Tuesday, March 17, 2026
0 Shares

চতুৰ কাউৰী

চতুৰ কাউৰী

গৰমৰ দিনবােৰত সকলাে জীৱ-জন্তুৰ পিয়াহত অণ্ঠ-কণ্ঠ শুকাই থাকে। তেতিয়া খাল-বিলৰ পানী খালে তৃষ্ণা দূৰ নহয়। তেনেকুৱা এট দিনতে এটা কাউৰী ৰ’দত উৰি-উৰি ভাগৰি পৰিছিল। ভাগৰুৱা কাউৰীটোৱে কিছু সময়ৰ পিছতে তৃষ্ণাতুৰ হৈ পৰিছিল আৰু চাৰিওফালে পানীৰ অনুসন্ধান কৰিছিল। কিন্তু কি হ’ব? বিচাৰি জানাে পানী পাব? বহু সময় বিচাৰি থাকোঁতে-থাকোঁতে এটা সময়ত কাউৰীটোৱে এঠাইত এটা কলহ দেখিলে। কাউৰীটোৱে ওচৰৰ পৰা লক্ষ্য কৰোঁতে দেখিলে যে তাত যৎসামান্য পানী আছে কিন্তু তাৰ সৰু ঠোটটোৰে ঢুকি নাপায়। কিন্তু উপায় ক’ত? কাউৰী বৰ চতুৰ চৰাই৷ সি বেছি সময় পানীৰ বাবে অপেক্ষা কৰিবলগীয়া নহ'ল। বুধিয়ক কাউৰীটোৱে ওচৰতে পৰি থকা সৰু শিল কিছুমান ঠোটেৰে আনি-আনি পানীত পেলাই দিলে। এটা সময়ত কলহৰ পানীখিনি ওপৰলৈ উঠি আহিছিল। এটা সময় আহিল, যেতিয়া কাউৰীটোৱে পানীখিনি ঠোটেৰে ঢুকি পােৱা হ'ল। বুধিয়ক কাউৰীটোৱে মনৰ হেঁপাহ পলুৱাই তৃষ্ণা দূৰ কৰিলে আৰু আনন্দ মনে আকাশৰ ফালে উৰি গৈছিল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment