Wednesday, April 15, 2026
0 Shares

চতুৰ গাধ

চতুৰ গাধ

একালত এখন হাবিত এটা গাধ আৰু এটা কুকুৰনেচীয়া বাঘ আছিল। কুকুৰনেচীয়া বাঘ চিকাৰত বেছি চোকা। বহুত জন্তুই তাক দেখিলেই পলায়। কিন্তু সেইদিনাখন গাধটোৱে ৰং মনেৰে পথাৰৰ কোমল ঘাঁহ খাই আছিল। সি কেতিয়াও ভবা নাছিল যে যি কোনাে মূহুৰ্তত তাক কুকুৰনেচীয়া বাঘটোৱে আক্ৰমণ কৰিব পাৰে। কিছুসময়ৰ পিছত সি অনুমান কৰিছিল যে তাক কোনােবাই অনুসৰণ কৰি আছে। এইবাৰ সি অলপ ভালদৰে ইফালে-সিফালে চাই পঠিয়ালে। এইদৰে চাওঁতে দূৰত চোপ লৈ থকা কুকুৰনেচীয়া বাঘটো দেখিলে। তেতিয়া গাধটোৱে এটা কৌশল কৰিলে। সি কুকুৰনেচীয়া বাঘটোক দেখুৱাই এনেকৈ খােজ কাঢ়িলে যে সি খােজ কাঢ়িবলৈ বৰ অসুবিধা পাই আছে। তেতিয়া কুকুৰনেচীয়া বাঘটোৱে ওচৰ চাপি আহিল আৰু গাধটোক সুধিলে- “হেৰা বন্ধু কৰবাত দুখ পালা হ’বলা? আজিচোন ভালদৰে খােজ কাঢ়িব পৰা নাই।” গাধটোৱে ক’লে–“এৰা নক’বা দিয়া। যােৱা কালি আহি থাকোতে মােৰ ঠেঙত এডাল মস্ত হুল সােমাল। মই আজিও উলিয়াব পৰা নাই। মই ভাবিছো তুমি মােক খাব আহিছা; কিন্তু মােক খালে কিজানি তােমাৰ ডিঙিত এইডাল হুলে বৰ অসুবিধা দিব। বেয়া নােপােৱা যদি হুলডাল উলিয়াই দিবা নেকি? কুকুৰনেচীয়া বাঘটোৱে গাধৰ ছলাহী কথাত ভােল গ'ল আৰু সি ভাবিলে– “এই হুলডালে ডিঙিত অসুবিধা কৰাটো বৰ টান নহয়।” সি গাধক ক'লে– “তুমি অলপ হালি দিয়া আৰু ঠেংখন মােৰ ফালে বেঁকা কৰি দিয়া। মই তৎক্ষণাত হুলডাল উলিয়াই দিম।” চতুৰ গাধই ঠেংখন বেঁকা কৰি দিয়াৰ চলেৰে বাঘটোৰ মুখত এনেকুৱা এটা কোব সােধালে যে লগে লগে তাৰ মুখত চাৰি-পাঁচটা দাঁত সৰি মাটিত পৰিল। ক্ষন্তেকতে গাধটোৱে সেই ঠাইৰপৰা অন্তর্ধান হ’ল। বেচেৰা কুকুৰনেচীয়া বাঘটোৱে কি হ’ল, কি নহ’ল তলকিবই নােৱাৰিলে। গাধক খােৱাও নহ’ল, দেহৰাে তাৰ ক্ষতি হ’ল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment