Wednesday, April 15, 2026
0 Shares

টোকোৰা আৰু চিতল

সত্য কালৰ কথা। সেই কালত উৰণ আৰু বুৰণ এই দুইবিধ জন্তুৱে বাহ সাজি থাকিব নেজানিছিল। সেইবাবে সিহঁতৰ বৰ দুৰ্গতি দেখি সিহঁতৰ ভিতৰৰ বুঢ়া-মেঠাবিলাকে কি কৰা উচিত, এই কথা আলচ কৰিবলৈ এদিন মেল পাতিলে। মেলত স্থিৰ হ'ল যে সিহঁতৰ ভিতৰৰ পৰা দুজনক বিধাতাৰ ওচৰলৈ পঠিয়াই দিয়া হওক। বিধতাক সিহঁতে শোধকগৈ কেনেকৈ সিহঁতৰ ভাই-বন্ধু-গিয়াতিবোৰে বাহ সাজি থাকিব। চৰাইবোৰে টোকোৰাক আৰু মাছবোৰে চিতলক বিধতাৰ ওচৰলৈ পঠিয়াই দিলে। সিহঁতে বাটকুৰি বাই গৈ গৈ বিধতাৰ ওচৰ পালত বিধতাই সিহঁত কিয় আহিছে, কি লাগে বুলি সুধিলে। দুয়ো আঁঠু লৈ বিধতাক নিজৰ নিজৰ দুখ-দুর্গতিৰ কথা ভাঙি-পাতি ক’লত মাছ, আৰু চৰাইবোৰে কেনেকৈ বাহ সাজি নিৰাপদে থাকিব লাগে সেই বুধি বিধতাই চিতল আৰু টোকোৰাক শিকাই দিলে।

ইয়াৰ পিছত দুয়ো বিধতাৰ ওচৰত মেলানি মাগি ঘৰমুৱা হৈ খোজ ললে। বাটত টোকোৰাই চিতলক ক'লে, “চিতল ককাই, মোৰ মনত কথা এটা খেলাইছে, জানো, তুমি কি বোলা?” চিতলে উত্তৰ দিলে, “মোৰো মনত তেনেকুৱা কিবা এটা কথা খেলাইছে। আগেয়ে তোমাৰটো শুনি লওঁ, তাৰ পিছত মোৰটোও তোমাক কম।” টোকোৰাই ক'লে, “ককাই। আমি ইমান দুখে-ভাগৰে বিধতাৰ ওচৰলৈ আহি বাহ সজা শিকি লৈছোঁ। আমিনো আনক আমাৰ বুধিটো শিকাওঁ কেলেই? কোননো আমাৰ বুকুৰ বান্ধ, কোননো আমাৰ আইৰ ফালৰ কুটুম যে তাক আমাৰ দুখৰ আৰ্জ্জনফেৰা দিম? ছল পালেই সেই মুখত পোক-লগা হতছিৰি হোৱা কাউৰীয়ে মোক খেদাত তৎ এৰুৱায়। মই বোলো বুধিটো কাকো নিশিকাওঁহঁক। তুমি কি বোলা?” এই কথা শুনি চিতলে জপিয়াই উঠি ক'লে, “ঠিক কৈছা টোকোৰা ভাই! ঠিক কৈছা! মইও তোমাক তাকেহে কম বুলি ভাবি আহিছিলোঁ। তুমিও কাকো নিশিকাবা আৰু ময়ো কাকো নিশিকাওঁ। আমি সিহঁতক কম, বিধতাক আমি পোনতে লগকে ধৰিব নোৱাৰিলোঁ। খাপ লৈ লৈ, খাপ লৈ লৈ অনেক দিনৰ মূৰত অনেক পুৰুষাৰ্থ কৰি যিওবা এবাৰ তেওঁক লগ ধৰি আমাৰ দুখৰ কথা ক’লত বিধতাই আমাক ডবিয়াই হুঁকিয়াই খেদি দিলে।”

এইদৰে দুয়ো বুধি পাতি আহি ঘৰ ওলালত চৰাইবোৰে টোকোৰাক আৰু মাছবোৰে চিতলক “কি গুণ, কি বেৱস্থা শিকিলি, কি বুজিলি” বুলি সুধিলত দুয়ো মিছাকৈ চকুৰপানী টুকি ক'লে, “ককাইহঁত। আমাৰ দুখৰ কথা আৰু কি কম? কোনে পতিয়াব? যাকে কম সেয়ে লথিয়াব। প্ৰথমতে গৈতো বিধতাৰ ওচৰকে চাপিব নোৱাৰিলোঁ। বিধতাৰ ঘৰৰ দুৱাৰমুখ পালতে দুৱৰীয়ে গতাৰ তাপত মূৰ ছিঙিবলগীয়া কৰিলে। তাৰ পিছত তিনদিন ওচৰতে লেকাত লাগি শুকাই উধাই খাপ দি পৰি আছিলোঁ। তিনিদিনৰ মূৰত এবাৰ বিধতাক বাহিৰলৈ ওলাই অহা দেখি উঠি গৈ কান্দি-কাটি ভৰিত দীঘল দি পৰি আমাৰ দুখৰ কথা ক’লত, তেখেতে অমাৰ দুখ পতিয়াওক ছাৰি ডবিয়াই হুঁকিয়াই আমাক খেদিহে দিলে।”

টোকোৰা আৰু চিতলৰ এই কথা শুনি ৰাইজে দুখ বেজাৰ কৰি থাকিল। কিন্তু লাহে লাহে দেখা গ'ল, টোকোৰাই কাকিনি তামোলৰ আগত আৰু চিতলে বৰ ডুবিৰ অগাধ দ পানীত সুন্দৰকৈ বাহ সাজি কণী পাৰি সপৰিয়ালে মহাসুখেৰে আছে। এই কথা দেখি মাছ আৰু চৰাইবোৰে বুজিব পাৰিলে যে চিতল আৰু টোকোৰাই বিশ্বাসঘাতকতা কৰিলে। সিহঁতৰ বৰ খং উঠিল। চৰাইবোৰে টোকোৰাৰ চুলিকোছাত ধৰি তাক চেঁচোৰাই আনি গতিয়াই ভুকুৱাই বেজান কৰি ক'লে যে, “তোক আমি একেবাৰেই বধ নকৰোঁ, কিন্তু বিশ্বাসঘাতক আৰু মিতিৰ দ্রোহীয়াক উপযুক্ত শাস্তি নিদি নেৰোঁ। সেইদেখি আমি এটায়ে তোৰ মুখত একোটাকৈ লাথি মাৰি যাম।” এই বুলি যত চৰাই আছিল এটাই বোৰে গাইপতি টোকোৰাৰ মূৰত এটা-এটাকৈ লাথি মাৰি গ'ল। লাথিৰ কোবত টোকোৰাৰ মূৰৰ চুলি সৰি মূৰ টকলা হ’ল। সেইদেখি তেতিয়াৰে পৰা টোকোৰাৰ মূৰত চুলি নাই।

মাছবোৰেও চিতলক সেইদৰে কৈ তেনেকুৱা শাস্তি দিলে। সেইদেখি এটাইবোৰ মাছৰ লাথি খোৱা বাবে চিতলৰ মূৰটো সৰু আৰু চেপেটা হ’ল আৰু গাটোও চেপেটা পৰিল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment