে সাৰােগত কৰি দুয়াে লােকৰ কথাবিলাক একাণে শুনি ইকাণে উলিয়াই দিছিল আৰু কাজিয়া পেচাল নকৰিছিল। মানুহবােৰ কিন্তু শুদাই এৰা ভকত নাছিল। তেওঁলােকে সততে বুঢ়া-বুঢ়ীৰ মাজত কাজিয়া লগাবলৈ অহৰহ চেষ্টা কৰি আহিছিল। 

অৱশ্যে সেই চেষ্টা একেবাৰে অথলেও নগ'ল। কথাতে কয় “ঘঁহি থাকিলে শিলাে ক্ষয় যায়”—ই আৰু মানুহৰ মনহে। গতিকে বুঢ়া-বুঢ়ীৰ মনতাে লাহে লাহে ইজনৰ সিজনৰ প্রতি কপট ভাব সােমাল। তেওঁলােকৰ মাজতাে কাজিয়া-পেচালে ভালদৰে বাহ ললে। ঘৰ খনত অশান্তিয়ে দেখা দিলে। বুঢ়ীয়ে কিবা ভাল কাম কৰিলে, বুঢ়াই তাত ভুল ধৰে আৰু সেইদৰে বুঢ়াই কিবা এটা কাম কৰিলে বুঢ়ীয়ে তাত তৎক্ষণাৎ ভুল ধৰে। এইদৰে প্ৰায়ে কাজিয়া-পেচাল হৈ থকাৰ কাৰণে আগৰ দুয়ােৰে দুয়ােৰ প্রতি থকা মনৰ মৰম ভাৱবােৰ নােহােৱা হ'ল। এতিয়া যি বুঢ়াই বুঢ়ীক এক্ষন্তেক এৰিব নােৱাৰিছিল, সেই বুঢ়াই বুঢ়ীৰ লগত কথা বতৰা একেবাৰেই কমাই দিলে। বুঢ়ীয়ে কিবা এটা কথা সুধিলে বুঢ়াই ভেকাহি মাৰি দিয়ে আৰু বুঢ়ীয়েও সেইদৰে বুঢ়াক গালি শপনি পাৰে। 

এইদৰে এদিন কাজিয়া লগাত বুঢ়াই তেওঁৰ বন্ধু এজনৰ ঘৰত গৈ কেইবাদিনাে থাকিল গৈ। বুঢ়ীয়েও ইফালে ডাংকোপ মাৰি একো নােকোৱাকৈ অকলে ঘৰতে থাকিল। বুঢ়া ঘৰত নথকা অৱস্থাতে এদিন ৰাইজৰ সকলোবােৰ গঞাই মিলি মাছলৈ ওলাল। বুঢ়ীও ঘৰত অকলে অকলে থাকি আমনি লগাৰ কাৰণে মাছলৈ ওলাল। দুর্ভাগ্যবশতঃ লৰালৰিৰ কোবত শিমলু তুলাৰে বােৱা মেখেলাখনকে পিন্ধি মাছ মাৰিবলৈ গ'ল। মিকিৰসকলে হেনো আদিতে এই শিমলু গছৰ তুলাৰপৰাও কাপােৰ বৈছিল। ই বৰ পাতল আৰু পানীত তিতিলেই কাপােৰৰ আকৃতি নােহােৱা হৈ যায়। সেই বাবে মিকিৰসকলে সাধাৰণতে এই কাপােৰ ঘৰত হে ব্যৱহাৰ কৰিছিল। 

বুঢ়ীয়ে কথাষাৰ মন নকৰি সেই শিমলু (ফাৰকং) তুলাৰে বােৱা মেখেলা (পানীং) খন পিন্ধিয়েই মাছ মাৰিবলৈ বিলত নামিল। মানুহবােৰে আনন্দ মনেৰে মাছ মাৰিবলৈ ধৰিলে, মাছো পালে ঢেৰ। আমাৰ বুঢ়ীয়েও বহুত মাছ পালে। বিলত ঘূৰি ঘূৰি মাছ মৰা হ’লত মানুহবােৰ বিলৰপৰা উঠি দিহা দিহি যাবলৈ ওলাল। বুঢ়ীৰ তেতিয়াহে গালৈ হুচ আহিল। মেখেলাখনৰ অৱস্থা দেখি তাই লাজতে পানীৰপৰা উঠি আহিব নােৱাৰা হ'ল আৰু কাকো মুখ ফুটাই কথাষাৰ কবও নােৱাৰিলে। গতিকে তাই পানীৰ মাজতে থাকিব লগা হ’ল। বাকী মানুহবােৰে বুঢ়ীক ভাল নােপােৱাৰ কাৰণে কোনেও কি হ’ল বুলি এষাৰি মাতো নিদিলে। 

অৱশেষত বুঢ়ীয়ে উপায়ান্তৰ হৈ এজনী বুঢ়ীক কথাটো কলে আৰু বুঢ়াক খবৰ দিবলৈ কলে। কিন্তু সেই বুঢ়ী জনীয়ে ঘৰলৈ আহি হিংসাত এই কথা বুঢ়াক নকলে। বুঢ়ীয়ে পানীৰ মাজতে দিনটো কটালে গিৰিয়েকক মাতি মাতি। কিন্তু গিৰিয়েকৰ হ’লে কোনাে ভূ য়ে নাই। অৱশেষত নিজৰ কপালকে দূষি বুঢ়ীয়ে হেম্আৰনামক সুঁৱৰিবলৈ ধৰিলে। বুঢ়ীৰ কৰুণ কাকূতি হেম্আৰনামৰ কাণত পৰিল। হেম্আৰনামে তাইৰ কষ্ট লাঘৱ কৰিবলৈ তাইক চৰাইলৈ ৰূপান্তৰিত কৰিলে। তাই যদিও চৰাই হ’ল আৰু বুঢ়াই যদিও তাইক পাহৰি গ'ল, তথাপি তাই বুঢ়াৰ মৰমৰ কথা পাহৰিব নােৱাৰিলে। সেয়েহে আজিও বােধ হয় নৈৰ কাষত, বিলৰ কাষত, “অ’ ঐ, অ’ ঐ" কৰি বুঢ়াকেই মাতি থাকে। এতিয়াও তাই সেইদৰে বুঢ়াক কাপােৰ খুজি থাকে। 

প্রথমতে চৰাই জনীয়ে সকলাে সময়তে মাতি আছিল। কিন্তু এই কথাত হেম্আৰনামে আমনি পাই তাইক পৰ বুজি মাতিবলৈ হুকুম দিলে। সেই কাৰণে তাই তেতিয়াৰপৰা পৰ (সময়) বুজি বুজিহে আটাহ পাৰে। এনেকৈয়ে সেই হতভগীয়া বুঢ়ীজনীয়ে আজিৰ কুৰুৱা চৰাই।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment