Wednesday, April 15, 2026
0 Shares

ঢেঁকী দিয়া চৰাইৰ জন্ম

অতীজতে মিকিৰ সমাজত এহাল মানুহৰ দুজনী জীয়েক আছিল। তাৰ বাহিৰে সেই মানুহ হালৰ সংসাৰত আপােন বুলিবলৈ কেও কিছু নাছিল। সেয়ে মানুহ হালে জীয়েক দুজনীক বৰ মৰম কৰিছিল। যথা সময়ত বৰজনীৰ এঘৰ ধনী মানুহৰ ঘৰত বিয়া হ’ল আৰু সৰুজনীৰ হ’ল এজন সাধাৰণ মানুহৰ ঘৰত। অৱশ্যে মানুহ জন দুখীয়া বুলিও কথমপি বছৰ জুৰি খাবলৈ খেতিয়ে জুৰিছিল। এইদৰে দুয়ােজনী বায়েক ভনীয়েকে নিজ নিজ ভাগ্য অনুসাৰে দিন নিয়াবলৈ ধৰিলে। 

কালক্ৰমত বুঢ়া-বুঢ়ী সিফলীয়া হ'ল। তেওঁলােকৰ মৃত্যুৰ পিচত যি অলপ অচৰপ সা-সম্পত্তি আছিল তাক বৰজনা জোঁৱায়েকে নানা ছল-চক্রান্ত কৰি বুঢ়া-বুঢ়ীৰ ভাগী-যুগীক বঞ্চিত কৰি আত্মসাৎ কৰিলে। মিকিৰ সমাজত এঘৰলৈ উলিয়াই দিয়া জীয়াৰী বােৱাৰীৰ মাক-পিতাকৰ কোনাে সম্পত্তিতে হাত নেথাকে। সেয়ে তেওঁ লােকৰ মৃত্যুৰ পিচত মৃতকৰ ধন-সম্পত্তিবােৰ গাঁৱৰ অঙহী-বঙহীয়ে পায়। অৱশ্যে ঘৰ-জোৱাই ৰাখিলে ওপৰৰ কথাখিনি নেখাটে। তেতিয়া কন্যাৰ যােগেদি জোঁৱায়েকে সকলাে সম্পত্তি পায়। কিন্তু এই প্ৰথাটো মিকিৰ সমাজত একেবাৰেই নাই বুলিব পাৰি। 

ইফালে নিয়তিৰ কুটিল পৰিহাসত সৰু জনীৰ গিৰিয়েক ঢুকাল। তেতিয়া তাই কণ কণ ল'ৰা-ছােৱালী কেইটা লৈ অঠাই সাগৰত পৰিল। তাই কোনােমতে ইয়াৰ ঘৰত তাৰ ঘৰত ধান চাউল খুন্দি দি লৰা-ছােৱালী কেইটাৰে সৈতে অতি দুখত দিন নিয়াবলৈ ধৰিলে আশা বুকুত বান্ধি লৈ। কেতিয়াবা সুখৰ মুখ দেখিবলৈ পাম বুলি আশাতে জীয়াই আছিল। 

শেষত গৈ তাই নিগাজিকৈ অতি আপােনজন বুলি ভাবি বায়েকৰ ঘৰতে সদায় সুখে দুখে ধান খুন্দি দি দিনৰ আহাৰ দিনে মুকলি কৰিবলৈ ধৰিলে। বায়েকে প্ৰথমতে ভনীয়েকক বৰ মৰম কৰিছিল। শেষত গৈ ধনৰ অহংকাৰত পৰি তাইক ভাল চকুৰে নােচাৱা হ’ল। ভনীয়েকৰ লৰা-ছােৱালী কেইটা দেখিলেই বায়েকৰ মনলৈ ঈর্ষাৰ ভাব আহিছিল। ভনীয়েকৰ লৰা-ছােৱালী কেইটা দুখীয়া ঘৰৰ লৰা-ছােৱালী বুলিও বায়েকৰ লৰা-ছােৱালী কেইটাতকৈ দেখনিয়াৰ আৰু চালে চকুৰােৱা আছিল। বােধহয় তেনেকুৱা ৰূপহ লৰা-ছােৱালী মিকিৰ সমাজত আজিও ওপজা নাই। 

দিন পুৰণি হৈ যােৱাৰ লগে লগে ভনীয়েকৰ প্রতি বায়েকৰ ব্যৱহাৰো কঠুৱা হৈ আহিবলৈ ধৰিলে। ভনীয়েকেও অন্য উপায় নেদেখি কোনোমতে লৰা-ছােৱালী কেইটাৰ বাবে সদায় বায়েকৰ ঘৰলৈ ধান খুন্দিবলৈ আহিব ধৰিলে। ইফালে দিনৰ দিনটো ধান খুন্দি গধূলি ঘৰলৈ উভতিবৰ সময়ত বায়েকে দিয়ে অকাৰী চাউল এমুঠি। তাকে বহুত বুলি লৈ, নিজৰ কপালকে ধিক্কাৰ দি ভনীয়েক ঘৰলৈ যায়গৈ। বায়েকক যদিও মুখ ফুটাই একো কব নােৱাৰে, মনত কিন্তু তাইৰ পেটে পেটে বৰ দুখ। দুখনাে নেলাগিব বাৰু কাৰ? তেনেকৈ চকুৰ আগতে ঠগালে তেজ-মঙহৰ মানুহে কেতিয়াও সহ্য কৰিব নােৱাৰে। এইদৰে কিছুদিন যােৱাৰ পিচত ভগৱানৰ অভিশাপত সেই চকুচৰহা মানুহজনী এজনী চৰাই হ’ল। 

তাই যদিও চৰাই হ’ল, তথাপি ভগৱানৰ অভিশাপ স্বৰূপে যেতিয়া গােটেই জগত নিস্তব্ধ, তেতিয়া বিৰাম-বিহীনভাৱে ধান খুন্দিবলগা হ’ল। সেয়ে ৰাতি গাঁৱৰ পৰ্বতৰ বুকুত ঢেং-ঢং ক্লো, ঢেং-ঢং ক্লো' এই শব্দৰে আজিও ধান খুন্দিব লাগিছে। 

ইফালে সৰুজনীয়ে ন্যায়ত চলাৰ বাবে নিজৰ লৰা-ছােৱালীক ডাঙৰ দীঘল কৰি ঘৰ-সংসাৰ পাতি দি হেম্আৰনামৰ গুৰিলৈ গ'ল। এনেকৈয়ে ঢেঁকী দিয়া চৰাইৰ সৃষ্টি হ’ল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment