Wednesday, April 15, 2026
0 Shares

চোৰ আৰু কুকুৰ

চোৰ আৰু কুকুৰ

এখন গাঁৱত এটা চোৰ আছিল। চোৰটোৱে অ'ত-ত'ত চোৰ কৰি পেট প্ৰৱর্তায়। দিনৰ পােহৰ আঁতৰি যােৱাৰ লগে-লগেই সি চুৰ কৰিবলৈ সাজু হয়। নিশাৰ অন্ধকাৰ তাৰ প্ৰিয়। এদিনাখন সি চুৰ কৰিবলৈ গাঁওখনৰ এঘৰত প্রৱেশ কৰিলে। ধনী মানুহ ঘৰৰ এটা পােহনীয়া কুকুৰ আছিল। সি ভাবিলে, কুকুৰটোৰ মুখ বন্ধ কৰিব নােৱাৰিলে চোৰ কৰা অসম্ভৱ। হয় সি মোক বখলিয়াব নহ'লে পৰিয়ালক জগাই বিপদ ঘটাব। ইয়াকে ভাবি সি ক'ৰবাৰ পৰা কেইটুকুৰামান মঙহ আনি কুকুৰটোক খাবলৈ মাতিলে! কুকুৰটোৱে কিন্তু অলপাে লৰচৰ নকৰিলে আৰু চোৰটোক ক'লে- “তােক মই আগৰে পৰাই সন্দেহ কৰি আছিলোঁ। তােৰ মতলব ভাল নহয়। তােৰ প্ৰতি এতিয়া মােৰ সন্দেহ বেছিনিশ্চিত হ’ল। তই কেতিয়াও তােৰ স্বার্থ সিদ্ধি কৰিব নােৱাৰিবি। তৎক্ষণাত তই এই ঠাই ত্যাগ কৰ নহ'লে তােৰ সর্বনাশ কৰিম।” বেচেৰা চোৰটোৱে একো উপায় নেদেখি লগে লগে ঠাইখন ত্যাগ কৰিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment